
জিপ্চী সম্প্ৰদায়, এক অৱলোকন – অলকা মহন্ত বৰুৱা
জিপ্চী হৈছে এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমণ কৰা লোকৰ এটা দলৰ সদস্য, তেওঁলোক সাধাৰণতে কাৰাভানত এটা ঠাইৰ পৰা আন এটা ঠাইলৈ সলনি কৰি থাকে ৷ ‘জিপ্চী’ শব্দটো যাযাবৰসকলকে বুজাবলৈ ব্যৱহাৰ কৰা হয়৷ যাযাবৰসকলৰ কোনো স্থায়ী ঘৰ নাই, তেওঁলোকে গাওঁ, চহৰ নিৰন্তৰ চলাচল কৰি থকা এটা জাতি৷ যিয়েই নহওঁক, তেওঁলোক সকলোৱে দৰাচলতে এক থলুৱা ভাৰতীয় জাতিগোষ্ঠী, যি প্ৰায় দশম শতিকাত উত্তৰ ভাৰতৰ পৰা প্ৰব্ৰজন কৰিছিল, আৰু সমগ্ৰ বিশ্বত বিয়পি পৰিছিল আৰু বিভিন্ন নামেৰে পৰিচিত হৈছিল৷কিছুমান জিপচিয়ে এই নামটোত আপত্তি কৰে,আৰু ৰোমানী বুলি কোৱাতো পছন্দ কৰে, কাৰণ প্ৰায়ে মানুহে বৰ্ণবিদ্বেষী অপবাদ হিচাপে এই শব্দটো ব্যৱহাৰ কৰিছিল৷জিপচিসকলক, ইউৰোপত ৰোমানি লোক বুলি কোৱা হয়৷ ৰোমানীসকলৰ আটাইতকৈ ঘনীভূত জনসংখ্যা মধ্য, পূৱ আৰু দক্ষিণ ইউৰোপত অৱস্থিত৷ অৱশ্যে, প্ৰায় প্ৰতিটো গৱেষণাই ভাৰতীয় উপমহাদেশতে...