
ভাওনা হওক সুশৃংখল আৰু সু-নিৰ্দিষ্ট চিন্তাৰ প্ৰতিফলন (ত্ৰিলোক বৰা)
এটা জাতিৰ সংস্কৃতি সমৃদ্ধ হয় তেতিয়া, যেতিয়া পৰম্পৰা ৰক্ষাৰ তাগিদাত সংস্কৃতি চৰ্চা নহৈ ইয়াৰ গতিক সঠিক পথেৰে আৰু ক্ষীপ্ৰতাৰে লৈ যোৱাৰ নিৰন্তৰ সাধনা অব্যাহত থাকে৷ এনে উচ্চ মানৰ সংস্কৃতিৰ সাধনাই এখন দেশক বা এটা জাতিক দিয়ে সুশৃংখল সমাজ ব্যৱস্থা, পবিত্ৰ জাতীয়তাবোধ, প্ৰগতিশীল মন আৰু কৰ্তব্যবোধ৷ কিন্তু বিশ্লেষাত্মক দৃষ্টিভংগীৰে নিৰীক্ষণ কৰিলে দেখা যায় যে পৰম্পৰাৰ ধাৰা বোৱাই ৰখাৰ স্বাৰ্থত কৰা সংস্কৃতি এক-ঘেয়ামী হয়৷ যি কেতিয়াও জনপ্ৰিয়তাৰ উচ্চ সীমা স্পৰ্শ কৰিব নোৱাৰে৷ বৰঞ্চ এনে সংস্কৃতি এমুঠিমান মানুহে টানি-আঁজুৰি ধৰি ৰখা সংস্কৃতিত পৰিণত হয়৷ উল্লিখিত কথাখিনিৰ মাজলৈ অিনচ্ছাসত্ত্বেও ভাওনাক আনি শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰি থৈ যোৱা সোণসেৰীয়া সংস্কৃতিৰ নান্দনিক গতিক অধিক মনোগ্ৰাহী কৰাৰ স্বাৰ্থত এই লিখনি আমাৰ অপৈণত চিন্তাৰ ক্ষুদ্ৰমান প্ৰয়াস মাথোঁ৷পাঁচশ বছৰৰ পূৰ্বে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ...