CURRENT TOPIC – Page 43 – Purbodix.com

CURRENT TOPIC

নাৰীৰ অধিকাৰৰ স্বাৰ্থত আইন    (মুখলিছা ফাৰহানা ৰহমান)

নাৰীৰ অধিকাৰৰ স্বাৰ্থত আইন (মুখলিছা ফাৰহানা ৰহমান)

CURRENT TOPIC
অধিকাৰ বুলিলে আমি বুজো যে পুৰুষ-মহিলা উভয়ে ভোগ কৰিব পৰা স্বাধীনতা৷ সকলো মানুহেই জন্মগতভাৱে স্বাধীন, সম মানদণ্ডৰ আৰু সম অধিকাৰৰ অংশীদাৰী৷ভাৰতবৰ্ষত স্বাধীনতাৰ সময়ৰ পৰাই মহিলাসকলে ভোটাধিকাৰ লাভ কৰে৷ ১৯৯২ চনৰ ৩১ জানুৱাৰীত ৰাষ্ট্ৰীয় মহিলা আয়োগ গঠন কৰা হৈছিল৷ ইয়াৰ অধীনত সকলো ৰাজ্যত ৰাজ্যিক মহিলা আয়োগ গঠন কৰা হয়৷ এই আয়োগে মহিলাসকলৰ সাংবিধানিক বা অন্যান্য সকলো অধিকাৰ সুনিৰ্দিষ্ট কৰাৰ লগতে মহিলাসকলৰ সকলো প্ৰকাৰৰ অভিযোগৰ প্ৰতি দৃষ্টি ৰখা, সকলো প্ৰকাৰৰ সা-সুবিধা প্ৰদান কৰা আৰু মহিলাসকলক নিজৰ সকলো অধিকাৰৰ প্ৰতি সজাগ কৰি ৰাখে৷নাৰীসকলৰ অধিকাৰ সুনিশ্চিত কৰিবলৈ আমাৰ দেশৰ সংবিধানত বহুতো উল্লেখযোগ্য অনুচ্ছেদৰ অন্তভুৰ্ক্ত কৰা হৈছে৷ সংবিধানত উল্লেখ থকা কিছুমান অনুচ্ছেদ হ’ল ১৪ নং অনুচ্ছেদ ঃ সমতাৰ অধিকাৰ ঃ ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত বসবাস কৰা যিকোনো ব্যক্তিক আইনৰ দৃষ্টিত সমান বা আইনসমূহৰ দ্বাৰা ...
লোকবাদ্য গগনা  (কৰবী বৰ্মন কলিতা)

লোকবাদ্য গগনা (কৰবী বৰ্মন কলিতা)

CURRENT TOPIC
সংগীতময় উৎসৱ বিহুত বাদ্যযন্ত্ৰৰ গুৰুত্ব অপৰিসীম৷ গছৰ তলত মুকলি মনেৰে আনন্দ কৰি পতা বিহু বৰ্তমান সময়ত শিল্পীৰ মঞ্চৰ বিহু হৈছেগৈ৷ বিহু সাংস্কৃতিক বৈশিষ্ট্যৰে ভৰপূৰ অসমৰ কৃষিভিত্তিক জাতীয় উৎসৱ৷ বাদ্যযন্ত্ৰৰ জৰিয়তেহে বিহুগীত আৰু বিহু নৃত্যৰ স্বকীয়তা ফুটি উঠে৷ বিহু মাৰোতে ব্যৱহাৰ কৰা বাদ্যবোৰৰ অন্যতম হ’ল- গগনা৷গগনা বিহুগীত আৰু বিহুনৃত্যৰ সতে ব্যৱহাৰ হোৱা এক হাৰ্পজাতীয় প্ৰাচীন বাদ্যযন্ত্ৰ৷ মুখত লৈ বজোৱাৰ বাবে ইয়াক জ’ হাৰ্প বুলি কোৱা হয়৷ গগনা অসমৰ মংগোলীয় জনগোষ্ঠী বিলাকৰ উল্লেখনীয় অৱদান৷ গগনাৰ বিভিন্ন আকাৰক লৈ আৰু বিভিন্ন জনগোষ্ঠীয় ভাষাক লৈ ৰামধন গগনা, শালিকী গগনা আদি বিভিন্ন নামেৰে জনা যায় আৰু প্ৰত্যেক গগনাৰে মাত বেলেগ বেলেগ হয়৷ যিহেতু গগনা এবিধ এক সুৰবদ্ধ বাদ্য ইয়াৰ মাতো স্থিৰ৷ স্বৰমানৰ গগনাৰ মাত অতি সুৰীয়া সেয়েহে ই বিহু নাচনীৰ বৰ আদৰৰ বাদ্য৷আগলি বাঁহৰ লাহৰি গগনাই এক বিশেষ স্থা...
ড॰ নিৰ্মলপ্ৰভা বৰদলৈৰ গীতত ব’হাগৰ বতৰা  (দিপাংকৰ গগৈ)

ড॰ নিৰ্মলপ্ৰভা বৰদলৈৰ গীতত ব’হাগৰ বতৰা (দিপাংকৰ গগৈ)

CURRENT TOPIC
অসমৰ মাটিৰ বুকুত, প্ৰতিজন অসমীয়াৰ হৃদয়ৰ পৰা স্বতঃস্ফূৰ্তভাৱে নিঃসৃত হোৱা প্ৰিয়তম আৰু সৰ্বশ্ৰেষ্ঠ শব্দটোৱেই বোধহয় ব’হাগ৷ অসমৰ আৰু অসমীয়াৰ বাবে স্বাভিমান, অহংকাৰ, গৌৰৱ আৰু আত্মপৰিচয়ৰ প্ৰতীকো এই ব’হাগেই৷ ব’হাগৰ এই অনন্য অনুভূতি,  গৌৰৱ গাঁথা, অহংকাৰক কেন্দ্ৰ কৰি যুগে যুগে সৃষ্টি হৈ আহিছে অলেখ, অজস্ৰ বিহুনাম, বিহুগীত৷ ব’হাগৰ আগমনত চহাৰ সবল প্ৰাণত সাৰ পাই উঠা এই বিহুনাম, বিহুগীতসমূহত দেখা যায় প্ৰকৃতিৰ অনুপম ৰূপ- সুধাৰ বৰ্ণনা, প্ৰেম-বিৰহৰ গাঁথা, সমসাময়িক ঘটনা-পৰিঘটনাৰ প্ৰতি২৬বি৷ বিহুৰ এই বিনন্দীয়া ৰূপ আৰু গৰিমাক কেন্দ্ৰ কৰি আমাৰ কবি, সাহিত্যিক, গীতিকাৰ, শিল্পীসকলেও সৃষ্টি¸ কৰি থৈ গৈছে বহু কালজয়ী চিত্তাকৰ্ষক ৰচনা৷ এই লেখাত ব’হাগকলৈ ৰচনা কৰা ড॰ নিৰ্মলপ্ৰভা বৰদলৈৰ কেইটামান বাচকবনীয়া গীতৰ বিষয়ে চমু আৱলোকন কৰিবলৈ চেষ্টা কৰা হ’ব৷আধুনিক অসমীয়া গীতি-সাহিত্যক ভাব-ভাষা, ৰূপ-ৰসেৰে সমৃদ...
সাংবিধানিক আইন আৰু সু-নাগৰিক  (ড॰ চিত্তৰঞ্জন বৰুৱা)

সাংবিধানিক আইন আৰু সু-নাগৰিক (ড॰ চিত্তৰঞ্জন বৰুৱা)

CURRENT TOPIC
কেৱল ভোটাধিকাৰ সাব্যস্তকৰণেৰে নিজ দায়িত্ব আৰু কৰ্তব্য পালনৰ সচৰাচৰ দিশৰ দোহাই দি, অধিকাৰ ভোগৰ বাবে তৎপৰ হোৱা, এই সংকীৰ্ণ অৰ্থৰ সু-নাগৰিকৰ ধাৰণাৰ পৰা আঁতৰি অহাৰ সময় সমাগত৷ ই কেৱল সচৰাচৰ কাৰ্যত নামমাত্ৰ বিষয়ক বা নাগৰিক হোৱাৰ নামমাত্ৰ দিশ৷এজন সু-নাগৰিকৰ যথাৰ্থতা কেৱল ৰাজনৈতিক চেতনাযুক্ত আচৰণ, ৰাজনীতিৰ তালিবাজি অথবা ধুৰ্ত সঞ্চাৰনশীলতা তথা অশুভ দিশৰ অংশীদাৰ নহয়৷ ক্ষমতাৰ সচ্চলতাও প্ৰকৃত নাগৰিকৰ সজ্জিত নীতি নহয় বা হ’ব নোৱাৰে৷ একেদৰে ৰাজনীতি দেশ তথা দেশৰ সেৱা-শাসন নীতিৰ অপবাদৰ দিশ কেৱল উন্মোচিত কৰা, ৰোজগাৰ-ব্যক্তিত্ব (Professionalism) ক সু-নাগৰিকৰ শাৰীত ধৰা অনুচিত৷ উল্লেখ থাকিল মহান-মহামানৱ-মনীষী¸ সমাজ নাগৰিক অথবা সু-নাগৰিক সমাজৰ পৰা পৃথক নতুবা সেই সমাজক একাকাৰ কৰা নহয়৷ মনীষী সমাজৰ চিন্তাৰ ব্যাপ্তিৰ দিশেই সেইসকলক সাধাৰণৰ পৰা পৃথক কৰে৷ অতি বাস্তৱ দিশেৰে বিশ্লেষণ কৰিলে সু-নাগৰিকৰ মন...
বিহু সন্মিলন আৰু প্ৰতিযোগিতাৰ প্ৰাসঙ্গিকতা  (দেবেন চন্দ্ৰ বৰা)

বিহু সন্মিলন আৰু প্ৰতিযোগিতাৰ প্ৰাসঙ্গিকতা (দেবেন চন্দ্ৰ বৰা)

CURRENT TOPIC
‘‘বিহুটি নামেৰে          তিনিটি আখৰেকোনে লিখি গ’ল শিলত,ঘূণেও নধৰে            মামৰেও নধৰেআছে অসমীয়াৰ প্ৰাণত৷’’সঁচাকৈয়ে বিহু অসমীয়াৰ প্ৰাণ, অসমীয়াৰ স্বাভিমান৷ বিহু অসমৰ জাতীয় উৎসৱ, যাৰ লগত জাতীয় জীৱনৰ সকলো আশা আকাংক্ষা, ৰং-আনন্দ, আবেগ-অনুভূতি ওতঃপ্ৰোতভাৱে জড়িত৷ বিহুক বাদ দি অসমীয়া জাতিৰ কৃষ্টি-সংস্কৃতি, সভ্যতা আৰু সাহিত্যৰ পথাৰখন উৰুঙা হৈ ৰ’ব৷ বিভিন্ন জাতি-জনজাতি, কৃষ্টি-সংস্কৃতিৰ সংমিশ্ৰণত গঢ়ি উঠা অসমীয়া সংস্কৃতি এখন জীপাল তথা বিশাল পথাৰ৷ কিন্তু বহুতে ভাবে বিহু নিৰ্দ্দিষ্ট এটা ধৰ্মাৱলম্বী লোকৰহে উৎসৱ৷ কিন্তু এই ধাৰণা ভুল৷ কাৰণ অসমত বাস কৰা সকলো অসমীয়াই বিহুক নিজৰ বুলি ভাবিলেহে আমি বৰ অসম গঢ়িব পাৰিম৷ যিহেতুকে বিহু ঐক্য-সম্প্ৰীতিৰ উৎসৱ৷ বিহু সাৰ্বজনীন হোৱাটো বাঞ্চনীয় বিভিন্ন...
অসমীয়া জাতি গঠনত বিহুৰ ভূমিকা (অৰূপজ্যোতি হাজৰিকা)

অসমীয়া জাতি গঠনত বিহুৰ ভূমিকা (অৰূপজ্যোতি হাজৰিকা)

CURRENT TOPIC
.অৱতৰণিকা ঃ ‘‘ লুইতৰ বালিতে কঁহুৱা ফুলিছেফুলিছে শিমলু ফুলব’হাগী আয়ে সকলোকে আদৰেনাই কোনো জাতি কুল৷’’অসম বিভিন্ন জাতি-জনগোষ্ঠীৰে ভৰপূৰ এখন ৰাজ্য৷ এই লোকসকল হ’ল বড়ো, ৰাভা, কছাৰী, চুতীয়া, মৰাণ, মটক, কোঁচ, মেচ, ডিমাচা, মিচিং, দেউৰী, সোণোৱাল-কছাৰী, তিৱা, কাৰ্বি, কুকি আদি জাতি-জনজাতি সম্প্ৰদায়ৰ লোক৷ এইসকল লোকক লৈয়েই বৰ অসম গঠন হৈছে, এই গঠন প্ৰক্ৰিয়াৰ লগত জড়িত হৈ আছে এটা জাতীয় উৎসৱ৷ এই জাতীয় উৎসৱে সেই জাতিৰ জাতীয় চৰিত্ৰ বহন কৰে৷ সেইবাবেই কোৱা হয় অসমৰ জাতীয় চৰিত্ৰই প্ৰাধান্য পাইছে বিশেষভাৱে ব’হাগ বিহুতেই৷ তিনিওটা বিহুতেই বিহু উৎসৱৰ সাত্বিকতা পৰিলক্ষিত হয় যদিও বিশেষকৈ ব’হাগ বিহুৰ মাজতেই বিহুৰ প্ৰকৃত স্বৰূপ নিহিত হৈ আছে৷ এই বিহুৱেই সংস্কৃতি-সমন্বয়ৰ প্ৰতীক বা সমন্বয়ৰ এনাজৰী হৈ বিনাচৰ্তে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত বিশেষ অৰিহণা যোগাইছে৷বিভিন্ন জাতি-জনগোষ্ঠীৰ বিহু ঃ বিহু হৈছে বিভিন্ন জ...
নাৰী ঃ এক জীৱন্ত দলিল (জ্যোতিকা ৰাজখোৱা বৰা)

নাৰী ঃ এক জীৱন্ত দলিল (জ্যোতিকা ৰাজখোৱা বৰা)

CURRENT TOPIC
পৃথিৱীত যেতিয়াৰেপৰা নাৰী আৰু পুৰুষৰ সৃষ্টি হৈছে, তেতিয়াৰেপৰা কোনেও নাৰী আৰু পুৰুষ দুটা ভিন্ন সৃষ্টি বা পুৰুষতকৈ নাৰীক হীন চকুৰে চোৱা নাছিল৷ আদিম কালত নাৰীসকলেই সমাজখনৰ মূল গুৰি ধৰোতা আছিল কিন্তু যিমানেই সমাজৰ অগ্ৰগতি হ’ল সিমানেই নাৰীৰ স্থান তল হ’বলৈ ধৰিলে৷ সমাজখন পুৰুষপ্ৰধান হ’ল আৰু নাৰীক পুৰুষৰ হাতৰ পুতলা সজাবলৈ ধৰিলে৷ এনে কিছুমান বৈষম্য দৃষ্টিগোচৰ হোৱাত কিছু লোকে সৃষ্টি কৰিলে এক আন্দোলন৷ যি আন্দোলনে নাৰীক নাৰী হিচাপে নহয়, মানুহ হিচাপে জীয়াই থকাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিছিল৷সেই আন্দোলন বা দৰ্শনেই হ’ল নাৰীবাদ৷ নাৰীবাদৰ ইংৰাজী প্ৰতিশব্দ Feminism৷ ই সমাজখনৰ সকলো নাৰীক প্ৰতিনিধিত্ব কৰে৷ যদিও বহুতো পুৰুষেই নাৰীক দমন কৰি আহিছে, কিন্তু নাৰীবাদীসকলো মূলত পুৰুষ বিদ্বেষী নহয়৷ মানৱতাবাদী৷নাৰীবাদে নাৰী আৰু পুৰুষক মানুহ হিচাপেহে অভিহিত কৰিছে৷ দুটা জাতি হিচাপে নহয়৷ নাৰী কেৱল পুৰুষৰ ভোগৰ ...
ঘৰুৱা ছালৰ যতন (পূজা বৰা)

ঘৰুৱা ছালৰ যতন (পূজা বৰা)

CURRENT TOPIC
ছালৰ যতন লোৱাটো আমাৰ বাবে জৰুৰী৷ ঠাণ্ডা দিনত আমাৰ সকলোৰে ছালবোৰ প্ৰায়েই শুকান হৈ যায়৷ সেয়ে ঠাণ্ডা দিনত ছালৰ যতন লোৱাটো অতি জৰুৰী৷ আৰু গৰম কালতো ছালবোৰ বহুত তেলেতীয়া হৈ যায়৷ সেয়ে ঘৰুৱাভাৱে ছালৰ কেনেদৰে যতন ল’ব পাৰি সেই সম্পৰ্কে তলত উল্লেখ কৰা হ’ল–(1) বৰ্তমান সময়ত কমলাটো অতি সহজতে পোৱা যায়৷ যাক ছালৰ ক্ষেত্ৰত বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰি৷ আমি জানো যে ভিটামিন চি ছালৰ বাবে বহুত উপযোগী আৰু কমলাত সেই ভিটামিন চি বহু পৰিমাণে পোৱা যায়৷ কমলাৰ ৰস উলিয়াই তাৰ লগত নেমু ৰস এচামুচ, গোলাপ জল আৰু অলপমান গ্লিছাৰিণ মিহলাই প্ত-১০ মিনিট যদি আমি ছালত লগাও তেতিয়া ছালৰ শুকান ভাবটো নাইকীয়া হয় আৰু ছালৰ উজ্জ্বলতা বাঢ়ে আৰু অকল কমলাৰ এফোটা লৈও যদি আমাৰ মুখত মাছাজ কৰোঁ তেতিয়াও তাৰ পৰা বহুত সুফল পোৱা যায়৷(২) আমি জানো যে আমাৰ শৰীৰৰ বাবে উপযুক্ত পৰিমাণে পানী খোৱাতো অতি প্ৰয়োজন৷ কিন্তু ঠাণ্ডা দিনত প্ৰায়ে ...
সংগ্ৰাম, সাহসৰ প্ৰতীক বীৰ চিলাৰায়  (স্বপ্না বৰঠাকুৰ)

সংগ্ৰাম, সাহসৰ প্ৰতীক বীৰ চিলাৰায় (স্বপ্না বৰঠাকুৰ)

CURRENT TOPIC
কোঁচ ৰাজ্যৰ বিচক্ষণ ৰাজনীতিজ্ঞ বীৰ চিলাৰায়৷ প্ৰকৃত নাম শুক্লধবজ৷ পিতৃ আছিল ষোলশ শতিকাৰ মহান কোঁচ ৰাজ্যৰ প্ৰতিষ্ঠাতা বিশ্বসিংহ, মাতৃ আছিল ৰাণী পদ্মাৱতী৷ ভাতৃ নৰনাৰায়ণ আছিল অবিভক্ত কোঁচ ৰাজ্য কমতাপুৰৰ তৃতীয় তথা অন্তিমজন ৰজা৷ যাৰ বিচক্ষণতা আৰু এটি সু-সংস্কৃত মনৰ বাবে ৰাজনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনে উচ্চ শিখৰ চুমিবলৈ সক্ষম হৈছিল৷বুৰঞ্জীৰ সমল অনুসৰি কোঁচ ৰাজ্যৰ প্ৰতিষ্ঠাতা বিশ্বসিংহই ১৯ গৰাকী কুঁৱৰী বিয়া কৰাইছিল৷ তাৰে ভিতৰত গৌড়ৰ কুঁৱৰী আছিল ৰাণী পদ্মাৱতী৷ এই পদ্মাৱতী দেৱীৰে সুপুত্ৰ আছিল বীৰ চিলাৰায়৷ প্ৰবাদ আছে চিলাৰ দৰে চো মাৰি তেওঁ যুদ্ধত জঁপিয়াই পৰিছিল বাবে তেওঁৰ নাম ৰখা হৈছিল চিলাৰায়৷নৰনাৰায়ণ আৰু চিলাৰায়ে বাল্যকালত শিক্ষা লাভ কৰিবলৈ গৈছিল বাৰানসী ক্ষেত্ৰলৈ৷ তাত তেওঁলোকে ব্ৰহ্মানন্দ বিশাৰদ নামৰ  এজন বিদগ্ধ সন্যাসীৰ ওচৰত শিক্ষা লাভ কৰাৰ সুযোগ মিলিল৷ অতি বিদ্বান সন্যাস...
মটৰ পনীৰ পোলাও (মুন্‌মী বৰুৱা)

মটৰ পনীৰ পোলাও (মুন্‌মী বৰুৱা)

CURRENT TOPIC, RECIPE
সামগ্ৰী ঃ জহা বা বাচমতী চাউল ২ কাপ, মটৰ ১ কাপ, পনীৰ ২০০ গ্ৰাম, পিয়াজ আধাফাল, ১ চাহ চামুচ জলকীয়া গুড়ি, ১ চাহ চামুচ জিৰা গুড়ি, ১ চাহ চামুচ ধনীয়া গুড়ি, কাজু ১০য১২ টা, কিচমিচ ১ মুঠি, ইলাচী ৩ টা, লং ২ টা, দালচেনি ২ টুকুৰা, গাজৰ ১ টা, নিমখ সোৱাদ অনুসৰি৷ প্ৰণালী ঃ প্ৰথমতে চাউলখিনি ধুই ২০ মিনিট সময় তিয়াই টুকি থ’ব৷ তাৰ পিছত কেৰাহী এখন গৰম কৰি ২ টেবুল চামুচ ঘিউ দি অলপ গৰম হ’লে কাজু, কিচমিচ্‌খিনি ২ মিনিট মান ভাজি নমাই থৈ এখন প্লেটত সেই ঘিউতে গাজৰতো সৰুকৈ কাটি অলপ সময় ভাজি পনীৰখিনি সৰুকৈ কাটি ব্ৰাউন ৰং হোৱাকৈ ভাজি নমাই তাত ইলাচি, লং, দালচেনি দি ভাজি ১ মিনিট টুকি থোৱা চাউল খিনি দি ৪ মিনিট সময় ভাজি তাত জলকীয়া গুড়ি, জিৰা গুড়ি, ধুনীয়া গুড়ি, নিমখ দি সকলোখিনি ভালদৰে মিলাই তাত ৪ কাপ পানী দি উতল আহিবলে ঢাকন দি ৫ মিনিট পিছত ঢাকন খুলি ভাজি থোৱা গাজৰ, পনীৰ আৰু কাজু, কিচ্‌মিচ্‌ আৰু কেঁচা মটৰখিনি দি ৪ মিনিট...