CURRENT TOPIC – Page 48 – Purbodix.com

CURRENT TOPIC

হোমেন বৰগোহাঞিৰ ‘হালধীয়া চৰায়ে বাও ধান খায়’উপন্যাসত জনজীৱনৰ চিত্ৰ (দীপাংকৰ গগৈ)

হোমেন বৰগোহাঞিৰ ‘হালধীয়া চৰায়ে বাও ধান খায়’উপন্যাসত জনজীৱনৰ চিত্ৰ (দীপাংকৰ গগৈ)

CULTURAL, CURRENT TOPIC
আধুনিক অসমীয়া সাহিত্যত হোমেন বৰগোহাঞি এটা অতিকৈ চিনাকী নাম৷ গদ্য, কবিতা, গল্প, উপন্যাস, অনুবাদ - সকলো দিশতে কলম চলাই সমগ্ৰ অসমীয়া কথা - সাহিত্যক তেওঁ এখন সুকীয়া আসনত প্ৰতিষ্ঠিত কৰাবলৈ সক্ষম হৈছে৷ অফুৰন্ত কল্পনা আৰু উদ্ভাৱনী শক্তিৰে অসমীয়া সাহিত্যক এক নতুন মাত্ৰা প্ৰদান কৰা হোমেন বৰগোহাঞিয়ে তেৰ বছৰ বয়সতে ৰচনা কৰা ৰাণী গাই দিলু নামৰ কবিতাটো মাধৱচন্দ্ৰ বেজবৰুৱা সম্পাদিত বাঁহী আলোচনীত প্ৰকাশ পাইছিল৷ ছপাৰ আখৰত এইটোৱেই তেওঁৰ প্ৰথম ৰচনা৷ৰ এটা গভীৰ অধ্যয়ন পুষ্ট মনৰ অধিকাৰী বৰগোহাঞি সাহিত্যৰ বিভিন্ন শেহতীয়া দৰ্শনৰ লগত বিশেষভাৱে পৰিচিত৷ সমকালীন মানুহৰ সংশয় আৰু দোমোজা, নিসংগ বেদনা, মনৰ ওপৰত চলা চেতনা- অৱচেতনাৰ ক্ৰিয়া আৰু অন্তৰ্দন্দ্ব, চাৰিত্ৰিক সংঘাত আদি তেখেতৰ লেখনিৰ মাজেদি মূৰ্তমান হৈ উঠিছে৷ বিভিন্ন বিষয়বস্তুৰে সাহিত্য ৰচনা কৰাৰ লগতে গ্ৰাম্য জীৱনকো সমল হিচাপে লৈছে৷ তেখেতে যিবোৰ গল্প আৰু উপন্যাস ৰচ...

Ways to get to Know Eu Women On-line

CURRENT TOPIC
When you want to satisfy European females online, this can be a good idea to have a decent https://www.foryourmarriage.org/blogs-real-life-stories/ profile. This will set you apart from various other men on the website. Upload an image that showcases your wonderful looks and provide some info on yourself and the type of woman you're looking for. The best part about these dating sites is that they're easy to use and the community is consistently growing. The ease of assembly women in these sites will increase your my link chance of success. When searching for European women on-line, it's always a good idea to look for person that shares the hobbies and interest. This way, you may be able to find a Eu lady who's simply perfect for you. Ensure that the infor...
জীৱন, সম্পৰ্ক, পৰিস্থিতি, পৰিচয় ইত্যাদি… (পূৰৱী সভাপণ্ডিত ভট্টাচাৰ্য)

জীৱন, সম্পৰ্ক, পৰিস্থিতি, পৰিচয় ইত্যাদি… (পূৰৱী সভাপণ্ডিত ভট্টাচাৰ্য)

CURRENT TOPIC
মনস্তাত্বিক বিশ্লেষণৰ জৰিয়তে মানুহৰ মনত জন্ম লোৱা বিশ্বাসৰ মাপ-জোখ কিদৰে সম্ভৱ তাক জনা নগলেও এটা কথা ক’ব পৰা যায় যে কিছুমান অব্যাখ্যেয় কাৰণত মানুহৰ মনত যি বিশ্বাসৰ উপলব্ধি হয়, সেই উপলব্ধিতে এজনৰ আনজনৰ সৈতে স্নেহ, শ্ৰদ্ধা বা ভালপোৱাৰ সম্পৰ্ক গঢ়ি উঠে আৰু এই সূক্ষ্ম অনুভূতিবোৰক লৈ গঢ়ি উঠা সম্পৰ্কই আপোনত্বৰ মূল্যবোধক চূড়ান্ত পৰ্যায়লৈ নি ব্যক্তিৰ হৃদয়ক ঐশ্বৰ্যশালী কৰি তুলি জীৱনক সুন্দৰ ৰূপত উপভোগ্য কৰি তোলে৷ ইয়াৰ বিপৰীতে একেধৰণেৰে কিছুমান অব্যাখ্যেয় কাৰণতে মানুহৰ মনৰ বিশ্বাস অনাকাংক্ষিত ৰূপত হেৰাই যায়, যাৰ ফলত আস্থাহীনতাৰ সৈতে আন্তৰিক সম্পৰ্কবোৰ ক’ৰবাত গৈ ওলমি থাকে, যিবোৰ আমি টানি আজুৰি জীয়াই ৰাখিব বিচাৰিলেও হৃদয়ৰ টান নাথাকে৷ ইয়াৰ ফলত মানুহৰ মনলৈ যি সংশয় আহে সেই সংশয়ে স্থায়ী মানৱীয় সম্পৰ্কৰ অস্তিত্ব বহন কৰিব নোৱাৰে৷ গতিকে আমি আনৰ পৰা বিশ্বাসৰ সঁহাৰি লোৱাৰ পৰিৱৰ্তে যদি নিজৰ বিশ্...
অপৰাধৰ সৈতে কিদৰে পৰিচয় হয় শিশু-কিশোৰৰ (নিমানন্দ দাস)

অপৰাধৰ সৈতে কিদৰে পৰিচয় হয় শিশু-কিশোৰৰ (নিমানন্দ দাস)

CURRENT TOPIC
শিশুৰ দ্বাৰা সংঘটিত বিগত চাৰিটা দশকৰ নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ কেছ ডায়েৰীৰ সমীক্ষা যদি কৰা হয় তেন্তে দেখা যাব যে অলপতে নগাঁৱত সংঘটিত পৰ্ণফিল্ম চাবলৈ অমান্তি হোৱা বাবে এগৰাকী ছবছৰীয়া শিশুক সপ্তম-অষ্টম শ্ৰেণীত পঢ়া দুটা ল’ৰাই মৰিয়াই মাৰি পেলোৱা হৃদয় বিদাৰক ঘটনাটোৱে ছাগৈ শিশুৰ দ্বাৰা সংঘটিত ভয়ংকৰ অপৰাধ প্ৰণৱতাৰ চৰম সীমা চেৰাই গৈছে৷ ঠিক তেনেদৰে গহপুৰ আৰু সৰভোগত কিছুদিন আগতে কিশোৰৰ দ্বাৰা সংঘটিত দুটা সুকীয়া শিশু অপৰাধৰ ঘটনা উনুকিয়াব পাৰি৷ গহপুৰত সংঘটিত ঘটনাটো আছিল কেইগৰাকীমান নৱম শ্ৰেণীত পঢ়া ছাত্ৰই সপ্তম শ্ৰেণীত পঢ়া সহপাঠী ছাত্ৰীক ঘৰত কোনো নথকাৰ সুযোগ লৈ হাবিলৈ মাতি নি দলবদ্ধ ধৰ্ষণ কৰিছিল৷ এইটো আছিল নগৰৰ সীমামূৰীয়া অৰ্দ্ধগাঁৱ- অৰ্দ্ধ নগৰৰ নিচিনা অঞ্চলৰ জনজাতীয় সমাজত সংঘটিত ঘটনা৷ সৰভোগত সংঘটিত ঘটনাটো আছিল কেইগৰাকীমান দশম শ্ৰেণীত পঢ়ি থকা ল’ৰাই লগৰীয়া এজনক মৰিয়াই হত্যা কৰিছি...
নেহৰু, শিশু দিৱস আৰু ইয়াৰ প্ৰাসংগিকতা (ময়ূৰী হাজৰিকা)

নেহৰু, শিশু দিৱস আৰু ইয়াৰ প্ৰাসংগিকতা (ময়ূৰী হাজৰিকা)

CURRENT TOPIC
১৯৮৯ চনৰ ১৪ নৱেম্বৰ তাৰিখে সকলো শিশুৰ মাজত চিনাকী, শিশুসকলৰ অতিকৈ মৰমৰ শাশ্বত পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম হয় উত্তৰ প্ৰদেশৰ এলাহাবাদত৷ তেওঁ আছিল একাধাৰে স্বাধীন ভাৰতবৰ্ষৰ ৰাজনীতিবিদ, লেখক, চিন্তাবিদ আৰু ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী৷ জৱাহৰলাল নেহৰুৰ শিশুসকল সবাতোতকৈ প্ৰিয় আছিল আৰু শিশুৰ মাজত ‘নেহৰু চাচা’ বুলি পৰিচিত আছিল৷ সেইবাবে তেওঁৰ জন্ম দিনটোক প্ৰতি বছৰে শিশু দিৱস হিচাপে পালন কৰা হয়৷ সঁচা অৰ্থত নেহৰুৰ জন্ম দিনটোক কিয় শিশু দিৱস হিচাপে পালন কৰা হয়? হয়টো শিশুসকলৰ মাজত নেহৰু চাচা হিচাপে অবৰ্ণনীয় ভালপোৱা আৰু আকাংক্ষা থকা হেতুকে৷ স্বাধীনতাৰ বাবে তেওঁৰ দীৰ্ঘ সংগ্ৰামৰ পিছত পণ্ডিত নেহৰুক দেশৰ বিশেষ শিশু অনুৰাগী প্ৰধানমন্ত্ৰী হিচাপে অভিহিত কৰা হয়৷ তাৰোপৰি ভাৰতত জৱাহৰলাল নেহৰুৰ ১৪ নৱেম্বৰ অৰ্থাৎ জন্মদিনটো অতীত কিংবদন্তী অনুসৰি শিশু দিৱস হিচাপে পালন কৰি অহা হৈছে৷ নেহৰুৰ প্ৰতি সন্মান প্ৰ...
পৰিৱৰ্তনৰ পথত নৱপ্ৰজন্ম আৰু মূল্যবোধ শিক্ষাৰ গুৰুত্ব (মীনা শইকীয়া)

পৰিৱৰ্তনৰ পথত নৱপ্ৰজন্ম আৰু মূল্যবোধ শিক্ষাৰ গুৰুত্ব (মীনা শইকীয়া)

CURRENT TOPIC
সাম্প্ৰতিক সময়ত মানৱ জাতিৰ জীৱন ধাৰণৰ গতি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই সলনি কৰি পেলাইছে৷ জীৱনৰ গতি সলনি হোৱাৰ লগে লগে আমাৰ ভৱিষ্যৎ প্ৰজন্মৰ চিন্তাচৰ্চা, ৰীতি-নীতি, আচৰণ সকলোতে পৰিৱৰ্তন আহি পৰিছে৷ সামাজিক মাধ্যমৰ সুদূৰ প্ৰসাৰে শিশুসকলৰ পৰা আৰম্ভ কৰি বয়সষ্ঠজনলৈকে প্ৰত্যেককে নতুন এখন পৃথিৱীৰ লগত সহবাস কৰিবলৈ শিকাইছে৷ সামাজিক মাধ্যমসমূহে বিশেষকৈ আমাৰ নৱপ্ৰজন্মৰ বহুসংখ্যক জীৱনৰ পথত আগবাঢ়ি যোৱাত যিদৰে অৰিহণা যোগাইছে, ঠিক সেইদৰে আন কিছুমান বিপদমুখীও হৈছে৷ বিপথে পৰিচালিত হোৱা এচামৰ বাবে সমাজত বিভিন্ন পৰ্যায়ৰ অসামাজিক কাৰ্য সঘনাই চলিব ধৰিছে৷আমি সকলোৱে এটা সুস্থ আৰু শান্তিময় জীৱন বিচাৰো৷ মূল্যবোধসম্পন্ন ব্যক্তিৰ দ্বাৰা গঠিত হোৱা সমাজ এখনেহে সমাজত বাস কৰাসকলক সুখ, শান্তি আৰু আনন্দ প্ৰদান কৰিব পাৰে৷ বিজ্ঞান-প্ৰযুক্তিৰ লগত নৱপ্ৰজন্মই প্ৰতিযোগিতা আৰু পৰিৱৰ্তনৰ দৌৰত নিজকে মিলাই চলিব লগা হৈ...
অৱহেলিত ৰামখাপীঠ (ৰাজলক্ষ্মী ভূঞা)

অৱহেলিত ৰামখাপীঠ (ৰাজলক্ষ্মী ভূঞা)

CURRENT TOPIC
ঐতিহাসিক শিৱসাগৰ জিলাৰ দিখৌমুখ দেওঘৰীয়া অঞ্চলত অৱস্থিত এইপীঠ স্থান ৰামখাপীঠ৷ পৌৰাণিক তত্ত্ব অনুযায়ী দক্ষৰাজৰ জীয়েক সতীয়ে পিতৃগৃহত আয়োজিত যজ্ঞত নিজৰ পতি মহাদেৱ শিৱৰ তিৰস্কাৰ শুনি সহ্য কৰিব নোৱাৰি যজ্ঞকুণ্ডতে আত্মবিসৰ্জন দিয়ে৷মহাদেৱে সতীৰ মৃতশৰীৰ কান্ধত লৈ পাহাৰে-কন্দৰে বগাই ফুৰিবলৈ ধৰে৷ এইকথাত সকলো দেৱ-দেৱতা চিন্তিত হৈ পৰে৷ আৰু শিৱৰ সেই ক্ৰোধান্বিত ৰূপ দেখি জগতৰ হিত সাধনৰ হেতু সুদৰ্শন চক্ৰেৰে সতীৰ দেহ ৫১ টা খণ্ডত খণ্ডিত কৰি পেলাইছিল৷ সতীৰ দেহৰ বিভিন্ন অংশ সেয়েহে বিভিন্ন ঠাইত সিচঁৰতি হৈ পৰিছিল৷ আৰু এইদৰে সতীৰ নাভী অংশ গৌৰীসাগৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ নিলগৰ দিখৌ দৰিকা আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থল ভৰলুৱা গাঁৱৰ এই অংশতে পৰি ৰয়৷ উল্লেখযোগ্য যে আহোমসকল অহাৰ আগতেই এই পীঠস্থান আছিল যদিও এই বিষয়ে পুংখানুপুংখ সমলৰ অভাৱ৷আনুমানিক প্ৰায় আঠশ বছৰৰ আগৰেপৰাই এই স্থান পীঠস্থান আছিল বুলি জনসাধাৰণ...
বিউটি টিপছ্‌ (পৰী বৰা গগৈ )

বিউটি টিপছ্‌ (পৰী বৰা গগৈ )

CURRENT TOPIC, HEALTH
ঘৰতে সহজতে কৰিব পৰা হেয়াৰ স্পাজেতুঁকা, বিট, এক চামুচ মৌ বা ডিমৰ মাজৰ অংশ, কফি, চাহপাত সিজোৱা পানী দুই চামুচ, জবাফুল, আমলখি, মেথিগুটি এক চামুচ, নিমপাত কেইখিলামান এই সকলোবোৰ একেলগে পিছি ল’ব লাগে৷পকা অমিতা আৰু এক চামুচ মৌজোল মিহলাই পেষ্ট তৈয়াৰ কৰি ল’ব৷দৈ আৰু পকা কল ভালদৰে মিশ্ৰ কৰি পেষ্ট প্ৰস্তুত কৰি ল’ব৷প্ৰথমে চুলিখিনি ভালদৰে ধুই ল’ব লাগে৷ তাৰপাছত টাৱেলেৰে মচি ল’ব লাগে৷ তাৰপাছতহে প্ৰস্তুত কৰা পেষ্ট লগাব লাগে৷ পেক লগাই আধাঘণ্টা ৰাখিব লাগে৷ তাৰপাছত ভালদৰে পানীৰে ধুই পেলাব লাগে৷...
শিশুৰ যৌন শিক্ষা অভিভাৱকৰ দায়িত্ব আৰু কৰ্তব্য (ৰিজু বৰা )

শিশুৰ যৌন শিক্ষা অভিভাৱকৰ দায়িত্ব আৰু কৰ্তব্য (ৰিজু বৰা )

CURRENT TOPIC
যৌন শিক্ষা কি আৰু কিয় যৌন শিক্ষাৰ প্ৰয়োজন সেয়া সকলোৱে প্ৰায় অৱগত বুলিব পাৰি৷ আজি আলোচনা কৰিবলৈ লৈছোঁ কিমান বয়সৰ পৰা শিশুক এই শিক্ষা দিয়াৰ প্ৰয়োজন আৰু কেনেদৰে শিশুক যৌন শিক্ষা প্ৰদান কৰা উচিত৷শিশু এটি ক্ৰমান্বয়ে বৃদ্ধি হৈ এবছৰীয়া এটি মৰম লগা দেৱশিশুত পৰিণত হয়৷ নানা ধৰণৰ অংগী-ভংগীৰ মাজেৰে শিশুটিয়ে ৰং-ৰহইচ কৰিব পৰা হয়৷ এইখিনি সময়ত শিশু ইমানেই মৰম লগা হয় যে আমি দেখিয়েই স্পৰ্শ কৰিবলৈ মন মেলো৷ ইয়াৰ পৰা প্ৰথম পিতৃ-মাতৃয়েই বিৰত থাকিব পাৰিব লাগিব৷ শিশুক স্পৰ্শ কৰি শিশুৰ লগত খেলিবলৈ যাওঁতে বহু পিতৃ-মাতৃয়ে শিশুটিৰ যৌনাংগও স্পৰ্শ কৰে বাৰে বাৰে৷ বহুতে কয় শিশু, একো নহয়, মৰমতহে তাত চুইছোঁ৷ ভুল তাতেই, কোনো পিতৃ-মাতৃয়ে নিজৰ শিশুক বেয়া ভাবি স্পৰ্শ নকৰে৷ সেইবাবে শিশুৱেও পিছৰ বয়সত বুজি লয় যে আন ব্যক্তিয়েও যৌনাংগ স্পৰ্শ কৰিব পাৰে৷  Bad touch অনুভৱ কৰিব নোৱাৰে৷ অনুভৱ স্বয়ংক্ৰিয়ভাৱে আহে, তাক আ...
জনজাতীয় আত্মনিয়ন্ত্ৰণ (ড॰ চিত্তৰঞ্জন বৰুৱা )

জনজাতীয় আত্মনিয়ন্ত্ৰণ (ড॰ চিত্তৰঞ্জন বৰুৱা )

CURRENT TOPIC
জনজাতীয় আত্মনিয়ন্ত্ৰণ (Tribal autonomy and selfdetermination) বিষয়টি আইন আৰু সাংবিধানিকভাৱে নতুন যেন লাগিলেও প্ৰকৃতাৰ্থত জনজাতীয় সমাজ সদায় স্বতন্ত্ৰ আত্মনিয়ন্ত্ৰিত আৰু স্ব-নিৰ্ভৰশীল জাতি আছিল৷ পিছত সেইসকলৰ স্ব-শাসন আত্মনিয়ন্ত্ৰণ আৰু স্থানমান বা আনুষ্ঠানিক ৰূপত তিনিটা দিশত প্ৰতিষ্ঠা কৰিলে –(ক)    জনজাতীয় আত্মনিয়ন্ত্ৰণ ব্যৱস্থা আৰু সাংবিধানিক আইন (সংবিধান সংশোধনৰ সৈতে);(খ)    সংসদী ব্যৱস্থাৰে আইন প্ৰণয়ন কৰি স্ব-শাসন ব্যৱস্থাৰ আইন;(গ)    জনজাতীয় অিধকাৰ আৰু ৰাষ্ট˜ীয়-আন্তঃৰাষ্ট˜ীয় মানৱ জাতি গঠনৰ আন্তঃগাঁথনি সম্পকীয় আলোচ্য সভা আৰু জনজাতীয় আচৰণৰ প্ৰদৰ্শন৷অতি স্পষ্ট আৰু কোনো খোকোজা নথকাকৈ উল্লেখ কৰা ভাল যে “আত্মনিয়ন্ত্ৰণ” শব্দই কোনো সাৰ্বভৌম ব্যৱস্থাক বুজোৱা নাই৷ অৰ্থাৎ জনজাতীয় আত্মনিয়ন্ত্ৰণ মানে জনজাতিসকলৰ সাংবিধানিক আইনী ব্যৱস্থাৰ স্বকীয়...