CURRENT TOPIC – Page 52 – Purbodix.com

CURRENT TOPIC

অবৈধ জনতা আৰু ১৪৪ ধাৰা(ড॰ চিত্তৰঞ্জন বৰুৱা)

অবৈধ জনতা আৰু ১৪৪ ধাৰা(ড॰ চিত্তৰঞ্জন বৰুৱা)

CURRENT TOPIC, STORY
১৪৪ ধাৰা বা ধাৰা ১৪৪ সম্পৰ্কত আমি প্ৰতিজনেই ক’ৰবাত নহয় ক’ৰবাত এবাৰলৈ হ’লেও জানিছো৷ এই ১৪৪ ধাৰাৰ দ্বাৰা আমি নিয়ন্ত্ৰিত হৈছো বা ইয়াৰ দ্বাৰা প্ৰভাৱিত আৰু শাসিত সময়ে সময়ে হোৱাৰ উপক্ৰম হওঁ৷ এই ১৪৪ ধাৰা সম্পৰ্কত আমি বিতংভাৱে নহ’লে থুলমুলকৈ আলোচনাৰ প্ৰয়াস কৰা হৈছে৷ সমাজৰ এজন নাগৰিক হিচাপে আমি আইন মানি চলাৰ লগতে আইনৰ জ্ঞান সম্পৰ্কত কিছু ধাৰণা থকাৰো প্ৰয়োজন৷ স্বাধীন ভাৰতৰ সংবিধানে ভাৰতীয় আইন আৰু গণতান্ত্ৰিক চেতনা বৰ্তাই ৰাখিলেও আৰু সমান্তৰালকৈ বহু আইন আমাৰ সমাজত বলৱৎ হৈ আছে৷ যিবোৰৰ প্ৰভাৱ পৰ্যায়ক্ৰমে প্ৰয়োজন অনুসৰি সমাজৰ প্ৰতিজন ব্যক্তিয়েই জীৱনত প্ৰভাৱিত হৈছে৷ এতিয়া আহোঁ ধাৰা ১৪৪নো কি? স্বাধীন ভাৰতৰ ফৌজদাৰী কাৰ্যবিধিৰ বাবে ভাৰতীয় সংসদে ১৯৭৩ চনত এখন সৰ্বগ্ৰহণীয় ভাৰত ভূ-খণ্ডত প্ৰযোজ্য হোৱাকৈ কেন্দ্ৰীয় আইন প্ৰণয়ন কৰিছিল৷ যাক ‘ফৌজদাৰী কাৰ্যবিধি আইন, ১৯৭৩ [১৯৭৪ চনৰ ২ নং আইন]’ ...
হোমেন বৰগোহাঞি ঃ এখন ব্যক্তিগত ৰচনা (জিতুমণি বৰা)

হোমেন বৰগোহাঞি ঃ এখন ব্যক্তিগত ৰচনা (জিতুমণি বৰা)

CURRENT TOPIC
১৯৯২ চনত ‘অগ্ৰদূত’ত এজন ষ্টাফ ৰিপৰ্টাৰ হিচাপে যোগ দিছিলোঁ৷ ‘অগ্ৰদূত’ৰ সম্পাদক মাননীয় শ্ৰীযুত কনকসেন ডেকা ছাৰৰ পৰামৰ্শৰ ভিত্তিত হেঙেৰাবাৰীৰ হাউছিং কলনিলৈ গৈছিলোঁ৷ উদ্দেশ্য আছিল প্ৰখ্যাত কমিউনিষ্ট নেতা হেমেন দাসৰ এটা দীঘলীয়া সাক্ষাৎকাৰ লোৱাৰ৷ তেতিয়া দিছপুৰত হিতেশ্বৰ শইকীয়াৰ চৰকাৰ৷ সেই যে হেঙেৰাবাৰীৰ হাউছিং কলনি আৰু হেমেন দাসৰ সৈতে পৰিচয় হ’ল, তাৰ পাছত হেমেন দাস ডাঙৰীয়াৰ ঘৰলৈ নিয়মীয়াকৈ যাবলৈ ল’লো৷ সৰলতা আৰু বাওঁ মতাদৰ্শৰ চিন্তা-চেতনাৰ বাবে মানুহজনক ভাল লাগিবলৈ ধৰিলে আৰু পাছলৈ খুড়া বুলিয়ে হেমেন দাসক মাতিবলৈ লওঁ৷ অগ্ৰদূত’ৰ বাবে বিভিন্ন সাক্ষাৎকাৰ আদি ল’বলৈ দুলাল বৰুৱা, গোলাপ বৰবৰা, গোলাম ওচমানিক বিচাৰি হেঙেৰাবাৰীৰ হাউছিং কলনিলৈকে গৈছিলোঁ৷ ম’বাইল ফোন নাছিল, গতিকে আজিৰ দৰে মবাইলতে কথাপাতি সাক্ষাৎকাৰ লোৱাৰ সুযোগ নাছিল৷১৯৯৩চনৰ মাৰ্চ মাহ৷ হোমেন বৰগোহাঞিয়ে অসম বাণী কাকতৰ সম্...
ৰূপান্তৰৰ পূজাৰী কলাগুৰু বিষ্ণু ৰাভা(বিপুল গগৈ)

ৰূপান্তৰৰ পূজাৰী কলাগুৰু বিষ্ণু ৰাভা(বিপুল গগৈ)

CURRENT TOPIC
অসমৰ কৃষ্টি-সংস্কৃতি, ভাষা-সাহিত্য, শিল্পকলাৰ জগতখনক সুকীয়া মাত্ৰা প্ৰদান কৰি থৈ যোৱা ৰূপান্তৰৰ পূজাৰী, যশস্বী কবি - সাহিত্যিক, দাৰ্শনিক, চিত্ৰকৰ, অনিন্দ্য নৃত্যশিল্পী, তেজস্বী কণ্ঠৰ সুবক্তা, ৰাজনীতিবিদ, ১৯০৯ চনৰ ৩১ জানুৱাৰীত দ্বিতীয় আসাম ৰাইফলচ বাহিনীৰ চুবেদাৰ মেজৰ গোপাল চন্দ্ৰ ৰাভাৰ ঔৰসত আৰু মাতৃ গেথীবালা ৰাভাৰ পৱিত্ৰ উদৰত তেতিয়াৰ সংযুক্ত পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী ঐতিহ্যপুৰ্ণ ঢাকা চহৰৰ সেনা ছাউনীত জন্মগ্ৰহণ কৰা ৰত্নগৰ্ভা অসম মাতৃৰ ক্ষণজন্মা সুসন্তান কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অসমীয়াৰ হিয়াৰ আমঠু, জাতীয় জীৱনৰ প্ৰৌজ্জ্বল নক্ষত্ৰ, আমাৰ গৌৰৱ৷ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা জগত গুৰু মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱ-মাধৱদেৱৰ পৰৱৰ্তী কালত জাতীয় জীৱনৰ বহল ক্ষেত্ৰখনক সামগ্ৰিক ভাবে ঐশ্বৰ্যমণ্ডিত কৰি অসমীয়া জাতি সত্তা আৰু ঐতিহ্যমণ্ডিত গৌৰৱোজ্জ্বল সোণসেৰীয়া সাংস্কৃতিক সৌধক উ...
পৰেশ বৰুৱাৰ প্ৰাসংগিকতা আছেগৈ নে??(ৰাজলক্ষ্মী ভূঞা )

পৰেশ বৰুৱাৰ প্ৰাসংগিকতা আছেগৈ নে??(ৰাজলক্ষ্মী ভূঞা )

CURRENT TOPIC
আহোমৰ ৰাজশাসনৰ বেলিমাৰ গ’ল... স্বভিমানী অসমীয়া বৃটিছ শাসনৰ তললৈ কৰতলতীয়া হিচাপে আহিল৷ অসমীয়াই বিদ্ৰোহ আৰম্ভ কৰিলে গোলামী যেন অসমীয়াৰ তেজত নাই৷ বহুত ঘাত-প্ৰতিঘাত অসহযোগ সত্যাগ্ৰহৰ অন্তত গোমধৰ পিয়লি কুশল কোঁৱৰ, কনকলতাৰ ত্যাগৰ বিনিময়ত ভাৰতৰ লগতে অসমীয়াই ভাৰতীয়ৰ লগতে স্বাধীনতা পালেই য়াণ্ডাবু সন্ধি ৰদ হ’ল, আকৌ আহিল ৰাষ্ট্ৰ যন্ত্ৰৰ ষঢ়যন্ত্ৰ৷ অসম আৰু অসমীয়াই প্ৰাপ্তিৰ পৰা বহু ক্ষেত্ৰত বঞ্চিত হ’ল৷ নায্য প্ৰাপ্তিৰ আন্দোলন হ’ল....  লাল বাল পালৰ দৰে অসমীয়াৰ তেজ আকৌ উথলি উঠিল৷ অসম আন্দোলনৰ সূচনা হ’ল৷ ৮৫৫ জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত অসম চুক্তি সম্পাদন হ’ল৷ আচৰিত আৰু মন কৰিবলগীয়া কথা তেতিয়ালৈকে অসমত সসস্ত্ৰ আন্দোলনৰ কথা কোনেও চিন্তা কৰা নাছিল৷ অসম আৰু অসমীয়াক শোষণ আৰু বঞ্চনাৰ ইমান চূড়ান্ত পয্যায় পালেগৈ যে, স্বাভীমানী অসমীয়াৰ সুঠাম জ্ঞানী শিক্ষিত কেইজনমান অসমীয়াই জাতিটোৰ ব...
গছ থাকিলেহে আমিও জীয়াই থাকিম (ৰঞ্জন শৰ্মা)

গছ থাকিলেহে আমিও জীয়াই থাকিম (ৰঞ্জন শৰ্মা)

CURRENT TOPIC
প্ৰকৃতি .....তুমি অপৰূপ তুমি মোহনীয়াতুমিয়েই বিশ্বৰ মনোৰমা৷গছে-বনে সেউজীয়া ৰঙে ৰূপে প্ৰয়োভৰাসেউজী ধৰণী ধুনীয়া৷৷প্ৰকৃতি, মানৱ জীৱনৰ এক অফুৰন্ত প্ৰেৰণা শক্তি, যি মানৱ জীৱনক ৰক্ষা কৰি আহিছে৷ এক কথাত, প্ৰকৃতিয়েই মানৱ জীৱনৰ বা জীৱজগতৰ প্ৰাণ৷ এই প্ৰকৃতি নহ’লে জীৱকূল জীয়াই থকা সম্ভৱ নহয়৷ কিন্তু সেই প্ৰকৃতি আজি বিনষ্ট হৈছে৷ প্ৰকৃতিৰ ওপৰত চলা নিৰ্বিবাদ অত্যাচাৰে কু-প্ৰভাৱ পেলাইছে প্ৰকৃতি প্ৰদত্ত সম্পদবোৰৰ ওপৰত৷ সুন্দৰ পৃথিৱীখনৰ বহু বস্তুৱেই যেন চিৰদিনলৈ হেৰাই যোৱাৰ উপক্ৰম হৈছে৷ নোহোৱা হৈ পৰিছে প্ৰকৃতিৰ পূৰ্বৰ সেই ৰং-ৰূপ৷ ফলত পৰিৱেশ বিনষ্ট হৈ, এক কলুষিত বাতাবৰণে ছানি ধৰিছে আমাৰ মনোৰম বিনন্দীয়া পৃথিৱীখনত৷ আমাৰ চাৰিওফালে থকা পৰিদৃশ্যমান অৰ্থাৎ গছ-গছনি, বায়ু-পানী, নদ-নদী, পৰ্বত-পাহাৰ, সাগৰ-মহাসাগৰ, জীৱ-জন্তু আদিৰে পৰিবেষ্টিত ভূমিখণ্ডই হৈছে প্ৰকৃতি বা প্ৰাকৃতিক পৰিৱেশ৷ এই প্ৰকৃত...

নাৰীৰ মূল্যঃ কন্যা সন্তান প্ৰসংগ (নিমানন্দ দাস)

CURRENT TOPIC
যোৱাবছৰ মধ্যপ্ৰদেশত সংঘটিত কন্যা সন্তানৰ হত্যাৰ ঘটনা জানি হৃদয়খন বিষাই গৈছিল৷ ঘটনাটোৰ সাৰাংশটো হ’ল অৰ্ধ- সামৰিক বাহিনীত চাকৰি কৰা এগৰাকী জোৱানে নিজৰ তিনিগৰাকী নিবীহ, নিৰপৰাধী কন্যা সন্তানক জলহীন গভীৰ কুঁৱা এটাত পেলাই দি হত্যা কৰে আৰু নিজেও আত্মহত্যা কৰে৷ এই কৰুণ, হৃদয়বিদাৰক ঘটনাটি সংঘটিত হোৱাৰ কাৰণ আছিল অন্ধবিশ্বাস৷ অন্ধবিশ্বাসটো হৈছে একেৰাহে তিনি গৰাকী কন্যা সন্তান জন্ম দিয়াৰ পাছত তিনি সন্তানৰ হত্যাকাৰী পুৰুষগৰাকীৰ পত্নীয়ে চতুৰ্থবাৰৰ বাবে পুনৰ কন্যা সন্তান প্ৰসৱ কৰাত খং আৰু হতাশাত পুৰুষগৰাকীয়ে নিজ তিনি সন্তানক হত্যা কৰি নিজে আত্মহত্যা কৰে৷ পুৰুষ প্ৰধান আমাৰ সমাজত এগৰাকী মহিলাই দুটি বা তিনিটি কন্যা সন্তান জন্ম দিয়া তথা এটাও ল’ৰা সন্তান জন্ম দিয়া নোৱাৰা বাবে মহিলাগৰাকীকে দায়ী কৰে স্বামী, শহুৰ-শাহু বা ঘৰৰ আন সদস্যই৷ কিন্তু আচলতে সেয়া হয় জানোঞ্জ এগৰাকী মহিলাই ল’ৰা সন্তান জন্ম দিব নে কন্য...
এখন নতুন চৰকাৰ আৰু ৰাইজৰ আশা

এখন নতুন চৰকাৰ আৰু ৰাইজৰ আশা

CURRENT TOPIC
প্ৰত্যাশিতভাৱে দিছপুৰলৈ উভতি আহিল বিজেপি৷ অসমত পুনৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ গঠন হ’ল৷ অসমৰ ৰাজনীতিত এয়া প্ৰথমবাৰৰ বাবে সম্ভৱ হৈছে একেৰাহে দ্বিতীয়বাৰৰ বাবে এখন অকংগ্ৰেছী চৰকাৰ দিছপুৰৰ মচনদত৷ অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত বিজেপিয়ে এককভাৱে চৰকাৰ গঠন কৰিব পৰাকৈ নিৰংকুশ সংখ্যাগৰিষ্ঠতা নাপালেও মিত্ৰজোঁটে ৭৫খন আসন লাভ কৰিলে৷ এতিয়া দিছপুৰত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে পাঁচ বছৰ শাসন কৰিব৷ উল্লেখযোগ্য যে মিত্ৰজোঁটৰ অংশীদাৰ অগপই ন খন আৰু ইউ পি পি এলে ছখন আসন লাভ কৰিছে৷ সদ্য সমাপ্ত অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ পুনৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে৷ কংগ্ৰেছে ২৯খন আসন আৰু কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ অংশীদাৰ এ আই ইউ ডি এফে ১৬খন, বি পি এফে চাৰিখন আসনসহ মুঠ ৪৯খন আসন লাভ কৰিছে৷ বিধানসভা নিৰ্বাচনে অসমত ‘কা’বিৰোধী ভোটৰ তিনি ভাগত বিভাজন ঘটালে৷ ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশ প...
অনলাইন বাক্-স্বাধীনতা (ড০ চিত্ত ৰঞ্জন বৰুৱা)

অনলাইন বাক্-স্বাধীনতা (ড০ চিত্ত ৰঞ্জন বৰুৱা)

CURRENT TOPIC
~ড০ চিত্ত ৰঞ্জন বৰুৱা গণতান্ত্ৰিক বাক্-স্বাধীনতাৰ আলমেৰে ব্যক্তি আৰু ৰা©†ª সংঘাতে মৌলিক অধিকাৰক ভেঙুচালি কৰিছে। বাক্ স্বাধীনতা বা বাক্ আৰু অভিব্যক্তি স্বতন্ত্ৰতা বুলিলে আমি ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ১৯(১) (ক) ত লিপিবদ্ধ সংবিধানিক অধিকাৰৰ দিশটো প্ৰধানকৈ উল্লেখ কৰিব পাৰোঁ। ব্যক্তিৰ বাক আৰু অভিব্যক্তি স্বতন্ত্ৰতা সাংবিধানিক হ’লেও অধিকাৰ ভোগ কৰাৰ ক্ষেত্ৰত– ১। সাংবিধানিক ভাবেই বাধা আৰোপ; ২। আইনী বাধা, কঠোৰ অৰ্ধকঠোৰ নিয়ম আৰু অনুশাসন; ৩। ন্যায়ালয়ৰ পৰ্য্যবেক্ষণ আৰু নিৰ্দেশনাৰ দিশ সমূহ সমভাবেই সাঙোৰ খাই আছে। ব্যক্তিৰ অভিব্যক্তি স্বতন্ত্ৰতাই উদ্দেশ্যহীন নীতিহীন আৰু আদৰ্শহীন মতপ্ৰকাশক পূৰ্বৰ পৰাই যুক্তিসংগত ভাবে বাধা আৰোপ কৰি আহিছে। লগতে সুষ্ঠ বাতাবৰণ বাহক মত-চিন্তা-বাক স্বতন্ত্ৰতাক বিধি প্ৰবৰ্তনৰ দ্বাৰা বা পূৰ্বে প্ৰবৰ্ত্তিত নিয়মৰ দ্বাৰা সন্মান স্থান আৰু স্বীকৃতি প্ৰদান কৰি আ...
অসমীয়াৰ ভৱিষ্যত ( ৰাজলক্ষ্মী ভূঞা )

অসমীয়াৰ ভৱিষ্যত ( ৰাজলক্ষ্মী ভূঞা )

CURRENT TOPIC
জাতি জনগোষ্ঠীৰ অসমখন বাৰু ভবিষ্যতৰ দিনত অখিলঞ্জীয়াৰ হাতত পৰিবগৈ নেকি• ৰাষ্ট্ৰীয়তাবাদী দল সমূহলৈ চালে এই দল সমূহৰ অগ্ৰাসী মনোভাৱ এটা সদায় দেখা যায়। বুৰঞ্জীৰ দিনৰে পৰা চাওকচোন চাওলং চুকাফাৰ বাহিৰে মোগলৰ পৰা বৃটিছলৈকে কোনটো কম্পেনীয়ে অগ্ৰাসী মনোভাৱ লৈ শাসন কৰিবলৈ অহা নাই• কোৱা কথা এষাৰ আছে নহয়... নগাৰ পোৱালি পৰ্বতলৈ চকু। সদায় নিজে নিজৰ ফাললৈ হে চাব... ৰাষ্ট্ৰীয়তাবাদৰ মূল লÊÊক্ষ্য হল একত্ৰিত কৰি শাসন কৰা। ভাৰতত্যাগ আন্দোলনৰ পাছত কোনো যৌথ শাসন কৰা। ভাৰতত্যাগ আন্দোলনৰ পাছত কোনো যৌথ শক্তিয়েই ভাৰতবৰ্ষ জুৰি একত্ৰিত হব পৰা নাই, ই অন্ততঃ আমাৰা বাবে শুভলক্ষন। সংখ্যাগৰিষ্ঠতাৰ বাবে ৰাষ্ট্ৰীয়তাবাদে আহৰ্নিশে চেষ্টা চলাই থাকে আৰু তাৰেই পৰিপেক্ষিতত সহায় বিদেশীকো সাৰ্বভৌমত্বক অসন্মান কৰি আকোৱালি ল’বলৈ এই দল সমূহ সদায় প্ৰস্তুত। এইবোৰ অপ্ৰিয় সচা কথা। এতিয়া আহো অসমৰ কথালৈ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনটো প্ৰকাশ পাইছিল ...