Page 2 – Purbodix.com

শ্ৰীশ্ৰীশ্যামৰায় সত্ৰ ঃএক অৱলোকনড॰ (নগেন কলিতা)

CURRENT TOPIC
নলবাৰী জিলাৰ লাউপাৰাত অৱস্থিত শ্ৰীশ্ৰী শ্যামৰায় সত্ৰখন অসমৰ প্ৰাচীন সত্ৰবোৰৰ ভিতৰত এখন উল্লেখযোগ্য সত্ৰ৷ গৰাখহনীয়াৰ প্ৰবলত সত্ৰখন কেতিয়া স্থাপন কৰা হৈছিল সেই বিষয়ে লিখিত তথ্য-প্ৰমাণ পাবলৈ নাই যদিও জনশ্ৰুতিৰ ওপৰত ভিত্তি কৰি ইয়াৰ প্ৰতিষ্ঠা কাল খ্ৰীষ্ট্ৰীয় পঞ্চদশ শতিকাৰ কিছুকাল আগৰ বুলি ক’ব পৰা যায়৷ লাউপাৰা পূৰ্বতে অবিভক্ত কামৰূপ জিলাৰ অন্তৰ্ভুক্ত আছিল৷ হাতীমূৰা পাহাৰৰ পশ্চিমে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে এই গাঁওখন অৱস্থিত আছিল আৰু গোস্বামী, ব্ৰাহ্মণ, কোঁচ, কলিতাকে আদি কৰি বিভিন্ন জাতিৰ লোক বাস কৰিছিল৷ জনশ্ৰুতি অনুসৰি খ্ৰীষ্টীয় পঞ্চদশ শতিকাৰ আগতে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ মনপুৰৰ স্বৰ্গীয় সনাতন দেৱগোস্বামী (সন্তভূষণ)ৰ পুত্ৰ যাক সৰু গোঁসাই (জয়দেৰ) হিচাপে জনা যায়৷ জয়দেৱ গোস্বামীয়ে আগলতি কলপাত এখনত উঠি বাৰিষাৰ ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ হাতীমূৰা পাহাৰত অৱস্থান কৰিছিল৷ লাউপাৰাৰ গন্ধোৰদেলীয়...
কথকতা ফাগুনৰ(ৰেখা ডেকা মহন্ত)

কথকতা ফাগুনৰ(ৰেখা ডেকা মহন্ত)

CURRENT TOPIC
ঐ ক’লৈ যাৱ যাওঁ ফাগুনক বিচাৰি, অৰঙে-দৰঙে ঘূৰি আহ, ফাগুন শুষ্ক, ধূলিয়ৰী, বতাহত ৰোগৰ বীজাণু কঢ়য়িাই আনে৷ হাঃ হাঃ কালিৰ চিন্তাত আজি কিয় মৰো৷ চুই চাম ফাগুনক, উৰি লম মদাৰ, পলাশৰ ৰং৷ নীলিম আকাশত জুই ফুলৰ সৌন্দৰ্য পান কৰিম মন জুৰাই৷ আহিলি ন’? ও আহিলোঁ৷ ধূলিবোৰ গালে মুখে লৈ কি পাবি? ধূলিবোৰৰ আঁৰত থকা ৰঙবোৰ খেপিয়াই চা, বিচাৰি পাবি কি পাওঁ মই৷ কৃষ্ণচূড়াৰ প্ৰতি থকা হাবিয়াস আঙুলিৰ পাবৰ শেষত ঠিকেই দেখ, সেয়া যে প্ৰত্যক্ষ৷ ভালদৰে জুমি চালে দুচকুৰ গভীৰতাত ফাগুনৰ ৰঙবোৰো দেখা পাবি, মাথোঁ ধূলিবোৰ জোকাৰি ল’৷ থ তোৰ ডাঙৰ ডাঙৰ কথাবোৰ, বুজাৰ ইচ্ছা তিলমানো নাই৷ ধূলিয়ৰি বাট পথ আৰু সৰাপাতৰ কৰ্কশ শব্দৰ বাহিৰে ফাগুনত কি আছে৷ ও নাই ফাগুনত একো নাই, চাব নিবিচাৰিলে সকলো কেৱল এটা শূন্য মাথোঁ৷ চাবলৈ শিকিলেই দেখিবি সৰাপাতৰ আঁৰৰ ছবিখন৷ বসন্তৰ ৰাগীয়ে চোৱাৰ আগৰ পলসুৱা ভূমি৷ সেউজীয়াৰ প্ৰাণ প্ৰতিষ্ঠা হোৱাৰ প্ৰথম খোজ৷ ...
মনুষ্যত্বৰ বিকাশ হওক (কমলাক্ষী বৰা)

মনুষ্যত্বৰ বিকাশ হওক (কমলাক্ষী বৰা)

CURRENT TOPIC
বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই মানুহৰ জীৱন ধাৰণৰ মানদণ্ড কিমান উন্নত কৰিছে তাক আৰু দুনাই কোৱাৰ প্ৰয়োজন নাই৷ সংকীৰ্ণতাৰ পৰিধি ভাঙি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ পৰশত গঢ়ি উঠা এখন গাঁও হেন ধুনীয়া পৃথিৱীত এনেকুৱা লাগে যেন মানুহৰ মনবোৰো সকলো সংকীৰ্ণ ভাবৰ পৰা মুক্ত হৈ মানৱীয় অনুভূতিৰ এক উচ্চ স্তৰত উপনীত হৈছে৷ পৃথিৱীৰ বিভিন্ন দেশৰ বিভিন্ন ধৰ্মাৱলম্বী, বিভিন্ন জাতিৰ মানুহৰ মাজত এটাই ধৰ্ম হ’ব মানৱতা৷ এটাই জাতি হ’ব মানৱ জাতি৷ কিন্তু কথাতে কয় নহয় আলচা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি৷ বহুতো উদাৰ মনোভাৱৰ লোকে এনে এখন সুন্দৰ পৃথিৱীৰ কল্পনা কৰে যদিও কিছু গোড়া, ধৰ্মান্ধ প্ৰকৃতিৰ মানুহৰ বাবে মানুহৰ এনে মহৎ চিন্তা কেতিয়াও সম্ভৱ নহয়৷ ধৰ্ম মানেনো কি? পুৰণিকলীয়া ৰীতি-নীতিৰে নিজৰ নিজৰ উপাস্য দেৱতা বা ধৰ্মগুৰু সকলক পূজা কৰা, প্ৰাৰ্থনা কৰা অথবা নামাজ পঢ়া আদি কাৰ্যকে ধৰ্ম বুলি কয় নেকি? নিজৰ ধৰ্ম সৰ্বশ্...
অষ্টিঅ’ আৰ্থাইটিছ্‌ (Osteoarthritis)

অষ্টিঅ’ আৰ্থাইটিছ্‌ (Osteoarthritis)

CURRENT TOPIC
(ঊ প্ৰাঞ্জল প্ৰতীম বৰা) বৰ্তমান সময়ত আঁঠু বা Knee joint ত হোৱা অষ্টিঅ’আৰ্থাইটিছ্‌ (Osteoarthritis) আৰু ইয়াৰ ফলত হোৱা আঁঠুৰ বিষৰ সমস্যাৰ লগত প্ৰায় সকলোৱে পৰিচিত৷ ৰাতিপুৱা বিছনাৰ পৰা উঠাৰ লগে লগে আঁঠুৰ বিষ, পিছত দিনটোত চলা-ফুৰা কৰাৰ লগে লগে অলপ আৰাম পোৱাৰ দৰে লগা আৰু পিছলৈ সকলো সময়তে নেৰা নেপেৰাকৈ লাগি থকা এটা আঁঠুৰ বিষ, এনে সমস্যাৰে আৰম্ভ হোৱা আঁঠুৰ বিষ বহুতৰে থাকে৷ এয়া ৮০ শতাংশই অষ্টিঅ’আৰ্থাইটিছ্‌ৰ লক্ষণ বুলি ধৰিব পাৰো৷ কিন্ত অষ্টিঅ’আৰ্থাইটিছ্‌ ১ সমস্যা যে বৰ্তমান সময়তহে বেছি হৈছে তেনে নহয়৷ ইয়াক আমি শৰীৰৰ গাঠি বা Joint সমূহত সময় আৰু বয়সৰ লগে লগে হোৱা সলনিৰ ফলত পৰা প্ৰভাৱ বুলিব পাৰো৷ শৰীৰৰ সকলোবোৰ গাঠিৰ ভিতৰত যিহেতু আঁঠু বা knee joint য়েই শৰীৰৰ অধিক ওজন বহন কৰিবলগীয়া হয়, গতিকে আমাৰ বাবে আঁঠুৰ অষ্টিঅ’আৰ্থাইটিছ্‌ত ভাগাটো এটা সাধাৰণ কথা৷  আৰ্থাইটিছ্‌ৰ কাৰণ বিভিন্ন হব পাৰে৷ য...
শ্ৰী মাধৱদেৱ বিৰচিত “নামঘোষা’’ত গুৰু, দেৱ, নাম, ভকত তত্ব-———

শ্ৰী মাধৱদেৱ বিৰচিত “নামঘোষা’’ত গুৰু, দেৱ, নাম, ভকত তত্ব-———

CURRENT TOPIC
(ঊ প্ৰাণ প্ৰতিমা বড়া) ষোড়শ শতিকাৰ শেষৰফালে গুৰু শংকৰদেৱৰ আজ্ঞা মতে মাধৱদেৱে এই ভক্তি কাব্যখনি ৰচনা কৰিছিল৷ “নামঘোষা’’ৰ নাম শব্দটোৱে কেৱল হৰিনাম বা ভগৱানৰ নামকহে বুজাইছে৷ ‘ঘোষা’ শব্দটোৰ ঘুষঋঅঋআৰ পৰা ঘোষা হৈছে৷ ভগৱানৰ নাম পুনঃ আবৃত্তি কৰা হয় বাবে এই গ্ৰন্থৰ নাম নামঘোষা৷ নামঘোষাত এহেজাৰ এটি ঘোষা আছে বা ইয়াক ‘হেজাৰী ঘোষা’বুলিও কোৱা হয়৷ মাধৱদেৱে নিজে কৈ গৈছে–  “গুৰু সেৱাকৈ যি পালোঁ ঘোষাতে থৈছো, অনেক শাস্ত্ৰ বিচাৰি যি পালোঁ ঘোষাতে থৈছোঁ৷  বৈষ্ণৱ ধৰ্মৰ মূল চাৰিবস্তু গুৰু, দেৱ, নাম, ভকত তত্ব মাধৱদেৱে নামঘোষাত দি গৈছে৷ নামঘোষাত প্ৰথমটি ঘোষা ‘ভজন’ত গুৰু, দেৱ, নাম, ভকত তত্ব প্ৰতিফলিত হৈছে৷ কামনা-বাসনাহীন আনকি মুক্তিতো নিস্পৃহ অৰ্থাৎ শ্ৰৱণ-কীৰ্তনত সদানন্দ কৃষ্ণৰ লীলা-মালা, গুণ-গৰিমা নিমজ্জিত হৈ থাকে, যিজনৰ প্ৰেমময়ী ভক্তিত ভগৱানো বশ হয়৷ তেনে ভক্তহে গুৰুৰ বাবে যোগ্য৷   নামঘোষাত কোৱা...
জোকৰ মুখত চূণ (বাহাৰুল ইছলাম)

জোকৰ মুখত চূণ (বাহাৰুল ইছলাম)

CURRENT TOPIC
শৰৎ কালৰ এটি কোমল আবেলি৷ নীলিম আকাশত জাকে জাকে চৰাই উৰিছে৷ হয়তো সিহঁত ঘৰমুৱা হৈছে৷ চোতালৰ তলসৰা শেৱালিবোৰে আবেলিৰ মাদকতা বঢ়াই তুলিছে৷ চহৰৰ নামি-দামী হাস্পতালৰ চিকিৎসক ৰিপাই নিজৰ গাঁৱৰ ঘৰৰ নিজৰ চেম্বাৰত বিনামূলীয়াকৈ দুখীয়া-নিছলাক চিকিৎসা কৰিছে৷ তেখেতে প্ৰতি দেওবাৰে এই মহান সেৱা কৰি আহিছে৷ প্ৰেচাৰ জুখি থাকোঁতে হঠাৎ ৰিপাই এজন বয়সস্থ লোক (ওচৰৰ গাঁৱৰ সম্পৰ্কীয় খুড়া হয়)ক দেখি হাওহাওকৈ কান্দিবলৈ ধৰিলে৷ আচলতে মানুহজন দেখাত ৰিপাৰ দেউতাক ৰহিমৰ লেখীয়া৷ হোজা কিন্তু সত্যবাদী ৰহিমে চৌপাশৰ পৰা কেৱল মাথোঁ পাই আহিছিল অপযশ, লাভ কৰিছিল দুৰ্নাম৷ এজন ল’ৰা আৰু তিনিজনী ছোৱালী তেখেতৰ৷ ল’ৰাজন পাঁচ বছৰ নৌহওঁতেই ঢুকাল৷ পাঁচজনীয়া পৰিয়ালৰ পোহপাল দিয়াৰ সম্পূৰ্ণ দায়িত্ব তেওঁৰেই৷ দৰিদ্ৰ পিতৃৰ দুজন ল’ৰা থকা হেতুকে কেৱলমাত্ৰ নিজৰ ঘৰ বনাবলৈ দুই কঠা ভেটি-মাটি পিতৃৰ পৰা লাভ কৰে৷ ইতিমধ্যে আনজন ককায়ো হাৰ্ট এটেকত ঢুকাইছিল৷ ...
মাতৃভাষাৰ ভাওনাবোৰ ভাওনা হৈয়েই থাকক(ডঃ মাণিক শইকীয়া)

মাতৃভাষাৰ ভাওনাবোৰ ভাওনা হৈয়েই থাকক(ডঃ মাণিক শইকীয়া)

CURRENT TOPIC
শ্ৰীমন্ত শংকৰদেৱ লগতে মাধবদেৰ, গোপালদেৱ আৰু লক্ষ্মীদেৱকে ধৰি কেইগৰাকীমান নাট্যকাৰে ৰচনা কৰা নাটকেইখনৰ অব্যবহৃত পৰৱৰ্তী কালতে বিভিন্ন-বিচিত্ৰ কাহিনীৰ অবলম্বন নাট ৰচনা হ’বলৈ ধৰিলে৷ সেইকাৰণে ক’ব পাৰি, নতুন নতুন কাহিনীৰ সোৱাদ দিবলৈ বা ল’বলৈ বিচৰাটোও শংকৰোত্তৰ যুগৰ নাটৰ বিবিধতা আৰু বিচিত্ৰতাৰ অন্যতম কাৰণ আছিল৷ স্বাভাৱিকতেই এই সকলোবোৰতে যুদ্ধ আৰু লক্ষ্যপূৰ্ণ উক্তি প্ৰত্যুক্তিৰ পয়োভৰ ঘটিল৷ ৰামচৰণ ঠাকুৰ, দ্বিজ, দৈত্যাৰী ঠাকুৰ আদি নাট ৰচোতাসকলে তেনে দৃশ্য বা চৰিত্ৰ সংযোজন কৰিৰ পৰা কাহিনীৰ প্ৰতি বেছি মনোযোগ দিবলৈ ধৰিলে৷ এনে লক্ষণসমৃদ্ধ নাটসমূহ দৰ্শক ৰাইজেও আদৰি লয়৷ ইয়াৰ পিছৰ পৰ্যায়ত সত্ৰাধিকাৰসকল আৰু গাঁৱে-ভূঞে দুই- এজন শিক্ষিত লোকে মাতৃভাষাৰ নাট ৰচনা কৰিবলৈ ধৰিলে৷ যোৱা এশ-ডেৰশমান বছৰত সেই নাটবোৰেই উজনি অসমৰ গাঁওসমূহৰ নামঘৰ-মণিকূট ৰজনজনাই থাকিল৷ নাটসমূহক পৰম-পবিত্ৰ জ্ঞান কৰি, নাট ৰচোতা (কাটোতা) স...
নাৰী দিৱস উপলক্ষে

নাৰী দিৱস উপলক্ষে

CURRENT TOPIC
(ঊ মৃণালিনী গোস্বামী) নাৰী ভগৱানৰ দ্বিতীয় সৃষ্টি বুলি প্ৰবাদ আছে৷ নাৰীৰ উন্নতি তথা নাৰী জাতিৰ উন্নতিৰ বাবে নিজৰ পৰিয়াল, সমাজ তথা সমগ্ৰ জাতিটোৱে ত্যাগ কৰিব লাগিব৷ মনত পৰাৰ দিনৰে পৰা নাৰীয়ে পুৰুষৰ লগত অপূৰ্ব বুজাবুজিৰে সৃষ্টিৰ কঠীয়াতলিডৰা মনোৰম কৰি আহিছে৷ বিশ্বৰ দৰবাৰত সমাজ ব্যৱস্থা গঢ় দিয়াত উল্লেখযোগ্য বৰঙণি আগবঢ়াই আহিছে৷  বিশ্বৰ উন্নত ৰাষ্ট্ৰবোৰত আৰ্থ-সামাজিক উন্নয়ন বহু আগৰে পৰা হোৱা হেতুকে সেই ৰাষ্ট্ৰবোৰত নাৰীয়ে বহু আগৰে পৰাই তেওঁলোকৰ ন্যায় অধিকাৰ আৰু সন্মান পাই আহিছে৷ ভাৰতবৰ্ষতো কেইবা শতিকাৰো আগৰে পৰাই নাৰীক প্ৰাপ্য মৰ্যাদা দিয়াৰ বহুত উদাহৰণ আছে৷ ভাৰতীয় ইতিহাস শিক্ষিতা নাৰী হিচাপে বিশ্বৱাৰা, মেঘা, অপালী, গাৰ্গী, মৈত্ৰেয়ী, শাশ্বতী, আত্ৰেয়ী আদি জ্ঞানপ্ৰজ্ঞা মহীয়সী নাৰীয়ে ধন্য হৈ আহিছে৷  নাৰীৰ বিষয়ে শাস্ত্ৰতো আছে এনেদৰে– “কাৰ্যেষু মন্ত্ৰী, কৰণেষু দাসী ভোজ্যেসু মাতা, শয়...
ফাগুন কৰবী বৰ্মন কলিতা

ফাগুন কৰবী বৰ্মন কলিতা

CURRENT TOPIC
ফাগুন মানে পলাশ-শিমলু-মদাৰৰ এক মধুৰ আচ্ছাদন৷ এফালে ফাগুন মানেই পচোৱাৰ সৈতে ৰাঙলী হৈ উঠা পলাশ-মদাৰ-শিমলু, আনফালে ফাগুন মানে তৰাং নদীৰ উচুপি উঠা দুটি পাৰ৷ এফালে ফাগুন মানে উদাস উদং ৰিক্ত ধূলিয়ৰি আকাশৰ কৰুণতা, আনফালে ফাগুন মানেই তেজ ৰঙা আবেলি... এফালে ফাগুন যদি ৰঙা ফুলৰ দলিছা, তেন্তে আনফালে ফাগুন লঠঙা ডালৰ কৰুণ বিননি ... সৰাপাতৰ নিৰ্মম উচুপনি ... ফাগুনে যেন মায়া জানে ... মায়াবী ফাগুনক শব্দৰ মায়াজালেৰে ধৰি ৰখাতো খুবেই কঠিন৷ স্ব মহিমাৰে মহিমা মণ্ডিত ফাগুন/ তথাপিও ফাগুন যেন সকলোৰে প্ৰিয় সকলোৱে নিজস্ব ভাবেৰে উপভোগ কৰিব খোজে ফাগুনক৷ ফাগুনৰ মাদকতা আছে, এক অনামী শিহৰণ জগাই মন-প্ৰাণ চঞ্চল কৰি যায় ফাগুনে৷ পুৰণিৰ বুকুত নতুনৰ স্তৱক লিখে ফাগুনে৷ পুৰণি সাজযোৰ খুলি নতুন এজোৰ সাজ পিন্ধিবলৈ শীতত লঠঙা হোৱা বিৰিখক অৱকাশ দিয়ে ফাগুনে৷ শিমলু-পলাশৰ ৰঙৰ জুয়ে আকাশ ছানি ধৰে৷ গৰখীয়া ডেকাৰ সুহুৰি শুনি কোনো চঞ্চলা গ...

সম্পাদকীয়

CURRENT TOPIC
সামাজিক মাধ্যম এতিয়া প্ৰতিজন ব্যক্তিৰ বাবে এক অপৰিহাৰ্য মাধ্যম৷ মাত্ৰ অপৰিহাৰ্য পৰ্যায়তে নাথাকি ‘‘সামাজিক মাধ্যম’’ বহুতৰে এতিয়া আসক্তিৰ পৰ্যায়ো পাইছেগৈ৷সামাজিক মাধ্যম হ’ল এক বৈদ্যুতিক যোগাযোগ যি অনলাইনত বিভিন্ন এপবোৰৰ যোগেদি ইজনে-সিজনক সংযোগ, বাৰ্তাপ্ৰেৰণ আদি কৰিব পাৰে৷ সামাজিক মাধ্যমৰ ইতিহাস বেছি পুৰণি নহয়৷ এতিয়া সমগ্ৰ পৃথিৱীত সামাজিক মাধ্যম বুলিলে ফেচবুক, ইন্‌ষ্ট্ৰাগ্ৰাম আৰু হোৱাটছএপ এপকে বুজা যায়৷ কিন্তু ইয়াৰ আৰম্ভণি ১৯৯৫ ১ পৰা ১৯৯৭ ১ ভিতৰতহে হৈছিল৷ ৯০ ১ দশকৰ এই প্লেটফৰ্মবোৰ আছিল Geocities, Clasmates.com আৰু Six Digrees.com ইয়াৰ শেষৰটো অৰ্থাৎ Six Digrees.com এই পৃথিৱীৰ প্ৰথমটো সামাজিক মাধ্যমৰ স্বীকৃতি এপ বুলি মান্যতা প্ৰদান কৰা হয় আৰু এই এপৰ আবিস্কাৰক Andrew Weinreich সামাজিক মাধ্যমৰ পিতৃস্বৰূপে মান্যতা প্ৰদান কৰা হয়৷কুৰি শতিকাৰ আৰম্ভণিৰ পৰাই সামাজি মাধ্যমৰ উত্থান হয়৷ আন সকলোবোৰ মাধ্যমক...