
ধাৰাবাহিক “এখন নেদেখা নদীৰ সিপাৰে’’ (মঞ্জু মেচ)
নিৰ্দিষ্ট সময়ত চকীদাৰগৰাকীয়ে টং টং টং কৈ ঘণ্টা বজাই বিদ্যালয় ছুটিৰ সংকেত দিলে৷ শিক্ষক ছাত্ৰ-ছাত্ৰী, অভিভাৱক সকলোৱেই ঘৰমুৱা হ’ল৷ বৰষুণ অহাৰ আগেয়ে ঘৰ গৈ পাম বুলি ভাবি মানকীয়েও অহাৰ বাটেৰে খোজ ধৰিলে৷ পুৱাৰ সুন্দৰ বতৰটো দেখি মানকীয়ে লগত ছাতি অনা নাছিল৷ সেইবাবে যিমান পাৰি সিমান খৰকৈ মানকীয়ে ঘৰ অভিমুখে খোজ দিলে৷ ঘৰ পাবলৈ আৰু বেছি দূৰ নাছিল, কিন্তু মানকীৰ গাত ইতিমধ্যে টোপ টোপ কৈ বৰষুণ পৰিবলৈ ধৰিলে৷ এটা চেঁচা অনুভৱে মানকীৰ সমগ্ৰ দেহটো যেন স্পৰ্শ কৰিলে৷ মানকীয়ে ভাবিলে ঘৰ গৈ পাওঁ মানে তিতি জুৰুলি-জুপুৰি হ’ব লাগিব৷ ফাগুনৰ শুকাই যোৱা দেহ তিয়াই অহা বৰষুণজাকে হয়তো মানুহৰ শৰীৰত সিঁচি দিব পাৰে বহু ৰোগৰ বীজাণু৷ মানকীয়ে দীঘল পদূলিটোৰে খৰ-খেদাকৈ নীৰা শইকীয়াৰ ঘৰলৈ সোমাই গ’ল৷
পদূলিৰে মানকী সোমাই অহা দেখি নীৰা শইকীয়া চ’ৰা ঘৰৰ ফালে আগবাঢ়ি আহিল৷ দুৱাৰ মুখৰ পৰাই নীৰাই মানকীক মাত লগালে---
নীৰাঃ আহক বাইদেউ!
মা...