শ্ৰীশ্ৰীশ্যামৰায় সত্ৰ ঃএক অৱলোকনড॰ (নগেন কলিতা)
নলবাৰী জিলাৰ লাউপাৰাত অৱস্থিত শ্ৰীশ্ৰী শ্যামৰায় সত্ৰখন অসমৰ প্ৰাচীন সত্ৰবোৰৰ ভিতৰত এখন উল্লেখযোগ্য সত্ৰ৷ গৰাখহনীয়াৰ প্ৰবলত সত্ৰখন কেতিয়া স্থাপন কৰা হৈছিল সেই বিষয়ে লিখিত তথ্য-প্ৰমাণ পাবলৈ নাই যদিও জনশ্ৰুতিৰ ওপৰত ভিত্তি কৰি ইয়াৰ প্ৰতিষ্ঠা কাল খ্ৰীষ্ট্ৰীয় পঞ্চদশ শতিকাৰ কিছুকাল আগৰ বুলি ক’ব পৰা যায়৷ লাউপাৰা পূৰ্বতে অবিভক্ত কামৰূপ জিলাৰ অন্তৰ্ভুক্ত আছিল৷ হাতীমূৰা পাহাৰৰ পশ্চিমে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে এই গাঁওখন অৱস্থিত আছিল আৰু গোস্বামী, ব্ৰাহ্মণ, কোঁচ, কলিতাকে আদি কৰি বিভিন্ন জাতিৰ লোক বাস কৰিছিল৷ জনশ্ৰুতি অনুসৰি খ্ৰীষ্টীয় পঞ্চদশ শতিকাৰ আগতে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ মনপুৰৰ স্বৰ্গীয় সনাতন দেৱগোস্বামী (সন্তভূষণ)ৰ পুত্ৰ যাক সৰু গোঁসাই (জয়দেৰ) হিচাপে জনা যায়৷ জয়দেৱ গোস্বামীয়ে আগলতি কলপাত এখনত উঠি বাৰিষাৰ ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ হাতীমূৰা পাহাৰত অৱস্থান কৰিছিল৷ লাউপাৰাৰ গন্ধোৰদেলীয়...