অণুগল্প
পৰিৱৰ্তন(কৰবী বৰ্মন কলিতা)
গুৱাহাটী মহানগৰীত থাৰ্টি ফাষ্টৰ বিশাল আয়োজন চাৰিওফালে৷ সুৰাৰ বিপণীত এজাক গ্ৰাহকৰ লানি নিছিগা শাৰী৷ ৰাহুল আৰু বিশাল প্ৰায় কলেজীয়া দিনৰে পৰা এইবিধৰ লগত প্ৰেমত পৰা৷
বছৰৰ শেষৰটো দিনত, দুয়ো বন্ধুৱে লগ কৰাৰ কথা সন্ধিয়া৷ কথা মতেই কাম, বিশাল আৰু ৰাহুলৰ৷
বিশাল ঃ “ঐ, থাৰ্টি ফাষ্টত যিহেতু লৈ লওঁ৷ মোৰ তালৈ আহিবি ৰাতি ৷’’
ৰাহুলে অলপ চিন্তা কৰি ক’লে - “নেলাগে দে, মা অকলে থাকিব যে৷’’
বিশাল ঃ “আজি তোৰ কি হৈছে অ’ , তই স্ফূৰ্তি নকৰো মানে মোৰ লগত?’’
ৰাহুল ঃ “এনে স্ফূৰ্তি বহুত কৰিলো অ’ জীৱনত৷’’
বিশাল ঃ “তই ৰাহুল নে সঁচাকৈ, নে সলনি হ’লি? ’’
ৰাহুল ঃ “এৰা বছৰটো সলনি হৈ নতুন বছৰ আহিবৰ হ’ল৷ গতিকে ময়ো নিজকে সলনি কৰোঁ দে৷’’
...