Arup Kakoti – Page 27 – Purbodix.com

Author: Arup Kakoti

ধাৰাবাহিক                                                                “এখন নেদেখা নদীৰ সিপাৰে’’ (মঞ্জু মেচ)

ধাৰাবাহিক “এখন নেদেখা নদীৰ সিপাৰে’’ (মঞ্জু মেচ)

CURRENT TOPIC
নিৰ্দিষ্ট সময়ত চকীদাৰগৰাকীয়ে টং টং টং কৈ ঘণ্টা বজাই বিদ্যালয় ছুটিৰ সংকেত দিলে৷ শিক্ষক ছাত্ৰ-ছাত্ৰী, অভিভাৱক সকলোৱেই ঘৰমুৱা হ’ল৷ বৰষুণ অহাৰ আগেয়ে ঘৰ গৈ পাম বুলি ভাবি মানকীয়েও অহাৰ বাটেৰে খোজ ধৰিলে৷ পুৱাৰ সুন্দৰ বতৰটো দেখি মানকীয়ে লগত ছাতি অনা নাছিল৷ সেইবাবে যিমান পাৰি সিমান খৰকৈ মানকীয়ে ঘৰ অভিমুখে খোজ দিলে৷ ঘৰ পাবলৈ আৰু বেছি দূৰ নাছিল, কিন্তু মানকীৰ গাত ইতিমধ্যে টোপ টোপ কৈ বৰষুণ পৰিবলৈ ধৰিলে৷ এটা চেঁচা অনুভৱে মানকীৰ সমগ্ৰ দেহটো যেন স্পৰ্শ কৰিলে৷ মানকীয়ে ভাবিলে ঘৰ গৈ পাওঁ মানে তিতি জুৰুলি-জুপুৰি হ’ব লাগিব৷ ফাগুনৰ শুকাই যোৱা দেহ তিয়াই অহা বৰষুণজাকে হয়তো মানুহৰ শৰীৰত সিঁচি দিব পাৰে বহু ৰোগৰ বীজাণু৷ মানকীয়ে দীঘল পদূলিটোৰে খৰ-খেদাকৈ নীৰা শইকীয়াৰ ঘৰলৈ সোমাই গ’ল৷ পদূলিৰে মানকী সোমাই অহা দেখি নীৰা শইকীয়া চ’ৰা ঘৰৰ ফালে আগবাঢ়ি আহিল৷ দুৱাৰ মুখৰ পৰাই নীৰাই মানকীক মাত লগালে--- নীৰাঃ আহক বাইদেউ! মা...
গল্প                                                                                    ভঙা আইনাৰ টুকুৰা (নয়নী বৰগোহাঁই)

গল্প ভঙা আইনাৰ টুকুৰা (নয়নী বৰগোহাঁই)

CURRENT TOPIC
কাষৰ ৰুমৰ পৰা ধম ধামকৈ বস্তু দলিওৱা আৰn ¸চকী চোঁচোৰাই নিয়াৰ শব্দ আহিছে৷ নীহাৰে ঘড়ীটোলৈ চালে৷ দুপৰীয়া এক বাজিছে৷ সি ৰাতিপুৱা ন বজাত ৰুম সোমাইছেহিহে৷ দুই এটা সৰুসুৰা কাম কৰি বিচনাত উঠে মানে এঘাৰই বাজিছিল৷ এই দুঘণ্টাহে সি শুব পাৰিলে মানে! এই এলাৰ্ম ক্ল’কটো মানে এমিলী আণ্টিৰ হোমষ্টেটোৰ চেক আউট হৈ গৈছে বাৰ বজাত৷ গেষ্ট ওলাই যোৱাৰ পিছত ডেইলী একেই দৃশ্য৷ প্ৰচণ্ড শব্দৰে কঠোৰ বস্তু ঠেলা আৰু গোটেই মালিক বজাৰখনে শুনাকৈ এমিলী আণ্টিৰ চিঞৰ এই দুটাক বাদ দিলে নীহাৰৰ জীৱনত নতুনত্ব বুলিবলৈ একো নাই৷ প্ৰতিদিনেই বেলেগ বেলেগ গালিৰ সৈতে চকী, বিচনাবোৰ ঠেলি কোনো গেষ্টে ৰুমটো কিমান লেতেৰা কৰি গ’ল সেইটো চিঞৰি চিঞৰি সকলোকে নজনালে এমিলী আণ্টিয়ে পানী এগিলাছো খাব নোৱাৰে৷ সেই সময়তে যদি নীহাৰে দৰ্জা খুলি বাহিৰলৈ চাবলৈ চেষ্টা কৰে তেনেহ’লেটো সৰ্বনাশ৷ এনেও ওচৰ পাজৰ মানুহে জানিয়েই গৈছে এমিলী আণ্টিৰ ...
বুৰ্জ খলিফা দেশত ভ্ৰমণ(নবীন গগৈ)

বুৰ্জ খলিফা দেশত ভ্ৰমণ(নবীন গগৈ)

CURRENT TOPIC
যোৱা সংখ্যাৰ পিছৰ পৰা... বিভিন্ন ৰঙৰ ফুল ফুলি এখন ফুলনি বাগিছাই মানুহক আনন্দ দিয়াৰ দৰে ভিন্ন ৰুচি মানুহৰ চিন্তা কৰ্ষণৰ বাবে  পৰ্বত -পাহাৰ, নদ - নদী, জান- জুৰি, সাগৰ -মৰুভূমিৰে ঢাকি থকা পৃথিৱীখনক নিতৌ ন ন সৃষ্টিৰে সৰ্বাংগ সুন্দৰ কৰিছে৷ মানৱ সমাজৰ এচামে কেৱল দুবেলা- দুমুঠি আহাৰ যোগাৰ কৰা সমস্যাৰ পাছত দৌৰি আছে৷ আন এচামে আকৌ দৌৰিছে মানুহক সুন্দৰভাৱে জীৱন- যাপন কৰাৰ বাবে নতুনৰ সন্ধানত৷ নতুনৰ সন্ধানত ঘূৰি ফুৰোঁতে কলম্বাচে আমেৰিকা, ভাস্কো-ডা-গামাই ভাৰত আৱিষ্কাৰ কৰিলে৷ জীৱন - জীৱিকাৰ সংগ্ৰামৰ প্ৰাচীৰ ভেদি এচামে মানুহক আনন্দ দিবলৈ নিজৰ চিন্তা-চেতনাৰে সুন্দৰ পৃথিৱীখনক অধিকতম সুন্দৰ কৰি গঢ়ি তুলিছে তাজমহল, আইফেল টাৱাৰ,  পিৰামিড,  পিচাৰ দৰে সুউচ্চ নিৰ্মাণবোৰ, যাক চাই নয়ন জুৰায় সুন্দৰৰ সন্ধানত প্ৰতিদিনে ঘূৰি ফুৰা পৰিভ্ৰমী যাত্ৰীবোৰে৷ বিশ্বৰ ভিন্ন প্ৰান্তত গঢ়ি তোলা এনেধৰণৰ দৃষ্টিনন্দন নিৰ্মাণৰ তালিক...
অণুগল্প

অণুগল্প

CURRENT TOPIC
গোলাপ, কাঁইট আৰু ভালপোৱাৰ কথা(বৰ্ষা শইকীয়া) গল্পৰ নায়িকাই গল্পৰ নায়কক সুধিলে- ‘অ’ ভালপোৱা, সঁচাকৈ কোৱাচোন-মোক কিমান ভালপোৱাক্ক ’ ক্ন গল্পৰ নায়কজন অলপ ৰ’ল আৰু হাঁহিলে৷ ক্ন নায়িকাই আকৌ সুধিলে-একো নক’লাযেক্ক ক্ন নায়কে এইবাৰ ক’লে-‘আকাশে পৃথিৱীক যিমান ভাল পায় ময়ো তোমাক সিমান ভাল পাওঁ৷ ’ ঃ আৰু তুমি...ক্ক ঃ ইছ, তুমি নাজানা নেকি কিবা, মই তোমাক কিমান ভাল পাওঁক্ক ঃ জানো৷ তথাপি কোৱা৷ ঃ জীৱনে উশাহটোক যিমান ভাল পায় ময়ো তোমাক সিমানেই ভাল পাওঁ৷ .....কিছু মৌনতা আৱৰি ৰাখিবানে মোক প্ৰতিপল...ক্ক নায়িকাৰ চকুত মৰম আৰু অভিমানৰ কিছু প্ৰলেপ৷ ঃ আজীৱন আৱৰি থাকিম... ...কাঁইটে গোলাপক আৱৰি ৰখাৰ দৰে... ক্ন নায়কে প্ৰত্যুত্তৰত ক’লে৷ ক্ন নৈঃ শব্দৰ বুকুত বুকুৰ শব্দবোৰ ওলমি ৰয়৷ ক্ন নায়ক-নায়িকা দুয়ো আকৌ কথা পতাত মগ্ন হয়৷ গল্পটো লিখি শেষ কৰাৰ আগতে গল্প লেখিকাই বাগিছাখনত কাঁইটৰ মাজত ফুলি থকা গোলাপ দুপাহৰ স’তে আ...

সপোন কুঁৱৰী(হিমা কলিতা

CURRENT TOPIC
নিশা যেতিয়া গাভৰু হয়নীৰৱ হৈ পৰে চৌদিশসপোনবোৰে টিঘিল ঘিলাই ফুৰে ঘূৰিঠিকনাবিহীন হৈময়ো পৰ্বত-পাহাৰ একাকাৰ কৰিলোঁহেৰোৱা সপোন কুঁৱৰীক বিচাৰিদূৰ - দিগন্তৰ নীল আকাশত গ’ল উৰিৰুণুক-জুনুক সপোনবোৰেনাযাবা অ’ হেৰাইউান্ত হৈ সপোন কুঁৱৰীসেমেকা হৃদয়ৰে আছোঁ বাট চাইআলফুলে লৈ সাৱটিএটি মিঠা হাঁহিকুঁৱৰীৰ ৰুণুক জুনুক ছন্দতশিৰে শিৰে তৃষা জাগেনিশাৰ গভীৰতাৰ আঁকুলতাতদলদোপ দলদোপ বুকুত বাজেবিমূৰ্ত নিশাৰ বেদনা আঁতৰাওতোমাতেই হৈ লীনহিয়াৰ মৰমবোৰ মুকুতা হৈসৌন্দৰ্যৰ সৰলৰেখাতআছে জিলমিল হৈসেয়াও দিম তোমাক বিলায়হৃদয়ঙ্গম কৰি হৃদয়তঠুনুক ঠুনুক ঠুনুক কৈ ........ ৰুণুক জুনুক জুনুক কৈ .......৷ ৷ ৷...

নিজান বনৰ নিনাদ(ৰীমা দুৱৰা

CURRENT TOPIC
সৌ সিদিনাহে যেনতাই পৃথিৱীলৈ আহিয়েইকান্দিছিলআৰn ¸মইমই পিতৃ হোৱাৰ আনন্দতহাঁহিছিলোঁসৌ সিদিনাহেযেনতোক পিঠিত উঠাইঘোঁৰা ঘোঁৰা খেলিছিলোঁ৷ সৌ সিদিনাহে যেনতোক প্ৰথম স্কুলৰদুৱাৰমুখলৈ আগবঢ়াইথৈ আহিছিলোঁ, তই সেমেকাচকুৰে মোলৈ চাই আছিলি সৌ সিদিনাহে যেন তোকবিশ্ববিদ্যালয় ছাত্ৰ আলয়তথৈ নিৰল চকুলো টুকিছিলোঁ৷ কি যে আনন্দ পাইছিল অ’ সোণতোৰ অভাৱবোৰ পূৰ্ণ হোৱাতদেউতা বুলি সাৱতি ধৰিছিলযেন যেন তোৰ পৃথিৱীখন ময়ে আছিলোঁ৷তোৰ আনন্দবোৰত আমিসুখী হৈ পৰিছিলোঁ৷ তই যিটোকে বিচাৰিছিলি তাকেদিবলৈ ক’ত যে কষ্ট কৰিব লগা হৈছিল৷তোৰ বাবে কোঠালি এটাৰ প্ৰয়োজন,আঁৰৰ আবদাৰমই ৰাজ মিস্ত্ৰিৰ লগতৰাজ মিস্ত্ৰী হৈছিলোঁ৷তোৰ পঢ়িবলৈ টেবুলৰ প্ৰয়োজনমই নিজেই কাঠৰ মিস্ত্ৰি হৈটেবুল সাজিছিলোঁ৷আৰু যে ক’ত কি স্মৃতি/ বৃদ্ধাশ্ৰমত আজি বৰকৈমনলৈ আহিছে তোক লৈ কৰাসপোনবোৰৰ কথা৷তোক বিয়া পাতি দিম/তোৰ সন্তানৰ লগতঘোঁৰা ঘোঁৰা খেলিম/ ঠিকেইতো আছিল সকলো৷পাছে এইটো সপোনহে বাদ...

মোৰ হৃদয়ত তুমি(পাৰ্থ বিজয় বৰুৱা)

CURRENT TOPIC
মোৰ হৃদয়ত তুমি( ৰাতিপুৱা সাৰ পাইছিলোঁ তোমাৰ প্ৰথম ফোনটোত তোমাৰ হাঁহিৰেই মোৰ দিনটো আৰম্ভ হৈছিল৷ স্মৃতিৰ বুকু ফালি নিজকে হেৰুৱাই কিয় জানো তোমাক ৰোমন্থন কৰো বাৰে বাৰে আজিও মনত পৰে তোমাৰ সেই মিঠা হাঁহিটো আৰn ¸নীলা চকুজুৰিলৈ ফেচবুকত যেতিয়া তোমাৰ ফটোবোৰ দেখো, সুধিব মন যায় জানা তুমি সঁচাকৈয়ে সুখীনে? নে মোৰ পৰা আঁতৰি অহা দুখে তোমাক এতিয়াও আৱৰি আছে৷ আজিও মনত পৰে কলেজৰ প্ৰথম দিনটোলৈ, যিদিনাখন তোমাক প্ৰথম দেখিছিলোঁ আৰn দেখি নিজকে হেৰুৱাই পেলাইছিলোঁ৷ বিচাৰি পাইছিলোঁ এক সঁচা হৃদয় তোমাৰ মাজত প্ৰথমে বন্ধুত্ব, তাৰপাছত প্ৰেম৷ কেনেদৰে আমি কলেজৰ কেম্পাছত ঘূৰি ফুৰিছিলোঁ, হাঁহি ধেমালি কৰিছিলোঁ, মোৰ আজিও মনত আছে৷ বেলেগৰ লগত কথা পতা দেখিলেও মই বৰ জ্বলিছিলোঁ জানা এনে লাগে যেন তোমাক নিজৰ ওচৰতে ৰাখিম সকলো সময়ত৷ কিন্তু নোৱাৰিলোঁ তোমাক ধৰি ৰাখিব মা-দেউতাৰ সুখৰ বাবে তুমি বেলেগৰ হাত ধৰি আঁতৰি গ’লা৷ কোনে কয় প্ৰেম এব...
বাল্য বিবাহ আৰু আইন(মুখলিছা ফাৰহানা ৰহমান)

বাল্য বিবাহ আৰু আইন(মুখলিছা ফাৰহানা ৰহমান)

CURRENT TOPIC
অসমত বছৰি প্ৰায় ৩ লাখ বিবাহ সম্পন্ন হয় আৰু তাৰে প্ৰায় ৫০ হাজাৰ বাল্য বিবাহৰ ঘটনা সংঘটিত হয়৷ পশ্চিম আফ্ৰিকান দেশ, ছৌদি, বাংলাদেশ আদি দেশত বাল্যবিবাহৰ হাৰ বেছি৷ আমাৰ দেশত বিবাহৰ ক্ষেত্ৰত ল’ৰাৰ ২১ বছৰ আৰু ছোৱালীৰ ১৮ বছৰ সম্পূৰ্ণ হ’লেহে আইনমতে বৈধ বুলি ধৰা হয়৷ ওপৰত উল্লিখিত বয়সৰ তাৰতম্য হলে এনে বিবাহক বাল্য বিবাহ বুলি কোৱা হয়৷ ভাৰতবৰ্ষত অতীত কালৰে পৰা এই প্ৰথা প্ৰচলন হৈ আহিছে৷ কিছু সংখ্যক কুসংস্কাৰী আৰু অন্ধবিশ্বাসী লোকৰ মাজত বৰ্তমানেও এনে বিবাহ প্ৰথা চলি আছে৷ বৰ্তমান এই প্ৰথা বহু পৰিমাণে নিৰ্মূল কৰা হৈছে যদিও ৩০ণ নাৰীয়ে এতিয়াও ১৮ বছৰৰ আগতে বিবাহ পাশত আবদ্ধ হয়৷ বিশ্ববেংকৰ বাল্য বিবাহৰ অৰ্থনৈতিক প্ৰভাৱ শীৰ্ষক গৱেষণা আৰু আন্তৰ্জাতিক গৱেষণা কেন্দ্ৰই মহিলাৰ ওপৰত যুটীয়াভাবে কৰা গৱেষণাৰ অধ্যয়নত প্ৰকাশ পাইছে যে, Biggest economic impact of child marriage are related to fertility and population grow...
প্ৰসিদ্ধ উৰিয়া উপন্যাসৰ মুকলি অনুবাদ

প্ৰসিদ্ধ উৰিয়া উপন্যাসৰ মুকলি অনুবাদ

CURRENT TOPIC
সাৰাংশ ( মূল ঃ ড॰ গৌৰহৰি দাস অনুবাদ ঃ নিৰ্মালি মহন্ত যোৱা সংখ্যাৰ পিছৰ পৰা... ঃ বুজি পাইছোঁ ছাৰ৷ -সুভেন্দুৱে ক’লে৷ ঃ কি বুজিলা? ঃ গাওঁখন উঠি গ’লে আপোনালোকৰ পাৰ্টীৰ মানুহৰ ওপৰত কোনো প্ৰভাৱ নপৰিব৷ ঃ কিন্তু সেইয়া সম্ভৱ এক মোটা ৰকমৰ বিনিময়ত আৰু এই কথাটো আপোনালোকৰ কোম্পানীয়ে বুজি পোৱা উচিত৷ নহ’লেনো আমাৰ দলৰ নেতাসকলৰ মাজত সেই গাওঁখনৰ প্ৰতি সহানুভূতি জগাই তোলাত আমাৰ নো কিমান সময় লাগিব? আজি আমাৰ দল সেই গাঁৱৰ মানুহখিনিৰ পক্ষ লৈ আপোনালোকৰ কোম্পানীৰ বিৰুদ্ধে যদি থিয় হৈ যায়, অনাগত দিনত পাটপুৰৰ গোটেইখিনি ভোট আমাৰ হাতলৈ আহিবলৈকো বেছি সময় নালাগিব৷ ঃ ছাৰ! ছাৰ! আপুনি এজন বুদ্ধিমানে নেতায়েই নহয়, এজন সুদক্ষ ৰণকুশলীও৷ আমাৰ মেনেজমেণ্টে আপোনাৰ পাৰ্টীৰ এই সহযোগৰ মূল্য নি(য় বুজি পাব৷ ঃ ময়ো তাকেই আশা কৰোঁ৷ ঃ ৰ’ব, ড্ৰাইভাৰজন পান লৈ আহি পালে হ’ব পায়৷ পিছত এই বিষয়ে ভালকৈ কথা পাতিম৷ পাটপুৰলৈ অহ...
শ্ৰীশ্ৰী সৰস্বতী পূজা, আধুনিকতা

শ্ৰীশ্ৰী সৰস্বতী পূজা, আধুনিকতা

CURRENT TOPIC
আৰু কিছু কথা... জয় জয় দেৱী চৰচৰসাৰে কুচযুগশোভিত মুক্তাহাৰে৷ বীণা-পুস্তকৰঞ্জিত হস্তে, ভগৱতী ভাৰতী দেৱী নমস্তে৷৷ হিন্দু দৰ্শনৰ এগৰাকী উপাস্য দেৱী হ’ল শ্ৰীশ্ৰী সৰস্বতী দেৱী৷ দেৱী ভগৱত পুৰাণৰ মতে দেৱী আদ্যাপ্ৰকৃতিৰ তৃতীয় অংশত সৰস্বতীৰ জন্ম৷ তেওঁ ভগৱান বিষ্ণুৰ জিহ্বাগৰ পৰা উৎপন্ন হৈছে৷ সেয়েহে তেওঁৰ সৰস্বতী দেৱী বুলি কোৱা হয়৷ সৰস্বতী হ’ল বাক্য, বুদ্ধি, বিদ্যা আৰু জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী৷ লগতে তেওঁক সংগীত আৰু শিল্পকলাৰ অধিষ্ঠাত্ৰী দেৱী বুলিও কোৱা হয়৷ সৰস্বতী দেৱী সংশয় বিনাশিনী, সৰ্বসিদ্ধি প্ৰদায়িনী আৰু বিশ্বৰ উপজীৱিকা স্বৰূপিনী বুলিও অভিহিত কৰা হয়৷ প্ৰাচীন কালৰে পৰা ভাৰতবৰ্ষত উপাসক দেৱ-দেৱীসকলৰ পূজা-অৰ্চনা কৰি অহা হৈছে৷ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো অতি উলহ-মালহেৰে সৰস্বতী দেৱীৰ পূজা উদ্‌যাপন কৰি অহা হৈছে৷ যিহেতু সৰস্বতীক বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী বুলি কোৱা হেতুকে শিক্ষানুষ্ঠান সমূহ...