
সাৰাংশ (ড॰ গৌৰহৰি দাসসাৰাংশ) (নিৰ্মালি মহন্ত)
লাহেকৈ সেই সময় আহি পালে৷ মন্ত্ৰীৰ হেলিকপ্টাৰৰ ঘূৰি থকা পাখিৰ কোবত ঠাই ডোখৰত পৰি থকা শুকান পাতৰ লগতে ধূলিবোৰ চৌদিশে উৰিবলৈ ধৰিলে৷ মন্ত্ৰীক হেলিকপ্টাৰৰ পৰা নমা চাবলৈ থিয় হৈ থকা কণ কণ ল’ৰা-ছোৱালীবোৰক পুলিছে যিমান পাৰে দূৰলৈ পঠিয়াইছে৷
লগে লগে হেলিকপ্টাৰৰ পৰা মন্ত্ৰী, বিধায়ক, তেওঁলোকৰ দুজন কৰ্মচাৰীৰ সৈতে মুঠ পাঁচজন মানুহ নামি আহিল৷ তাৰে এজন মন্ত্ৰীৰ দেহৰক্ষী৷ যিয়ে নিজৰ ডাঙৰ ডাঙৰ চকু দুটাৰে সতৰ্ক হৈ চাৰিওফালে দৃষ্টি নিক্ষেপ কৰি আছে৷ পাটপুৰখনক দেখি তেওঁ মনতে ভাবিছে চাগে -এইবোৰ ঠাই জানো মন্ত্ৰী আহিব লগীয়া ঠাই? তেওঁলোকৰ পিছে পিছে হাতত ক’লা বেগ এটা ধৰি আহিছল এজন সুদৰ্শন যুৱক৷ হেলিকপ্টাৰৰ পাইলটজন পিছে ভিতৰৰ পৰা ওলাই নাহিল৷ গাঁৱৰ কণ কণ ল’ৰা-ছোৱালীবোৰৰ কিন্তু তেওঁকহে চাবলৈ মন আছিল৷ মন্ত্ৰী গুচি অহাৰ পিছত দুজন পুলিচ হেলিকপ্টাৰখনৰ ওচৰতে ৰৈ থাকিল৷ দুপৰীয়াৰ উজ্জ্বল পোহৰত ধক ধক কৈ বগা হেলিকেপ্টাৰখন চিকচি...