Arup Kakoti – Page 41 – Purbodix.com

Author: Arup Kakoti

কবিতা

POEM
আহিনৰ পৰশত চন্দ্ৰ দত্ত  আহিনৰ পৰশত গাখীৰতী ধানৰ থোকে থোকে লাগি থাকে কৃষকৰ ঘাম আৰু তেজৰ চেঁকুৰা, আশাৰ বৰ্ণিল স্বপ্ন ভাঁহি থাকে মেহনতী মানুহৰ চকুৱে চকুৱে৷   আহিনৰ পৰশত জুৰিটিৰ পাৰত ফুলে কোমল কহুঁৱা ফুল বিৰিণাই হালি-জালি নাচে, আকাশৰ বুকুৰে সৰে টোপ টোপ নিয়ৰৰ কণা, শৰতৰ প্ৰেম শেৱালিৰ স’তে গোপন অভিসাৰ/ নিয়ৰৰ আলিংগন/ পুৱাৰ সুৰুযৰ সোণালী কিৰণত মুকুতা মণি জ্বলে দুবৰিৰ শিৰত৷   আহিনৰ পৰশত বিলৰ বুকুত ফুলে পদুমৰ পাহি, কুঁৱলিৰ আৱৰণ ফালি জিলিকি উঠে ৰক্তিম আভা, তোমাৰ ওৰণি তলৰ সলাজ হাঁহিৰ দৰে/   আহিনৰ পৰশত বিলৰ বুকুত ফুলে পদুমৰ পাহি, কুঁৱলিৰ আবৰণ ফালি জিলিকি উঠে ৰক্তিম আভা, তোমাৰ ওৰণি তলৰ সলাজ হাঁহিৰ দৰে/ আহিনৰ পৰশত আলসুৱা শৰতৰ আকলুৱা মৰম ফৰকাল আকাশত qw ডাৱৰ দিগন্ত সীমনাৰে উৰি যায় দিক্‌ভ্ৰান্ত শৰালিৰ জাক৷   শাৰদী জোনৰ স্নিগ্ধ জোনাকত উৰি ফুৰে সুৰ এটি হৈ আশাভৰা জীৱনৰ গান৷  ...
আমাৰ অনুভৱ

আমাৰ অনুভৱ

CURRENT TOPIC
‘উত্তৰাকাণ্ড ৰামায়ণ’ৰ সীতা ড॰ নিৰুপমা ভট্টাচাৰ্য শংকৰদেৱৰ সাহিত্য বা দৃষ্টিত নাৰীৰ ধাৰণা আচলতে এক গৱেষণাৰ বিষয়৷ স্ত্ৰী চৰিত্ৰসমূহ তেওঁৰ ৰচনাত কি ধৰণে প্ৰতিফলিত হৈছে তাক আলোচনা কৰাটো আজিৰ সমাজৰ পৰিপ্ৰেক্ষিতত অতিশয় প্ৰাসংগিক বুলি চিহ্নিত কৰিব পাৰি৷ বৰ্তমান নাৰীবাদৰ ধাৰণাৰ উন্নত প্ৰসাৰৰ যুগতো শংকৰদেৱৰ দৰ্শনত নাৰীয়ে কি ভূমিকা গ্ৰহণ কৰিছিল সেয়া সময় উপযোগী বুলি অনুভৱ হৈছে৷ সৃষ্টিৰ উৎস জননীক শংকৰদেৱে নানাধৰণে নানা ছন্দ, গান, ৰূপ-ৰসেৰে ভৰাই তুলিছিল৷ সকলোবোৰ আলোচনা এই সামান্য প্ৰবন্ধত আলোচনা কৰা সম্ভৱপৰ নহয় বাবে আমি তেখেতৰ এটা চৰিত্ৰকে ফুটাই তোলাৰ যত্ন কৰিব খুজিছোঁ৷ বৈদিক যুগতো মন্ত্ৰ দ্ৰষ্টা ঋষিসকলে বিশ্ব প্ৰপঞ্চৰ নিয়ামকৰূপে এক স্ত্ৰী সত্তা স্বীকাৰ কৰি লৈছিল৷ ঋকবেদৰ দেৱীসূত্ৰত অসীম ক্ষমতাশালিনী শক্তিক দৈৱিক ৰূপ প্ৰদান কৰা হৈছিল৷ যুগে যুগে মাতৃক শ্ৰদ্ধা-সন্মানৰ গৰাকী বুলি প্ৰমাণ কৰা হৈছি...
<strong>ইতিহাসৰ </strong><strong>বাটেৰে …</strong>

ইতিহাসৰ বাটেৰে …

CURRENT TOPIC
গুপ্তেশ্বৰ দেৱালয় ... অঞ্জন ডেকা সুজলা-সুফলা অসমৰ চুকে-কোণে কোনোবা দূৰ অতীততেই গঢ়ি উঠিছিল উন্নত সমাজ ব্যৱস্থা৷ পৃথিৱীৰ আন ঠাইৰ দৰেই ইয়াতো মানুহে উন্নয়নৰ সপোন দেখিছিল৷ নিৰ্মাণ হৈছিল বহু উন্নত স্মাৰক, স্থাপত্য, মঠ-মন্দিৰ ইত্যাদি৷ এই ঠাইসমূহৰ ভিতৰত অসমৰ শোণিতপুৰ জিলাৰ শিঙৰিও আছিল উল্লেখযোগ্য৷ এই শিঙৰি নামৰ ঠাইখনে দুৰ অতীতৰ পৰা বৰ্তমানলৈকে বহন কৰি আহিছে এক অতি চহকী অতীত৷ বিশেষকৈ সেই তাহানিতে এই শিঙৰিত স্থাপিত হৈছিল বহু শিল্প-ভাস্কৰ্যখচিত এক বিশেষ শিলৰ স্থাপত্য৷ কোনো এক সময়ত এই স্থাপত্যক হিন্দুধৰ্মৰ উপাস্য দেৱতা শিৱৰ নামত উৎসৰ্গা কৰা হৈছিল৷ স্থাপন হৈছিল দেৱাদিদেৱ শিৱৰ এক অন্য উপাসনাস্থলী৷ প্ৰতিষ্ঠা কৰা হৈছিল শিৱৰ এক অন্য ৰূপ৷ গুপ্তেশ্বৰ শিৱ৷ এক প্ৰাচীন স্থাপত্য আৰু ইফালে সিফালে বিভিন্ন খননৰ সময়ত উদ্ধাৰ হোৱা অলেখ শিল্প-ভাস্কৰ্য খোদিত শিলাখণ্ড তথা অতি প্ৰাচ...
মনৰ আকাশ খণ্ড-২

মনৰ আকাশ খণ্ড-২

CURRENT TOPIC
সমাজসেৱক মৃণাল পাটৰ (বাবুল)ৰ সৈতে হোৱা পূৰ্বদিশৰ এক আছুতীয়া সাক্ষাৎকাৰ তন্দ্ৰালী মূৰ্ছনা ৰামধেনুৰ ৰঙৰ দৰেই ভিন্নৰঙী আমাৰ মনৰ মাজতে একো একোখন নিজস্ব পৃথিৱী আছে৷ এই পৃথিৱীৰ তাগিদাত মানুহবোৰ ব্যস্ত হৈ পৰে৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই মানুহৰ প্ৰয়োজন পূৰ্ণ কৰি গৈ আছে যদিও বিজ্ঞানে আৱিস্কাৰ কৰিব নাই মানৱতা, একতা, সু-সংস্কাৰ ধৰি ৰখাৰ যন্ত্ৰ৷ আৱিস্কাৰ কৰিব পৰা নাই ভঙা হৃদয়ৰ ঘাঁ শুকুৱাই দিয়া এটা মেচিন৷ হৃদয়বান মানুহ কোনো যন্ত্ৰৰ আশ্ৰয় নোলোৱাকৈ মহান হয়৷ সঁচা সম্পৰ্ক ধৰি ৰাখিব জনাসকলে দিব জানে আপোনজনক সঁচা মূল্য৷ যান্ত্ৰিকতা আঁতৰাই সম্পৰ্কবোৰক বুজি উঠিলেই গঢ়ি উঠে এখন নিভাঁজ পৃথিৱী৷ য’ত সুখবোৰো নাচি উঠে৷ যোৱা সংখ্যাৰ ‘পূৰ্বদিশ’ত আমি পাতিছিলোঁ এজন মানৱ দৰদী ব্যক্তিৰ কথা৷ যিজন ব্যক্তিয়ে কেৱল অনুভৱ কৰে মানুহৰ আত্মাৰ গান৷ কেৱল মানুহৰ বাবেই কাম কৰি পায় প্ৰশান্তি৷ মৰিগাঁও জিলাৰ নেলী অঞ্চলৰ বেলি...
নাৰী মাত্ৰেই মাতৃত্ব  কিমান জৰুৰী?

নাৰী মাত্ৰেই মাতৃত্ব কিমান জৰুৰী?

CURRENT TOPIC
ঊৰিমলী বৰকটকী বিষয়বস্তু দেখিয়েই হয়তো বহুতৰে চকু কপালত উঠিব৷ পিছে এয়া এক সত্য, ঠিক যিদৰে নাৰীৰ প্ৰাকৃতিকভাৱে সন্তান গৰ্ভত ধাৰণ কৰা আৰু জন্ম দিয়াৰ ক্ষমতা সত্য৷ পিছে আজিৰ বিষয়টো হৈছে, কিয় নাৰী এগৰাকী সন্তান জন্ম দিবৰ বাবে ইচ্ছুক নহ’ব পাৰে! ইয়াৰ খাৰাংখাছ বা এক কথাত উত্তৰ হ’ব পাৰে-“নিজৰ ইচ্ছা, ক্ষমতা থাকিলেই সকলো কাম কৰা বাধ্যতামূলক নহয়’’৷ পিছে ইয়াৰ উপৰিও থকা কিছু কাৰণৰ বিষয়েহে লিখিব লৈছোঁ আজি৷  হয়, প্ৰজনন কৰিব পৰাৰ ক্ষমতা নাৰীৰেই থাকে৷ জীৱকুল চলি আছে এনেদৰেই৷ পিছে, পৃথিৱীজুৰি বিৰ্দ্ধত জনসংখ্যা নি(য়কৈ দুই-চাৰিগৰাকী সন্তান জন্ম নিদিয়া নাৰীৰ বাবে থমকি নৰয়৷ এটা সন্তান জন্ম দিয়া মানে এক বৃহৎ দায়িত্ব নিজৰ কান্ধত তুলি লোৱা৷ কায়িক-মানসিক-আৰ্থিক সকলো দিশতেই এটি শিশুক পৃথিৱীত নিজে খুটি খাব নোৱাৰা পৰ্যন্ত পৰ্যাপ্ত নিৰাপত্তা প্ৰদান কৰা৷ এই আটাইখিনি দায়িত্ব সুচাৰুৰূপে পালন কৰিব পৰা পিতৃ-মাতৃ ক...
আমেৰিকাৰ ডায়েৰী

আমেৰিকাৰ ডায়েৰী

CURRENT TOPIC
গীতাঞ্জলি বৰুৱা আজি যিটো বিষয়ৰ ওপৰত লিখিব লৈছোঁ, এই বিষয়ে মোৰ জ্ঞান তেনেই নগণ্য৷ তথাপি বুকুত অলপ সাহস গোটাই নিজৰ ক্ষুদ্ৰ অনুভৱখিনি আগবঢ়াইছোঁ৷ স্বাধীনতা শব্দটোৰ প্ৰকৃত অৰ্থ পৰাধীন লোকসকলেহে ভালকৈ ব্যক্ত কৰিব পাৰিব৷ মোৰ এখন স্বাধীন  ৰাষ্ট্ৰত জন্ম যদিও স্বাধীনতা দিৱস এদিনো উলহ-মালহেৰে উদযাপন কৰি নাপালোঁ৷ মোৰ সৰুকালৰ এটা কথাই মনত আছে, আমাৰ ভাড়াঘৰত প্ৰাপ্তবয়স্ক  শিক্ষাৰ কাৰ্যালয় এটা আছিল তাৰে ৪ জন কৰ্মচাৰীৰ সৈতে বিষয়াজনে ৰাতিপুৱাই জাতীয় পতাকা উত্তোলন  কৰে আৰু আমি সকলোৱে ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰোঁ৷ তাৰপাছত সকলোৱে মিলি মিঠাই খাওঁ৷ পতাকাখন উত্তোলন কৰাৰ পাছত চোতালত পৰি ৰোৱা ফুলখিনি বুটলাও আন এটা স্ফুৰ্তি মোৰ৷ এইয়াই হৈছে মোৰ বাবে স্বাধীনতা দিৱস৷ এটা সময়ত কাৰ্যালয়টো আমাৰ ঘৰৰ পৰা গ’লগৈ তাৰ পাছত মোৰ বাবে ১৫আগষ্ট আৰু ২৬ জানুৱাৰী আমাৰ  অসম  ৰাজ্যখনৰ বাবে চাৰিওফালে বন্...
‘ভূপেন্দ্ৰ সংগীত’ আৰু এজন যোৰহটীয়াৰ কথা

‘ভূপেন্দ্ৰ সংগীত’ আৰু এজন যোৰহটীয়াৰ কথা

CURRENT TOPIC
মুকুল এম বৈশ্য পৃথিৱীৰ সংগীত জগতত কোনো সংগীতজ্ঞ, কোনো গীতিকাৰ, কোনো সুৰকাৰ বা কোনো গায়কৰ নামেৰে এক বিশেষলানি সংগীত বা তাৰ ধাৰাক স্বীকৃতি দিয়াটো এক জটিল কাম, এক সচৰাচৰ দেখিবলৈ নোপোৱা কাম৷ সংগীতৰ ধাৰা থাকে, তাৰ বিভিন্ন উপাদান থাকে আৰু সেইবোৰকেই মূল ভেঁটি কৰি একোটাহঁত সংগীত পৰম্পৰাক সংজ্ঞাবদ্ধ কৰা হয়, নামকৰণ কৰা হয়৷ উদাহৰণস্বৰূপে পাশ্চাত্যৰ পৃথিৱীত চিম্ফনী, জাজ, ব্লুজ, ৰ’ক আৰু প্ৰাচ্যৰ ভাৰতবৰ্ষৰ দৰে দেশত খেয়াল, থুমৰি, ভজন, গজল আৰু লঘু সংগীত ইত্যাদি৷ পিছে কেতিয়াবা বিশেষ কাৰকৰ তাগিদাত, বিশেষ অৰ্থৰ প্ৰয়োজনত, বিশেষ ভাবধাৰাক চিহ্নিত কৰিবলৈ বা বিশেষ সৃষ্টিক চিৰযুগমীয়া কৰিবলৈ ওপৰত উল্লেখ কৰা পৰম্পৰাগত সংগীতৰ ধাৰাবোৰৰ উপৰি আন এক বিশেষ সংগীতৰ সংজ্ঞাবদ্ধকৰণ প্ৰয়োজনীয় হৈ পৰে৷ ইয়াত সংগীতৰ ব্যাকৰণ, লিপি, নীতি-নিয়ম আৰু আনুসংগিক চৰ্তবোৰতকৈ সেই সংগীতৰ দৰ্শন আৰু মানৱ সমাজলৈ স...
গৰ্ভৱতী মহিলাৰ স্বাস্থ্যৰ যত্ন আৰু

গৰ্ভৱতী মহিলাৰ স্বাস্থ্যৰ যত্ন আৰু

CURRENT TOPIC
আমাৰ কৰণীয় ৰাজীৱ কাশ্যপ গৰ্ভাৱস্থাৰ সময়ছোৱা গৰ্ভৱতী মহিলা আৰু গৰ্ভস্থ সন্তান দুয়োৰে বাবে অতি মূল্যবান৷ গৰ্ভস্থ শিশুৰ স্বাস্থ্য আৰু ভৱিষ্যত জীৱনৰ মুল ভেটিটো এইখিনি সময়তে গঢ় লয়৷ স্বাস্থ্যৱতী মহিলাই এটি স্বাস্থ্যৱান শিশুৰ জন্ম দিব পাৰে৷ সেয়েহে এইখিনি সময়ত মহিলাগৰাকীৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো অতি প্ৰয়োজনীয়৷ তদুপৰি জন্মৰ পিছতো কিছুদিনলৈ শিশু সম্পূৰ্ণৰূপে মাকৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়৷ শিশুয়ে মাতৃ দুগ্ধপান কৰা সময়তো মাকে স্বাস্থ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়৷ এইখিনি সময়তো মাকৰ স্বাস্থ্য বেয়া হলে তাৰ বিৰূ¸প প্ৰভাৱ শিশুৰ ওপৰত পোনপটীয়াকৈ পৰে৷ সেয়েহে পৰিয়ালৰ লোকে বিশেষ যত্ন লোৱাটো অতি প্ৰয়োজনীয়৷   গৰ্ভাৱস্থাৰ সময়ছোৱাত দেখা দিয়া প্ৰধান সমস্যাসমূহ এনেধৰণৰ:  গ্ধ অপুষ্টিঃ অপুষ্টি গৰ্ভৱতী মহিলাৰ অন্যতম প্ৰধান সমস্যা আৰু অনাগত সময়ত হ’ব পৰা বিভিন্ন সমস্যাৰ কাৰক হিচাপে পৰিগণিত হয়৷...
বৃদ্ধ আৱাস

বৃদ্ধ আৱাস

CURRENT TOPIC
জিতেন বৰুৱা কিছুদিনৰ পৰা চৌদিশে ‘বৃদ্ধূ আৱাস’ৰ বিষয়ে আলোচনা, বাতৰি, গল্প, কবিতা, ইলেকট্ৰনিক মাধ্যমত ছিৰিয়েলতো দেখা গৈছে৷ চৰকাৰীভাবে বৃদ্ধাৱাস খোলাত বাধা প্ৰদান কৰাৰ কথা বৃদ্ধাৱাসত পিতৃ মাতৃ থব নোৱাৰাৰ আইন প্ৰণয়নৰ ধমকি পৰ্যন্ত শুনা গ’ল৷ এই ক্ষেত্ৰত নিৰপেক্ষ ভাবে ক’বলৈ গ’লে বিষয়বস্তুৰ ওপৰত গভীৰ অধ্যয়ন বা অভিজ্ঞতা অবিহনে বিহঙ্গম দৃষ্টিৰে পৰ্যবেক্ষণ কৰিয়েই প্ৰায়বোৰ বিষয়বস্তু উপস্থাপন কৰা দেখা গৈছে৷  গভীৰভাবে বিষয় বস্তুৰ ওপৰত অধ্যয়ন নোহোৱাকৈ দিয়া মতামত কেতিয়াও এশ শতাংশ শুদ্ধ হ’ব নোৱাৰে৷ এই খিনিতেই এটা অপ্ৰিয় সত্যৰ অবতাৰণা কৰিবলৈ পাই দুঃখিত যে এই আবাস গৃহসমূহ বৃদ্ধ লোকৰ বাসস্থান, গতিকে বৃদ্ধৰ আৱাস বৃদ্ধাৱাস কোৱাই সাৰ্থক, তাতোকৈ এখোপ আগুৱাই গৈ বৃদ্ধাশ্ৰম কোৱাটো অতিৰঞ্জিত৷ আশ্ৰম শব্দৰ মৰ্যাদা লাঘৱ কৰি আৰু নৱ প্ৰজন্মই শব্দটোৰ ভুল অৰ্থ এটা যাতে নুবুজে, তাৰ বাবেই বৃদ্ধাশ্ৰম কোৱাতো যুক্তিয...
গান্ধীজীৰ ধৰ্মীয় দৰ্শন

গান্ধীজীৰ ধৰ্মীয় দৰ্শন

CURRENT TOPIC
ঊজয়ন্ত দাস ধৰ্মক লৈ আমাৰ অনুসন্ধিৎসু মনৰ অন্ত নাই৷ মানৱ সভ্যতাৰ বিকাশৰ বিভিন্ন স্তৰ অতিক্ৰম কৰি আহি ধৰ্মই সমাজ সংস্কাৰকৰ ৰূপত অৱতীৰ্ণ হৈছে৷ ক্ৰমবিৱৰ্তনৰ ফলত ধৰ্ম সামাজিক ব্যৱস্থা হিচাপেই মানুহৰ গতানুগতিক জীৱনৰ এৰাব নোৱাৰা অংগ হৈ পৰিছে৷ মানৱ সভ্যতাক ধৰ্মই এক এনেকুৱা পৰ্যায়ত উপনীত কৰাইছে য’ৰ পৰা মানুহ আঁতৰি আহিব নোৱাৰে৷ এক শৃংখলাবদ্ধ জীৱন-যাপনৰ কৌশল আয়ত্ত কৰি মানুহে ধৰ্মৰ জৰিয়তেই মানৱীয় সংস্কাৰ সাধনত সফল হ’ব পাৰিছে৷ ধৰ্মৰ প্ৰৱৰ্তক তথা প্ৰচাৰক সকলেই আছিল একো একোজন চিন্তাবিদ, দাৰ্শনিক৷ সমান্তৰালভাৱে মানৱীয় সংস্কাৰৰ তেওঁলোক একো একোজন বৈজ্ঞানিক৷ যুগে যুগেই ধৰ্মৰ প্ৰচাৰক আৰু প্ৰৱৰ্তকসকলৰ জীৱন অন্বেষণো মানুহৰ কাৰণে অনুসন্ধিৎসু বিষয় হৈ পৰিছে৷ মানৱ সভ্যতাৰ সংকটৰ সময়তো ধৰ্মই সংকট মোচনৰ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিয়ে মানুহক মুক্তি মাৰ্গৰ সন্ধান দিছে৷ ধৰ্মই ভাৰতীয় সমাজ ব্যৱস্থাত অতীজৰে পৰা এ...