Arup Kakoti – Page 67 – Purbodix.com

Author: Arup Kakoti

কবিতা ৰচনাৰে ৰেকৰ্ড গঢ়া চান্দনীকা চৌধুৰী (অৰূপ কাকতি)

কবিতা ৰচনাৰে ৰেকৰ্ড গঢ়া চান্দনীকা চৌধুৰী (অৰূপ কাকতি)

CINEMA
বয়স মাত্ৰ ১৩ বছৰ ৩ মাহ৷ অষ্টম শ্ৰেণীৰ ছাত্ৰী, কিন্তু কৈশোৰ কালৰ টুকুৰা-টুকুৰ শব্দৰে প্ৰকাশ কৰা অনুভৱবোৰে কিশোৰীগৰাকীক কম বয়সতে কেইবাটাও উচ্ছমানৰ ৰেকৰ্ডৰ অধিকাৰী কৰি তুলিছে৷ ৭০ দিন ধৰি একেৰাহে ৭০ টা কবিতা ৰচনা কৰি প্ৰকাশ কৰাৰ বাবে অসম বুক অব ৰেকৰ্ডচত আৰু ৮০ দিন ধৰি ৮০ টা কবিতা ৰচনা আৰু প্ৰকাশেৰে বেংগল বুক অব ৰেকৰ্ডচত নিজৰ নাম অন্তভূৰ্ক্ত কৰিবলৈ সক্ষম হোৱা কিশোৰীগৰাকীয়েই হ’ল চান্দনীকা চৌধুৰী৷ NPত্ৰ ইণ্টাৰনেচনেল স্কুলৰ ছাত্ৰী চান্দনীকা অসমৰ কবি সমাজৰ এগৰাকী উল্লেখযোগ্য কিশোৰী কবি–যিগৰাকীয়ে ১২৫ দিনত ১২৫ টা কবিতা ৰচনা আৰু প্ৰকাশ কৰি ৱল্ডৰ্ ৰেকৰ্ডচ্ ইন ইনক্ৰেডিবল বুক অব ৰেকৰ্ডচ্ আৰু ব্ৰাড’ ইণ্টাৰনেচনেল বুক অৱ ৱল্ডৰ্ ৰেকৰ্ডচত নিজৰ নাম অন্তভুৰ্ক্ত কৰিবলৈ সক্ষম হৈছে৷ চান্দনীকাৰ স্বৰচিত কবিতা বিভিন্ন ধৰণৰ স্থানীয় আৰু ৰাষ্ট্ৰীয় বাতৰি কাকত আৰু অনলাইন পয়...
ষ্ট্ৰবেৰীৰ পায়স (স্মৃতিৰূপী খাউণ্ড)

ষ্ট্ৰবেৰীৰ পায়স (স্মৃতিৰূপী খাউণ্ড)

RECIPE
চাগু–ৰয২ কাপ, ষ্ট্ৰবেৰীৰ–১০ টা চেনী–ৰ কাপ গাখীৰ–ৰ লিটাৰ প্ৰথমতে দুঘণ্টাৰ বাবে চাগুখিনি তিয়াই কোমলাই ল’ব লাগে৷ ষ্ট্ৰবেৰীৰখিনি কম জুইত চেনী দি ভাজিব লাগিব৷ ষ্ট্ৰবেৰীখিনি গলি জেলিৰ দৰেই হৈ গ’লে গেছ বন্ধ কৰিব৷ এতিয়া এটা বহল পাত্ৰত গাখীৰখিনি পগাই আধা লিটাৰ মান হ’লেই কোমলাই থোৱা চাগুখিনি, চেনী দি লৰাই থাকিব৷ চাগুখিনি পানীৰ দৰেই হৈ গ’লে গেছ বন্ধ কৰি দি ঠাণ্ডা হ’বলৈ দিব৷ ষ্ট্ৰবেৰীৰ জেিলখিনি ঠাণ্ডা হোৱা চাগুৰ পায়সখিনিত ঢালি লৰাই দিব৷ বচ তৈয়াৰ ষ্ট্ৰবেৰীৰ চাগুৰ পায়স৷n ছাগলী মাংসৰ দহিবৰা ৰ৷ ছাগলীৰ মাংসৰ কিমা ২৷ পিয়াজ মিহি কুটি লোৱা ৩৷ নহৰু, আদাৰ পেষ্ট চ্ছ্ৰ৷ জিৰা গুৰি প্ত৷ ধনিয়া গুৰি ৬৷ জলকীয়া গুৰি জ্জ৷ শ্বাহী গৰম মচলা জ্জ্ব৷ বইল আলু জ্ঝ৷ কণী ১০৷ তেতেলী পানী, ৰৰ৷ দৈ ১২৷ চাট মচলা তৈয়াৰ কৰা পদ্ধতি– মাংসৰ কিমাখিনি কেৰাহিত তেল দি পিয়াজ, নহৰু আদা পেষ্ট দি ভাজিব লাগিব৷ গৰম মচল...
মমতা (মূল– ত্ৰিপুৰনেলি গোপীচাঁদ, অনুবাদ– বন্দনা বৰঠাকুৰ)

মমতা (মূল– ত্ৰিপুৰনেলি গোপীচাঁদ, অনুবাদ– বন্দনা বৰঠাকুৰ)

STORY
লাঠিদালত ভৰ দি মামা জোগায়য়াই পুখুৰীৰ পাৰত থকা জামু গছৰ কাষ পালেহি আৰু তলতে বহি পৰিল৷ ৰ’দৰ প্ৰকোপ বৰ বেছি৷ জোগায়াই চকুৰ ওপৰত হাতখন দি নিজৰ খেতি দৰালৈ চালে৷ খেতিৰ কাষৰ বাঁহ গছবোৰ তেওঁৰ চিনাকি৷ গছবোৰ জোগায়াৰ লগতে ডাঙৰ হৈছে৷ এবাৰ হালৰ বাবে বাঁহৰ দৰকাৰ হওঁতে তাৰ পৰাই দুডাল কাটিছিল৷ আজিও সেই পিনে চকু পৰিলে বৰ খালী যেন লাগে৷ ভাব হয় নিজ হাতে ডাঙৰ কৰা দুটা ল’ৰা যেন নাইকীয়া হ’ল৷ এটা হুমুনিয়াহ সৰি পৰিল৷ জোগায়াই পাগুৰীটো খুলিলে আৰু গছৰ তলত শুই পৰিল৷ তেওঁৰ তিনিটা ল’ৰা আৰু দুজনী ছোৱালী৷ ডাঙৰ ল’ৰা নৰমইয়াই খেতি পথাৰলৈ থাকে৷ দ্বিতীয়জনে কাপোৰৰ দোকান দি ৰোজগাৰ কৰে৷ ভেংকট সুকাইয়া সৰু সি ইংৰাজী পঢ়িছেহে মাত্ৰ৷ আটাইকেইটাই বাপেকক বৰ ভাল পায়৷ জোগায়াইও সিহঁতক বহুত ভাল পায়৷ কিন্তু পথাৰখনত সকলোতকৈ বেছি ভাল পায়৷ লাগিলে ল’ৰা-ছোৱালীকেইটাক নেদেখাকৈ এদিন থাকিব কিন্তু পথাৰ নেদেখাকৈ নহয় জোগায়াৰ ইচ্ছা তেওঁৰ ল’ৰা-ছোৱালীয়ে খ...
বিশ্বজিত বৰাৰ ‘‘বেলকনিত ভগৱান’’(ৰঞ্জন শৰ্মা)

বিশ্বজিত বৰাৰ ‘‘বেলকনিত ভগৱান’’(ৰঞ্জন শৰ্মা)

CINEMA
এফালে বিশ্ব আতংক কৰ’ণাৰ মহামাৰীৰ ভয়াবহতা আৰু আনফালে ৰঙালীৰ উখল-মাখল বতৰতে অসম বাসীলৈ সুখৰ বাৰ্তা কঢ়িয়াই আনিলে মুম্বাইত প্ৰতিষ্ঠিত অসম সন্তান, বিশিষ্ট চলচ্ছিত্ৰ পৰিচালক অসম সন্তান বিশ্বজিত বৰাৰ ‘বেলকনিত ভগৱান’ [God on the Belcony]য়ে৷ ইতিমধ্যে মুক্তিৰ পূৰ্বেই প্ৰায় কুৰিখনতকৈয়ো অধিক চলচ্ছিত্ৰ মহোৎসৱত ছবিখনে আমন্ত্ৰণ লাভ কৰিছে আৰু এতিয়ালৈকে কেইবাখনো চলচ্ছিত্ৰ মহোৎসৱত ছবিখন প্ৰদৰ্শিত হৈ শ্ৰেষ্ঠত্ব অৰ্জনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ লগতে পৰিচালক বিশ্বজিত বৰালৈও আহিছে শ্ৰেষ্ঠ পৰিচালকৰ বিৰল সন্মান৷ ই অসম বাসীৰ বাবে অতিকে আনন্দৰ খবৰ৷ বিশ্বজিত বৰা৷ অসমীয়া চলচ্ছিত্ৰ প্ৰেমীৰ বাবে অতিকে এটি চিনাকি নাম৷ বৰ্তমানৰ অসমীয়া চলচ্ছিত্ৰৰ নৱ প্ৰজন্মৰ সৃষ্টিশীল তথা অনুভৱী পৰিচালক সকলৰ মাজৰে এজন৷ সৰুৰে পৰা নাটক আৰু অভিনয় বলিয়া, সুন্দৰৰ আৰাধনাকে জীৱনৰ ব্ৰত হিচাবে লোৱা সপোন ...
মুক্তি পালে ‘‘হেকাৰ’’ (অৰূপ কাকতি)

মুক্তি পালে ‘‘হেকাৰ’’ (অৰূপ কাকতি)

CINEMA
মুক্তি পালে ‘‘আৰ. জি’’ প্ৰডাকচনৰ বেনাৰত নিৰ্মিত বহু অপেক্ষিত ৱেব-চিৰিজ ‘‘হেকাৰ’’ৰ ট্ৰেইলাৰ৷ ট্ৰেইলাৰটি উপভোগ কৰিলেই আপোনাসৱে গম পাব যে, চিৰিজখনি কিমান অগতানুগতিক হ’ব পাৰে৷ ইয়াৰ পূৰ্বেও আমি ৱেব-চিৰিজখনিৰ সন্দৰ্ভত বহুতো কথা পাতিছো৷ শেহতীয়াকৈ ট্ৰেইলাৰটি মুক্তি লাভ কৰাৰ পাছৰে পৰা চিৰিজখনিক লৈ অধিক উৎসাহী হৈ পৰিছে প্ৰতিজন মনোৰঞ্জণ প্ৰেমী দৰ্শক৷ অৱশ্যে, ‘হেকাৰ’ৰ পৰিচালনা, চিত্ৰনাট্য আৰু সম্পাদনাৰ দায়িত্বত থকা ঋতু গোস্বামীৰ সৈতেও মই অৰূপ কাকতিয়ে এই সন্দৰ্ভত পাতিছিলো কিছু কথা৷ থ্ৰীলাৰৰ উপৰিও অসমীয়া দৰ্শকে ৱেব-চিৰিজখনিত আৰু বহুতো নতুন নতুন কিছুমান দিশ এইবাৰ উপভোগ কৰিবলৈ পাব৷ তদুপৰি চিৰিজখনিৰ সংক্ৰান্তত প্ৰত্যেকজন অভিনেতা তথা কলা-কুশলীৰে বহুতো কষ্টৰাজি নিহিত হৈ আছে বুলি গোস্বামীয়ে আমাক জানিবলৈ দিয়ে৷ লগতে গোস্বামীয়ে আৰু কয় যে, ‘‘আমি সকলোৱে চিৰিজখনৰ সংগীত, শব্দ, আদিবোৰক আপডেট কৰিবলৈ যথেষ্ট চেষ্টা কৰি...
আপুনি কিয় নপঢ়ে কিতাপ-আলোচনী? (নিমানন্দ দাস)

আপুনি কিয় নপঢ়ে কিতাপ-আলোচনী? (নিমানন্দ দাস)

STORY
গৰিষ্ঠ সংখ্যক মানুহৰে কি হৈছে, কিতাপ, আলোচনী একেবাৰে নপঢ়ে৷ গাড়ীত, ৰে’লত যাওঁতে, ডাক্তৰৰ বাবে অপেক্ষা কৰাৰ সময়ত খুব কম মানুহকে [শিক্ষিত চামৰ কথা কৈছো] কিতাপ-আলোচনী পঢ়াৰ আগ্ৰহ বা পঢ়ি থকা দেখা যায়৷ পুথিভঁৰাল বিলাকতো মানুহৰ সংখ্যা সেৰেঙা৷ আজিৰ ম’বাইল কেন্দ্ৰিক ব্যস্ততাৰ মাজত কেৱল ম’বাইলতে ব্যস্ত নাথাকি মাজে সময়ে আলোচনী, কিতাপো কিনি পঢ়িব লাগে৷ এনেয়ে থম থমকৈ বহি থাকিব, আবোল-তাবোল কথা পাতি থাকিব তথাপি কিতাপ-আলোচনী নপঢ়ে৷ প্ৰকাশ, সাতসৰী, গৰীয়সী, বিস্ময়, প্ৰান্তিক জাতীয় সাহিত্য তথা বাৰ্তালোচনীৰ চাৰ্কুলেশ্যন [পাঠক-পাঠিকা] অসমৰ উচ্ছ শিক্ষিত জনসংখ্যাৰ তুলনাত যথেষ্ট কম৷ প্ৰকাশৰ এটা যুগ পাৰ কৰা ‘সখী’, ‘নন্দিনী’ৰ দৰে প্ৰতিষ্ঠিত আলোচনীৰো চাৰ্কুলেচ্যন আশাব্যঞ্জক নহয়৷ বিস্ময়, ৰহস্য জাতীয় মনোৰঞ্জন তথা তথ্যধৰ্মী জনপ্ৰিয় আলোচনীৰো পাঠক-পাঠিকা কমিছে৷ কিতাপ-আলোচনীতো দূৰৰে কথা বাতৰিকাকত পঢ়া লোকৰ সংখ্যাই কমি...
হাত-ভৰি যত্নৰ ঘৰুৱা দিহা (হীৰামণি গগৈ)

হাত-ভৰি যত্নৰ ঘৰুৱা দিহা (হীৰামণি গগৈ)

HEALTH
নাৰী আৰু সৌন্দৰ্য্য যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি৷ প্ৰকৃতিৰ অৱদান নাৰীৰ সৌন্দৰ্য্যত আৰু সোণত সুৱগা চৰে, যেতিয়া এগৰাকী নাৰীয়ে নিজক যতন লৈ লাস্যময়ী কৰি ৰাখে৷ সৌন্দৰ্য্যৰ যতন বুলি ক’লে কেৱল মুখমণ্ডলৰেই নহয়, হাত ভৰি যতন লোৱাটোও বৰ দৰকাৰী৷ দেখা যায় যে সাধাৰণতে আমাৰ নাৰীসকলে ঘৰুৱা বিভিন্ন লেঠাৰ বাবে যেনে–সঘনে বাচন-বৰ্তন, কাপোৰ ধোৱাৰ বাবে বিশেষকৈ আমাৰ হাতখন খুবেই খহটা হৈ থাকে৷ ঠিক সেইদৰে ঘৰুৱা কামৰ ব্যস্ততা বা এলাহৰ বাবে নাৰীসকলৰ আন এটা সমস্যা অৰ্থাৎ ভৰি ফটাৰ সমস্যাই দেখা দিয়ে৷ যাৰ ফলত ভৰি দুখন দেখাত এলাগী হৈ পৰে৷ এই সমস্যাবোৰৰ পৰা হাত সাৰিবলৈ আমি তলত দিয়া ধৰণে ঘৰুৱা পদ্ধতিৰে হাত-ভৰিৰ যতন ল’লে নি(য় সুফল পাব পাৰিম৷ ৰয প্ৰথমে এটা গামলাত কুহুমীয়া পানী লৈ সেই পানীখিনিত এফাল নেমু চেপি লগতে ঘৰত থকা যিকোনো ফুলৰ পাহি [যেনে গোলাপ, নাৰ্জী, খৰিকাজাঁই] দুপাহমান সেই পানীত দি হাতখন অলপ সময়ৰ বাবে ডুবাই ৰাখক৷ ...
ফট’গ্ৰাফী… জীৱন আৰু জীৱিকা (অস্বিনী বৰকটকী)

ফট’গ্ৰাফী… জীৱন আৰু জীৱিকা (অস্বিনী বৰকটকী)

CINEMA
ইতিহাস খুচৰিলে দেখা যায় যে অতীতৰ আৰব সভ্যতাৰ জ্যোৰ্তিবিদ সকলৰ সময় গণনাৰ পদ্ধতিতে ফট’গ্ৰাফীৰ এক ধাৰণা জন্ম লয় আৰু ই বিভিন্ন পদ্ধতি, প্ৰচেষ্টাৰ মাজেদি আহি কেমেৰা অমস্কুৰা নামৰ এক ছবি অঁকা প্ৰযুক্তিৰ যন্ত্ৰ হয়, যিটো যন্ত্ৰ ইতিহাসৰ এজন মহান শিল্প বিজ্ঞানী লিউনাৰ্ড ডা ভিন্সিৰ টোকা বহীত চিত্ৰিত আছে৷ ইতিহাসৰ এক উল্লেখনীয় সময় ইউৰোপীয় ৰেঁনেছা [১৪ to ১৭th Century] বা নৱজাগৰণৰ সময়তে ইয়াৰ কিছু পদ্ধতিগত পৰীক্ষা-নিৰিক্ষাৰ মাজেদি আহি ১৮৩৯ চনত কেমেৰা নামৰ এক যন্ত্ৰৰ বিষয়ে বিশ্ববাসীক অৱগত কৰাই ফ্ৰান্স চৰকাৰৰ বিজ্ঞান একাডেমীয়ে আৰু ১৯৩৯ ৰ ১৯ আগষ্ট তাৰিখে এই কেমেৰাৰ জৰিয়তে কৰা ফট’গ্ৰাফী নামৰ এক পদ্ধতি বিশ্ববাসীৰ প্ৰতি আগবঢ়াই আৰু প্ৰত্যেক বছৰৰ ১৯ আগষ্ট তাৰিখে পৃথিৱীয়ে বিশ্বে আলোকচিত্ৰ দিন হিচাবে পালন কৰে৷ ইয়াৰ প্ৰযুক্তি হ’ল পোহৰ এখন উত্তল কাৰে দ্বাৰা ছবি তৈয়াৰ কৰি এক পোহৰ সংবেদি পৃষ্ঠত এই ছবিক প্ৰতিফলিত কৰাই ...
হোমেন বৰগোহাঞি ঃ এখন ব্যক্তিগত ৰচনা (জিতুমণি বৰা)

হোমেন বৰগোহাঞি ঃ এখন ব্যক্তিগত ৰচনা (জিতুমণি বৰা)

CURRENT TOPIC
১৯৯২ চনত ‘অগ্ৰদূত’ত এজন ষ্টাফ ৰিপৰ্টাৰ হিচাপে যোগ দিছিলোঁ৷ ‘অগ্ৰদূত’ৰ সম্পাদক মাননীয় শ্ৰীযুত কনকসেন ডেকা ছাৰৰ পৰামৰ্শৰ ভিত্তিত হেঙেৰাবাৰীৰ হাউছিং কলনিলৈ গৈছিলোঁ৷ উদ্দেশ্য আছিল প্ৰখ্যাত কমিউনিষ্ট নেতা হেমেন দাসৰ এটা দীঘলীয়া সাক্ষাৎকাৰ লোৱাৰ৷ তেতিয়া দিছপুৰত হিতেশ্বৰ শইকীয়াৰ চৰকাৰ৷ সেই যে হেঙেৰাবাৰীৰ হাউছিং কলনি আৰু হেমেন দাসৰ সৈতে পৰিচয় হ’ল, তাৰ পাছত হেমেন দাস ডাঙৰীয়াৰ ঘৰলৈ নিয়মীয়াকৈ যাবলৈ ল’লো৷ সৰলতা আৰু বাওঁ মতাদৰ্শৰ চিন্তা-চেতনাৰ বাবে মানুহজনক ভাল লাগিবলৈ ধৰিলে আৰু পাছলৈ খুড়া বুলিয়ে হেমেন দাসক মাতিবলৈ লওঁ৷ অগ্ৰদূত’ৰ বাবে বিভিন্ন সাক্ষাৎকাৰ আদি ল’বলৈ দুলাল বৰুৱা, গোলাপ বৰবৰা, গোলাম ওচমানিক বিচাৰি হেঙেৰাবাৰীৰ হাউছিং কলনিলৈকে গৈছিলোঁ৷ ম’বাইল ফোন নাছিল, গতিকে আজিৰ দৰে মবাইলতে কথাপাতি সাক্ষাৎকাৰ লোৱাৰ সুযোগ নাছিল৷১৯৯৩চনৰ মাৰ্চ মাহ৷ হোমেন বৰগোহাঞিয়ে অসম বাণী কাকতৰ সম্...
ৰূপান্তৰৰ পূজাৰী কলাগুৰু বিষ্ণু ৰাভা(বিপুল গগৈ)

ৰূপান্তৰৰ পূজাৰী কলাগুৰু বিষ্ণু ৰাভা(বিপুল গগৈ)

CURRENT TOPIC
অসমৰ কৃষ্টি-সংস্কৃতি, ভাষা-সাহিত্য, শিল্পকলাৰ জগতখনক সুকীয়া মাত্ৰা প্ৰদান কৰি থৈ যোৱা ৰূপান্তৰৰ পূজাৰী, যশস্বী কবি - সাহিত্যিক, দাৰ্শনিক, চিত্ৰকৰ, অনিন্দ্য নৃত্যশিল্পী, তেজস্বী কণ্ঠৰ সুবক্তা, ৰাজনীতিবিদ, ১৯০৯ চনৰ ৩১ জানুৱাৰীত দ্বিতীয় আসাম ৰাইফলচ বাহিনীৰ চুবেদাৰ মেজৰ গোপাল চন্দ্ৰ ৰাভাৰ ঔৰসত আৰু মাতৃ গেথীবালা ৰাভাৰ পৱিত্ৰ উদৰত তেতিয়াৰ সংযুক্ত পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী ঐতিহ্যপুৰ্ণ ঢাকা চহৰৰ সেনা ছাউনীত জন্মগ্ৰহণ কৰা ৰত্নগৰ্ভা অসম মাতৃৰ ক্ষণজন্মা সুসন্তান কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অসমীয়াৰ হিয়াৰ আমঠু, জাতীয় জীৱনৰ প্ৰৌজ্জ্বল নক্ষত্ৰ, আমাৰ গৌৰৱ৷ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা জগত গুৰু মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱ-মাধৱদেৱৰ পৰৱৰ্তী কালত জাতীয় জীৱনৰ বহল ক্ষেত্ৰখনক সামগ্ৰিক ভাবে ঐশ্বৰ্যমণ্ডিত কৰি অসমীয়া জাতি সত্তা আৰু ঐতিহ্যমণ্ডিত গৌৰৱোজ্জ্বল সোণসেৰীয়া সাংস্কৃতিক সৌধক উ...