
মহিলাৰ মনোজগতখন (কৰৱী বৰ্মন কলিতা)
নাৰীমন একোটা খুৱেই আৱেগিক আৰু সংবেদনশীল৷ কিন্তু সময়ে সময়ে নাৰীয়ে নিজৰ ধৈৰ্য হেৰুৱাই জীৱনৰ লক্ষ্য পথৰ পৰা বিচলিত হয়৷ ফলস্বৰূপে সময়ে সময়ে হতাশা আৰু অস্থিৰতাই মনৰ চাৰি কোঠাত ক্ৰিয়া কৰিবলৈ লয়৷ নাৰীমন ব্যাকুল হৈ পৰে৷ উচিত-অনুচিতৰ সুবিচাৰ কৰিব পৰা ক্ষমতাখিনি লোপ পাৱলৈ ধৰে তেতিয়া৷ বৰ্তমানৰ তথা কথিত সমাজখনত বহুতো নাৰীয়েই নিজৰ কৰ্মক্ষেত্ৰত অথবা পাৰিবাৰিক জগতখনত লগত জড়িত বিষয়সমুহৰ লগত খাপ খাৱ নোৱাৰি হতাশাগ্ৰস্ততাত অথবা অস্থিৰতাত ভুগিবলৈ লৈছে৷
এটা সুৰক্ষিত, শান্তিপূৰ্ণ জীৱন সকলোৰে কাম্য৷ তাৰ বাবে একোগৰাকী সন্তানক পিতৃ – মাতৃয়ে বহু কষ্টৰে ডাঙৰ-দীঘল কৰে৷ শিক্ষা-দীক্ষাৰে উপযুক্ত কৰি তোলে, নিজকে ভৱিষ্যত লৈ স্বাৱলম্বী হ’বলৈ উৎসাহ দিয়ে৷ কিন্তু কেতিয়াবা সেই চেষ্টা-যত্ন একোজন অভিভাৱকৰ বিফলে যায়৷ পিতৃ- মাতৃৰ সপোন পূৰণ কৰিব নোৱাৰি, নিজকে সফল আৰু সাৰ্থক ৰূপত প্ৰমাণ কৰিব নোৱাৰি, প্ৰায়ভাগ ছোৱালী সন্তানে বিপথগামী...