
ধাৰাবাহিক উপন্যাস
মানুহে মানুহৰ বাবে (স্বপ্না বৰঠাকুৰ)
প্ৰথম খণ্ড
ঠৰঙা শীতত দাঁতে দাঁতে ঠেকা খোৱা গভীৰ ৰাতি৷ ৱেগ’নাৰ গাড়ীখনত তেতিয়া পাঁচগৰাকী লোক গৈ আছে গন্তব্যস্থললৈ৷ সেই নিশা গভীৰ কুঁৱলীৰ আচ্ছাদন; বাট-পথ একো নমনি৷ তেনে ঘন কুঁৱলীৰ আচ্ছাদনতে ৱেগ’নাৰ গাড়ীখন চলাই গৈ আছে এজন ওখ-পাখ অলপ ক্ষীণকায় যুৱকে৷ জয়াল নিশা মাজে মাজে যাত্ৰাপথত বনৰীয়া হাতী, বাঘৰ গোজৰণিয়ে আমনি নকৰা নহয় কিন্তু এই যে গাড়ীখনৰ ভিতৰত চাৰিজন লোক! এজন সেই ওখ-পাখ গাড়ী চালকজন আৰু তেওঁৰেই পিতৃ ভগৱত ব্যাখ্যাৰে গদগদ হৈ থকা হাস্যৰস ভৰা এখনি মুখ! পিছৰ আসনত বহি যোৱা সেই দৃঢ় স্বাধীনচিতীয়া মনৰ চালকজনৰ মৰমৰ বায়েক; যাৰ চকু টলবল সৃজনশীল কামৰ বাবেই আৰু তাৰ কাষতেই এগৰাকী লেখিকা, চিত্ৰশিল্পী; দেশ-বিদেশতো যাৰ লেখা, ছবিয়ে বহু সমাদৰ লাভ কৰিছে মূলতঃ তেওঁৰ বাবেই যেন গভীৰ নিশাৰ এই যাত্ৰা৷ লেখিকা গৰাকীৰ কাষত বহি আহিছে তেওঁৰেই স্বামী৷...