
সত্ৰাধিকাৰপ্ৰভুশ্ৰীদেবেন্দ্ৰদেৱগোস্বামী (মহন্ত) দেৱৰজীৱনীকোষ (ঊধাৰেশ্বৰপালদাস)
জয় জয়তে আপোনাক মোৰ অন্তৰৰ স্নেহসিক্ত শ্ৰদ্ধাৰ প্ৰণিপাত জনাইছোঁ৷ ধৰ্মৰ মহান খনিকৰৰূপে প্ৰতিষ্ঠিত আপোনাৰ, জীৱন বৃত্তান্ত লিখাৰ ধৃষ্টতা মোৰ নাই, যদিও মোৰ হৃদয়ৰ পৰা আপোনাক সোঁৱৰণ কৰিছোঁ৷
শ্ৰীশ্ৰীশ্যামৰায় সত্ৰখনক এখন পূৰ্ণাঙ্গ ৰূপত অনাৰ যি নিৰলস প্ৰচেষ্টা আপুনি কৰিলে আৰু সত্ৰৰ বিকাশৰ হকে ব্ৰতী হৈ যি সফলতা অৰ্জন কৰি সত্ৰখনৰ সত্ৰাধিকাৰ হিচাবে চল্লিশটি বসন্ত অতিক্ৰম কৰি শীৰ্ষস্থানত উপনীত হ’ল– সেয়েহে আপোনাৰ আশী বছৰীয়া জীৱনৰ চমু বিৱৰণ অলপ লিখি থোৱাৰ ই২৬া প্ৰকাশ কৰিলোঁ৷
বৰ্তমান লাউপাৰস্থিত শ্যামৰায় সত্ৰৰ পূৰ্বৰ সত্ৰাধিকাৰসকলৰ জীৱন দৰ্শন লিখিত ৰূপত নাই যদিও শ্যামৰায় সত্ৰ প্ৰতিস্থাপক স্বৰ্গীয় জয়দেৱ গোস্বামী দেৱৰ পৰা কেবাজনো উত্তৰাধিকাৰী সত্ৰাধিকাৰৰ পৰিচয় পাবলৈ সক্ষম হৈছোঁ৷
১৯৪৩ ইং চনত পলাশবাৰী অঞ্চলৰ সৰু বংশৰ মৌজাৰ ভেৰভেৰী নামৰ গাঁৱত পিতৃ স্বৰ্গীয় পূৰ্ণদেৱ গোস্বামী (মহন্ত) দেৱৰ ঔৰসত আৰু মাতৃ স্বৰ্...