CURRENT TOPIC – Page 32 – Purbodix.com

CURRENT TOPIC

শূন্য মুদ্ৰা (প্ৰীতিশা গোস্বামী)

শূন্য মুদ্ৰা (প্ৰীতিশা গোস্বামী)

CURRENT TOPIC
যোগ বা Yogaত দুবিধ মুদ্ৰাৰ কথা উল্লেখ আছে– শাৰীৰিক মুদ্ৰা আৰু হস্ত মুদ্ৰা৷ শাৰীৰিক মুদ্ৰা হ’ল যোগাসন, প্ৰাণায়াম আদি আৰু হস্ত মুদ্ৰাত হাতেৰে কৰা মুদ্ৰা অন্তৰ্গত৷ এই হস্তমুদ্ৰাবোৰৰ ভিতৰৰে এটা হ’ল শূণ্য মুদ্ৰা৷ শূণ্য মুদ্ৰাক  ‘‘Heaven’’ বুলিও কোৱা হয়৷ এই মুদ্ৰাত শূন্যৰ অৰ্থ হৈছে আকাশ৷ দৰাচলতে এই মুদ্ৰা কৰিলে এনেকুৱা অনুভৱ হয় যেন কৰোঁতাজন কোনো বেলেগ পৃথিৱীত আছে৷ ভবা হয় যে অন্তৰীক্ষ গোটেই দুনিয়াতে আছে আৰু ই আমাৰ প্ৰত্যেক কোষিকাত আছে৷ শৰীৰত আকাশ তত্ত্ব প্ৰয়োজনতকৈ বেছি হ’লে শৰীৰত বিভিন্ন সমস্যা আৰু বিভিন্ন প্ৰকাৰৰ বেমাৰৰ কাৰক হয়৷ যেনে- হৃদয় শক্তি কমি যোৱা, কাণৰ সমস্যা, মূৰৰ বিষ বা মূৰ ঘুৰো¸ৱা ইত্যাদি৷ এই মুদ্ৰাই আকাশ তত্বৰ বেছি হোৱাৰ ফলত হোৱা সমস্যা দূৰ কৰে৷ এই মুদ্ৰাৰ নিয়মিত অভ্যাসে স্বাস্থ্যৰ বহুতো উপকাৰ সাধন কৰে৷ এই মুদ্ৰাই বাত আৰু পিত্ত ৰোগ দূৰ কৰাত সহায় কৰে৷ ই মনলৈ অহা ধনাত্মক (Nega...
হেৰোৱা দিনৰ সুবাস (পপী চহৰীয়া)

হেৰোৱা দিনৰ সুবাস (পপী চহৰীয়া)

CURRENT TOPIC
আজি ৰবিবাৰ৷ চৰকাৰী চাকৰিয়ালবোৰৰ বাবে আজি বন্ধৰ দিন৷ বন্ধৰ দিনটোত চৰকাৰী চাকৰিয়ালবোৰে প্ৰায়ে ঘৰতে থাকি ইটো-সিটো কৰি থাকে৷ দিনটো কৰ্মব্যস্ততাৰ মাজেৰে অতিবাহিত কৰি প্ৰায় ৩ বজাত বৰুৱাই ভৰি-হাত ধুই আৰামী চকীখনত বহিলগৈ৷ লগে লগে বৰুৱাৰ জীয়েকে চাহ একাপ দিলেহি৷ চাহকাপৰ পৰা ওলোৱা তেজপাতৰ ধুনীয়া গোন্ধটো ভাহি আহিল৷ বৰুৱাই চাহকাপ হাতত লৈ খাবলৈ ধৰিলে৷ এইবাৰ বৰুৱা আৰামী চকীখনৰ পৰা উঠিল আৰু প্ৰতিদিনে যোৱা দোকানখনলৈ বুলি ওলাই গ’ল৷ গৈয়ে তেওঁ দোকানৰ সন্মুখত থকা বেঞ্চখনত বহিল৷ দোকানখনত কিবা নতুন বস্তু যোগ হৈছে নেকি বৰুৱাই এফালৰ পৰা চকু ফুৰালে যদিও কোনো নতুন বস্তু সংযোগ হোৱা নাই৷ বৰুৱাৰ লগত দোকানীজনৰ বিশেষ চিনাকি নাই তথাপিও বৰুৱাই দোকানীজনক বৰ ভাল পায়৷ দোকানীজনো বৰ অমায়িক ভদ্ৰ যুৱক৷ যুৱকজনে জীয়াই থকাৰ তাড়নাত সৰু ঘূমটিতো ভাড়াতলৈ দোকানখন দিছে৷ : বাবু পইচা দিয়ক৷ ভিক্ষাৰীজনৰ কথাতহে বৰুৱাই স্বম্ভিত ঘূৰাই পালে৷...

বিশেষ দিনৰ বিশেষ কথা (সংহিতা ভট্টাচাৰ্য)

CURRENT TOPIC
তাহানিৰ সেই স্কুলৰ দিনৰে কথা৷ ক্লাছ টেইনত স্কুলৰ পৰা আহি থাকোঁতে দেখা পাইছিলোঁ ল’ৰাটোক৷ দোকান এখনত ৰৈ থাকে৷ চাওঁ নাচাওকৈ চাওঁ সেইফালে৷ চকুৱে চকুৱে পৰিলেই আঁতৰাই আনো চকু৷ লগৰবোৰক কওঁ দেখিবলৈ মন নাযায় অলপো৷ চাচোন কেনেকৈ ৰৈ থাকে সদায় সেই দোকানখনত৷ কাম-বন নাই আৰু৷ মিছা খং আছিল সেইয়া৷ চকুযুৰি কিন্তু বাৰে বাৰে দোকানখনলৈ যায়৷ ৰৈ আছে নে আজিও?  মনে দেখোন ৰৈ থকাটো বিচাৰে৷ জীৱনত কিমান যে তেনেকুৱা কাহিনী৷  এবাৰ তেনেকৈয়ে পিছে পিছে আহি ঘৰৰ গেটৰ ওচৰতে হাতৰ মুঠিত কাগজ এখন দি চাইকেলখন লৈ গুচি গৈছিল তলকিবই পৰা নাছিলোঁ মই৷ কোনোবাই দেখিছে বুলি কাগজখন দলিয়াই দি ঘৰৰ ভিতৰ পাইছিলোঁহি৷ আৰু পিছমুহূৰ্ততে আহি বিচাৰি হাবাথুৰি খাই ফুৰিছিলোঁ৷ জীৱনৰ প্ৰথম চিঠি আছিল সেইখন৷ প্ৰথম প্ৰেমৰ চিঠি৷ কিমান যে ভাল লাগিছিল পঢ়ি৷ এটা এটা আখৰ মনৰ ভিতৰত সোমাই গৈছিল৷ কিমান আবেগেৰে লিখা চিঠি আছিল সেইখন৷ কোনোবাই সমস্ত আবে...
প্ৰেম গুৰুৰ সমিধান (তন্দ্ৰালি মু২৬১্না)

প্ৰেম গুৰুৰ সমিধান (তন্দ্ৰালি মু২৬১্না)

CURRENT TOPIC
vঃ           মই দশম শ্ৰেণীত পঢ়ো, নৱম শ্ৰেণীৰ পৰাই মোতকৈ পাঁচ বছৰ ডাঙৰ ল’ৰাৰ সৈতে প্ৰেমত পৰিলোঁ৷ তেওঁ মোৰ স’তে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ বিচাৰে৷ মই মান্তি নোহোৱাত সম্পৰ্ক ছেদ কৰাৰ কথা কয়৷ তাৰ মানে তেওঁ মোৰ মনটোক ভাল পায় নে শৰীৰটোক? মাৰিয়া বেগম (বৰপেটা) I              চোৱা, ভালপোৱা দুজন মানুহৰ মাজত শৰীৰৰ আকৰ্ষণ এটা থাকে৷ স্পৰ্শত মধুৰতা থাকিলে দুয়োপক্ষৰ সন্মতিত সম্পৰ্ক আগুৱাই যায়৷ কিন্তু তুমি কোৱা কথাৰ ভিত্তিত মই ক’ব খোজোঁ তেখেতে যদি শাৰীৰিক সম্পৰ্ক নকৰা বাবেই সম্পৰ্ক নোহোৱা কৰিব খোজে তেন্তে তেখেত অলপো ভাল মানুহ নহয়৷ চাৰিত্ৰিক খুঁত থকা মানুহৰ পৰা আঁতৰি অহাটোৱেই ভাল৷ বহুতো প্ৰেম স্বাৰ্থজনিত৷ বিয়াৰ পাছত কষ্ট পোৱাতকৈ বিয়া হোৱাৰ আগতেই সু-সিদ্ধান্ত লোৱা ভাল৷ ঃ   &n...

শব্দ (পিংকী বৰা)

CURRENT TOPIC
শব্দ, শব্দতেই প্ৰতিবিম্ব হয় গতিশীল সময়ৰ ছাঁ৷ শব্দই কঢ়িয়াই আনে আনন্দৰ সমাহাৰ, সাফল্যৰ বতৰা আৰু হতভগীয়া বুকুৰ খবৰ৷ শব্দত প্ৰাণ পাই উঠে একো একোটা কবিতা৷ হয়তো কাৰোবাৰ হৃদয়ৰ বতৰা, উজাগৰী নিশাৰ বিষাদ, এই সকলোবোৰ শব্দ দ্বাৰাই প্ৰকাশ কৰা সম্ভৱ৷ নানা ঘাত-প্ৰতিঘাত, দুখ-সুখ, সফলতা-বিফলতা আদিৰ লগতে পোৱা-নোপোৱাৰ হিচাপ নিকাচেৰে পূৰ্ণ হৈ থাকে, এই ক্ষণস্থায়ী মানৱী জীৱন৷ ‘Life is a game and is full of strugle’ জীৱন হ’ল সংঘাতৰ স্থল৷ য’ৰ পৰা আৰম্ভ হয় সফলতা-বিফলতাৰ এক চৰম সত্যৰ আধাৰ৷ জীৱন ৰহস্যময়৷ এই ৰহস্যময় জীৱনত বিচিত্ৰতাৰ অংশ উদ্‌যাপন কৰিব লাগিব৷ জীৱন বাটত সফলতা লাভ কৰিবলৈ হ’লে লাগিব আত্মবিশ্বাস, কৰ্মসহিষ্ণুতা, কৰ্মোদ্যম, পৰিশ্ৰমী, সময়ানুৱৰ্তিতা, সত্যৰ ওপৰত বিশ্বাস আৰু মানুহ হৈ মানুহৰ মাজত থাকিব পৰাৰ প্ৰৱণতা৷ জীৱন হ’ল এটা বৃত্ত, মৃত্যু যাৰ শেষ সীমা৷ মৃত্যুও এটা চৰম সত্য জীৱনৰ৷ যিদৰে দুখৰ অবিহনে সুখ মাদক...
আন্তৰ্জাতিক নাৰী দিৱস আৰু ইয়াৰ প্ৰাসংগিকতা (জিনা বৰা)

আন্তৰ্জাতিক নাৰী দিৱস আৰু ইয়াৰ প্ৰাসংগিকতা (জিনা বৰা)

CURRENT TOPIC
অতীজতে নাৰীৰ জীৱন সন্তান জন্ম দি লালন-পালন কৰা আৰু ঘৰুৱা কাম-কাজ কৰাৰ বাবে ঘৰৰ চাৰি বেৰৰ মাজতে সীমাৱদ্ধ আছিল৷ সময় বাগৰাৰ লগে লগে সেই সীমাৱদ্ধতা অতিক্ৰম কৰি লাহে লাহে প্ৰগতিৰ জখলাত নাৰীসকল আগবাঢ়ি যাবলৈ ধৰিলে৷ উচ্চ শিক্ষাৰে শিক্ষিত হৈ আজিৰ স্বাধীনচিতীয়া, সাহসী আৰু উপাৰ্জনশীল নাৰীয়ে বিভিন্ন কাম-কাজত নিজকে নিয়োজিত কৰিছে৷ আজিৰ নাৰীয়ে দেশ চলাইছে, বিমান চলাইছে, মহাকাশলৈ গৈছে, দেশৰ হকে যুদ্ধ কৰিছে, ব্যৱসায়-বাণিজ্য কৰিছে, ক্ৰীড়াৰ ক্ষেত্ৰত নানা চমক দেখুৱাইছে, উচ্চ পদস্থ প্ৰশাসনিক বিষয়া হৈ দক্ষতাৰ পৰিচয় দিছে, সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনলৈ অনবদ্য অৱদান আগবঢ়াইছে৷ মুঠতে কোনো ক্ষেত্ৰতে আজিৰ নাৰী পুৰুষতকৈ পিছপৰি থকা নাই৷  শাৰীৰিকভাৱে সমকক্ষ নহলেও মানসিক জোখৰ তুলাচনীত নাৰীৰ ওজন পুৰুষতকৈ কোনোগুণে কম নহয়৷    সফলতাৰ উচ্চ শিখৰত যিমান দূৰেই আৰোহণ নকৰক কিয় ভালকৈ অনুধাৱন কৰিলে দেখা যায় ই এখন ...
মানৱ অধিকাৰ আৰু ভাৰতীয় সংবিধান (জয়ন্ত দাস)

মানৱ অধিকাৰ আৰু ভাৰতীয় সংবিধান (জয়ন্ত দাস)

CURRENT TOPIC
 সাধাৰণতে মানৱ অধিকাৰ বুলি কওঁতে কিছুমান মৌলিক আৰু হস্তান্তৰবিহীন অধিকাৰৰ কথাকে বুজোৱা হয়৷ যিবিলাক অধিকাৰ প্ৰাকৃতিকভাৱে জন্মগত আৰু এনে অধিকাৰ অবিহনে মানুহে প্ৰকৃতাৰ্থত মানুহ হিচাপে জীৱন ধাৰণ কৰিব নোৱাৰে৷ অৱশ্যে এই মানৱ অধিকাৰৰ ধাৰণাটো তুলনামূলকভাৱে নতুন ধাৰণা বুলিও ক’ব পাৰি৷ কিয়নো অতীজতে মানুহে প্ৰাকৃতিক ৰাজ্যত বসবাস কৰিছিল আৰু সেই সময়ৰে পৰা মানুহে কিছুমান অধিকাৰ ভোগ কৰিছিল যদিও তেতিয়া সেই অধিকাৰসমূহক মানৱ অধিকাৰ হিচাপে স্বীকৃতি দিয়া হোৱা নাছিল৷ কালক্ৰমত ৰাষ্ট্ৰ বিশেষে মানৱ অধিকাৰক সাংবিধানিক মৰ্যাদা দিলে যদিও মানৱ অধিকাৰৰ সম্পূৰ্ণ ধাৰণাটো ১৯৪৫ চনত ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ পাছতহে আনুষ্ঠানিকভাৱে স্বীকৃতি লাভ কৰিলে৷ তদুপৰি ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ১৯৪৮ চনৰ পৰা ১০ ডিচেম্বৰ তাৰিখটো মানৱ অধিকাৰ দিৱস হিচাপে উদ্‌যাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ এই অধিকাৰৰ ফলত মানুহৰ ব্যক্তিত্ব বিকাশৰ লগতে অন্যান্য ...
ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ ‘ৰূপকোঁৱৰ নাট্য উৎসৱ – ২০২৩’’ (- ৰঞ্জন শৰ্মা)

ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ ‘ৰূপকোঁৱৰ নাট্য উৎসৱ – ২০২৩’’ (- ৰঞ্জন শৰ্মা)

CURRENT TOPIC
               জয় আলোকময়                                                   অনাদি অনন্ত প্ৰসাৰী                                              বিশ্ব জীৱন জ্যোতি                       &nb...
অনুভৱৰ জলঙাৰে ভোগালী জলপান -আৱৰি (ভোগালী জলপানৰ সৌজন্যত)

অনুভৱৰ জলঙাৰে ভোগালী জলপান -আৱৰি (ভোগালী জলপানৰ সৌজন্যত)

CURRENT TOPIC
সপোনপিয়াসী মানুহৰ স্বপ্নই কলি মেলে শৈশৱতে৷ বোকা-মাটিৰ সুবাস লৈ দিখৌপাৰৰ বালিত বালিঘৰ সাজি ওমলি-জামলি ডাঙৰ হোৱা, শাওণৰ পথাৰত বোকা খচি, আঘোণৰ মাহত কান্ধৰ বিৰিয়াত ডাঙৰি কঢ়িয়াই আনন্দ পোৱা এজন কিশোৰ আছিল- ভোগালী জলপানৰ স্বত্ত্বাধিকাৰী অজিত শৰ্মা বৰুৱা৷ শৈশৱতে, স্কুল ছুটিৰ পাছত পিতাকৰ দোকানত সহায় কৰি দিয়া শৰ্মা বৰুৱাদেৱৰ মনত তেতিয়াতেই শিপাইছিল বস্তুৰ ‘পেকেজিঙ’ৰ উপস্থিত বুদ্ধিটো৷ গ্ৰাহকে বিচাৰিলে থাওকতে দিব পৰাকৈ তিনিখনকৈ তামোল, চাৰিটাকৈ লুজেন একেলগে বান্ধি প্ৰত্যুৎপন্নমতিতাৰে তেওঁ সময় বচাইছিল; সৰু ল’ৰাজনৰ এনে কামে গ্ৰাহক ৰাইজক আকৰ্ষিত কৰিছিল৷ সেই ল’ৰাজনেই জীৱন সংগ্ৰামৰ আঁত ধৰি নিচেই কম মূলধনেৰে; মাতৃয়ে দি পঠিওৱা চিৰা, সান্দহৰ টোপোলাৰেই ধন লক্ষ্মীক আদৰা সম্ভৱ বুলি ‘মাঘৰ বিহু’ৰ সময়তে এদিন আৰম্ভ কৰিছিল এক ক্ষুদ্ৰ আৰু স্বতন্ত্ৰ ব্যৱসায়৷ পেকেটবোৰত বানবাতি এটাত কল-গুড়-গাখীৰেৰে এবাটি জলপানৰ ছবি ছপ...
মা-দেউতা (জোনাকী দেৱী কাশ্যপ)

মা-দেউতা (জোনাকী দেৱী কাশ্যপ)

CURRENT TOPIC
মা-দেউতা প্ৰথম পূজনীয়, দুয়োৰে কাৰণে আমি এই সুন্দৰ পৃথিৱীখন দেখা পাইছোঁ৷ পিতৃ-মাতৃৰ সমান অকৃত্ৰিম মৰম আন কোনেও দিব নোৱাৰে৷ প্ৰতিগৰাকী নাৰীৰ যেনেকৈ মাতৃত্বৰ গৌৰৱ অৰ্জন কৰাৰ হাবিয়াস থাকে; ঠিক তেনেকৈ প্ৰতিগৰাকী পুৰুষৰে পিতৃত্বৰ গৌৰৱ অৰ্জন কৰাৰ হাবিয়াস থাকে৷ সন্তান এটি গৰ্ভস্থ হোৱাৰ পৰাই পিতৃ-মাতৃয়ে মাথো সন্তানৰ কথা ভাবে৷ পিতৃয়ে দিনৰ দিনটো কষ্ট কৰে সন্তানৰ অভৱ পূৰণ কৰিবলৈ আৰু মাতৃয়ে দিনৰ দিনটো শেষ কৰে সন্তানৰ আলপৈচান ধৰিবলৈ৷ মা-দেউতাৰ কষ্ট, মৰম, ত্যাগ কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷ কোনো সন্তানে মা-দেউতাক সেইধিনিৰ ধাৰ পৰিশোধ কৰিব নোৱাৰে৷ মাকজনীয়ে নিজে নাখাই ভালৰো ভালটো সন্তানক দিয়ে, দেউতাকে অতিৰিক্ত কৰ্ম কৰে সন্তানক সুখত ৰখাৰ আশাত৷ সৰুতে জ্বৰ উঠিলে মায়ে মৰমতে গা মালিছ দিয়া, দেউতায়ে বাৰে বাৰে মূৰত হাত দি জ্বৰ আছে নেকি চাই যোৱা, ৰাতি কাৰেণ্ট নাথাকিলে দেউতাৰ লগত বাৰাণ্ডাত বহি বিভিন্ন নীতিমূলক কথা শ...