CURRENT TOPIC – Page 40 – Purbodix.com

CURRENT TOPIC

১৪ জুন বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে ৰক্তদান মহান দান (ভাস্কৰ বৰপূজাৰী)

১৪ জুন বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে ৰক্তদান মহান দান (ভাস্কৰ বৰপূজাৰী)

CURRENT TOPIC
ৰক্তই হৈছে জীৱনৰ মূল চালিকা শক্তি৷ ৰক্ত হৈছে জীৱনৰ এখনি ‘জীৱন দায়িনী নৈ’৷ তেজ নোহোৱা শৰীৰ তেল নোহোৱা চাকি গছিৰ দৰেই হয়৷ অৰ্থাৎ কোন সময়ত জীৱন বন্তি নুমাই যায় ধৰিব নোৱাৰি৷ দেহত থকা উপযুক্ত পৰিমাণৰ তেজে শৰীৰটোক সুস্থ কৰি ৰাখি, তেজে আমাৰ খাদ্যনলীত জীন যোৱা আহাৰ নি যকৃৎ আৰু তাৰ পৰা শৰীৰৰ সকলো কোষতে বিলাই দিয়ে৷ তেজ এবিধ বিশেষ ধৰণৰ উজ্জ্বল জুলীয়া পদাৰ্থ৷ তেজৰ জুলীয়া ‘প্লাজমা’ বোলা হয়৷ প্লাজমাৰ বৰণ সাধাৰণতে পাতল হালধীয়া৷ ইয়াত তিনি ধৰণৰ ৰক্ত কণিকা উটি ফুৰে৷ লোহিত ৰক্ত কণিকা, শ্বেতৰক্ত কণিকা আৰু ৰক্ত ডিম্বাণু বা প্লেটলেট৷ আমাৰ দেহত থকা তেজখিনি শৰীৰৰ ভিতৰত মুক্তভাৱে ডোঙাপাতি নাথাকে৷ মানৱ শৰীৰৰ হৃদপিণ্ড বা কলিজাই ৰক্তবাহী নলীৰ সহায়ত শৰীৰলৈ তেজৰ চলাচল কৰাই থাকে৷ আমাৰ দেহৰ ভিতৰত ঘণ্টাত প্ৰায় সাত মাইল (ৰৰ কিলোমিটাৰ) বেগেৰে তেজ অহৰ্নিশে চলাচল কৰি থাকে৷ সাধাৰণতে এজন সুস্থ আৰু নিৰোগী মানুহৰ...
যোগভ্যাসেৰে সুস্বাস্থ্য আমাৰ দৈনন্দিন জীৱনত যোগৰ আৱশ্যকতা (প্ৰীতিশা গোস্বামী)

যোগভ্যাসেৰে সুস্বাস্থ্য আমাৰ দৈনন্দিন জীৱনত যোগৰ আৱশ্যকতা (প্ৰীতিশা গোস্বামী)

CURRENT TOPIC, HEALTH
যোগ আমাৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক স্বাস্থ্যৰ বাবে লাভদায়ক এক মাধ্যম৷ ‘যোগ’ শব্দৰ উৎপত্তি সংস্কৃতৰ ‘য়ুজ’ ধাতুৰ পৰা হৈছে, যাৰ অৰ্থ সংযোগ কৰা- যোৰা লগোৱা৷ জীৱাত্মাৰ লগত পৰমাত্মাৰ মিলনেই যোগ বুলি কোৱা হয়৷ যোগা মানেই যে আসন, প্ৰাণায়াম বা Meditation, তেনে নহয়৷ খোৱা-বোৱা, আচাৰ-ব্যৱহাৰ, চাল-চলন, সুস্থ মন, হিংসা-দ্বেষ ত্যাগ কৰা ইত্যাদি সকলো মিলিহে আচলতে ‘যোগ’ বা Yoga হয়৷ অৰ্থাৎ যোগৰ অভ্যাসে আমাৰ শৰীৰ, মন আৰু আত্মাক নিয়ন্ত্ৰিত কৰে৷ যোগৰ মাধ্যমেৰে আত্মিক সন্তুষ্টি, শান্তি আৰু ‘উৰ্জা’ শক্তিৰ অনুভূতি প্ৰাপ্ত হয়, যাৰ দ্বাৰা আমাৰ জীৱন চিন্তামুক্ত তথা প্ৰত্যেকদিন ধনাত্মক চিন্তাৰ সৈতে আগবাঢ়ে৷ সেয়ে আমাৰ ঋষি-মুনি সকলে দি যোৱা এই ‘যোগা’ নামৰ অমৃত আজি গোটেই বিশ্বই আঁকোৱালি লৈছে আৰু তাৰ পৰিণতিয়েই হৈছে ২১ জুনৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস৷প্ৰকৃতিৰ অপূৰ্ব সৃষ্টি মানুহৰ শৰীৰ৷ শৰীৰটো হৈছে শ্ৰেষ্ঠ...
বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিজ্ঞান-প্ৰযুক্তিবিদ্যা আৰু প্ৰকৃতিৰ সংঘাত       (ৰুণু তামুলী বৰা)

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিজ্ঞান-প্ৰযুক্তিবিদ্যা আৰু প্ৰকৃতিৰ সংঘাত (ৰুণু তামুলী বৰা)

CURRENT TOPIC
বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো উপাদান ইটো-সিটোৰ পৰিপূৰক৷ মহাশূন্যৰ গাতে ওপঙি ৰৈছে সৌৰজগত৷ নক্ষত্ৰ, গ্ৰহ, উপগ্ৰহ আদিয়েও বিচৰণ কৰি আছে মহাকাশৰ বুকুত৷ সময়মতে সূৰ্য উদয় হৈছে আৰু অস্ত গৈছে৷ ৰাতিৰ আকাশত তৰাই বুটা বাচিছে৷ কিন্তু এই মহাজগতত বাস কৰা আমিবোৰ ইজনে-সিজনৰ পৰিপূৰক হ’ব পৰা নাই বা চেষ্টা কৰা নাই৷ বিজ্ঞান-প্ৰযুক্তিত নৱ নৱ আৱিষ্কাৰে মানৱ সমাজত চমক সৃষ্টি কৰাৰ উপৰি সকলোকে মুগ্ধ কৰি ৰাখিছে৷ সকলো বস্তুৰে এটা ভাল দিশ থকাৰ দৰে এটা বেয়া দিশো আছে৷ বিজ্ঞানৰ আৱিষ্কাৰসমূহো ইয়াৰ পৰা নিলগত নহয়৷ বিজ্ঞানৰ বিভিন্ন আৱিষ্কাৰসমূহে প্ৰকৃতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি নকৰাকৈ থকা নাই৷সকলো বস্তুৰে আছে নিজা এক বহন ক্ষমতা৷ এই বহন ক্ষমতাৰ ওপৰত অতিমাত্ৰা অত্যাচাৰ চলিলেই ইয়াৰ কু-ফল ভোগ কৰিব কৰিব লগা হয় জীৱজগতৰ প্ৰাণীসমূহে৷ মানৱ সমাজ প্ৰয়োজনত প্ৰকৃতিৰ ওপৰত নিৰ্মম অত্যাচাৰ চলাই আহিছে৷ এই নিৰ্মমতাৰ প্ৰতিফল প্ৰকৃতিয়ে...
সমঅধিকাৰবাদী বিনামূলীয়া আইন  (ড॰ চিত্তৰঞ্জন বৰুৱা)

সমঅধিকাৰবাদী বিনামূলীয়া আইন (ড॰ চিত্তৰঞ্জন বৰুৱা)

CURRENT TOPIC
Equality in the eyes of the law স্বাধীন ভাৰতৰ সংবিধানে ভাৰতীয় নাগৰিকসকলক কোনো বিভেদ নৰখাকৈ আইন সেৱাৰ অধিকাৰ ভোগ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ১৪ অনুসৰি ভাৰতৰ সাৰ্বভৌম ভূখণ্ডত বসবাস কৰা প্ৰকৃত বৈধ ভাৰতীয় নাগৰিকসকলে প্ৰধানকৈ– (ক) যিকোনো আইন (দেৱানী আৰু ফৌজদাৰী আইন)ৰ দ্বাৰা সমানেই ৰক্ষণাবেক্ষণ বা আইনৰ দ্বাৰা প্ৰতিপালিত হ’ব৷ (খ) যিকোনো আইনৰ দৃষ্টিত সমানেই বা সম মৰ্যাদাৰে স্থান আৰু ব্যৱহাৰ বা আচৰণ কৰা হ’ব৷ (গ) দেশৰ আইনপালিকা বা ৰাজ্যৰ আইন সভাই কোনো পক্ষপাতমূলক আইন প্ৰণয়ন কৰিব নোৱাৰিব৷ (ঘ) দেশ বা ৰাজ্যৰ কাৰ্যপালিকা আৰু প্ৰশাসনে পক্ষপাত আৰু মেৰুকৰণ দৃষ্টিৰে প্ৰশাসন পৰিচালনা কৰিব নোৱাৰিব৷এই ভাৰতীয় সাংবিধানিক ব্যৱস্থাৱলীক ‘সমঅধিকাৰবাদ’ (Eqalitarianism) বুলি জনা যায়৷ ‘আইনী সমঅধিকাৰবাদ’ এই নিৰ্দিষ্ট তাত্ত্বিক ধাৰণাৰ সুত্ৰটো সাম্প্ৰতিক সময়ত গণতান্ত্ৰিক কল্যাণকা...
ফেচবুক অহাৰে পৰা  (জয়ন্ত কুমাৰ ডেকা)

ফেচবুক অহাৰে পৰা (জয়ন্ত কুমাৰ ডেকা)

CURRENT TOPIC
কোনে কয় অসমীয়া মানুহে অধ্যয়ন আৰু চিন্তা কৰিবলৈ বাদ দিছে বুলি? বাতৰি কাকত আৰু আলোচনীৰ প্ৰচলন কম হোৱা বাবেই অনুভৱ হয় নেকি আমাৰ মানুহৰ অধ্যয়ন স্পৃহা আৰু চিন্তা কৰাৰ শক্তি কমি অহা বুলি.../ কিন্তু ফেচবুক অহাৰে পৰা মানুহৰ চিন্তা আৰু বিষয়ভিত্তিক চৰ্চা কৰাৰ উদ্দেশ্যে দিয়া দৌৰ দেখিলে আপুনি আচৰিত হৈ নুঠে নে? যিদৰে মাখিয়ে গুৰ দেখিলেই পাছে পাছে উৰে, ঠিক তেনেদৰেই বিষয়বস্তু দেখিলেই জ্ঞান (?) লাভৰ উদ্দেশ্য ফেচবুকত দিয়া দৌৰবোৰ নিশ্চিতভাৱেই একে পৰ্যায়ৰে নহয় নে? ঠিক আছে বাৰু মানিলো, একাংশৰ বাবে নহয়৷ কিc.../// ফেচবুকত যেতিয়া কিছু দৃশ্যপট দুচকুত পৰে, তেতিয়াই অনুভৱ হয় আমাৰ সমাজত যেন এক নতুন ধৰণৰ মানসিক শক্তিয়ে অৱস্থান কৰিবলৈ আৰম্ভ কৰিছে৷ অৱশ্যে এইয়া ভাল নে বেয়া একেষাৰে কোৱাটো কঠিন৷ কাৰণ ই মানুহক মূহূৰ্তত মায়াত বন্দী কৰি মুহূৰ্ততে মোক্ষপ্ৰাপ্তিৰ কথা কয়..., মুহূৰ্তত মানৱ প্ৰেমৰ কথা সুঁৱৰাই মুহূৰ...
চিকিৎসা গাফিলতি আৰু আইন  (মুখলিছা ফাৰহানা ৰহমান)

চিকিৎসা গাফিলতি আৰু আইন (মুখলিছা ফাৰহানা ৰহমান)

CURRENT TOPIC
ৰোগীসকলৰ বাবে চিকিৎসকসকল ভগবানৰ দূতস্বৰূপ৷ ৰোগী তথা ৰোগীৰ অভিভাৱকসকলে চিকিৎকসকলৰ ওপৰতে সম্পূৰ্ণ নিৰ্ভৰশীল হয় আৰু তেনেদৰে আৰোগ্য লাভৰ কামনা কৰে৷ কিন্তু কেতিয়াবা কেতিয়াবা চিকিৎসকসকলৰ অমনোযোগিতা তথা গাফিলতিৰ বাবেও বহু সংখ্যক ৰোগীয়ে দুৰ্ভোগ যাতনা ভুগিবলগীয়া হয়৷ কিছুসংখ্যক ৰোগীয়ে ভুল চিকিৎসাৰ বাবে আজীৱন কষ্ট ভোগ কৰিবলগীয়া হয়৷ বৰ্তমান সময়ত কিছুসংখ্যক অসাধু চিকিৎসা কৰ্মীয়ে এই বৃত্তিক ধন ঘটাৰ আহিলা ৰূপে ব্যৱহাৰ কৰাৰ ফলত ৰোগীৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ সততে উত্থাপিত হোৱা দেখা যায়৷ৰোগ নিৰ্ণয়ত বেমেজালি, ৰোগ নিৰ্ণয়ত পলম হোৱা, অনাৱশ্যকীয় তথা ভুল শল্য চিকিৎসা, ভুলভাবে এনাস্থেচিয়া প্ৰয়োগ, অন্যান্য চিকিৎসা গাফিলতি আদি এনে গাফিলতি বা Negligenceৰ ভিতৰত পৰে৷ এনেবোৰ গাফিলতিৰ ক্ষেত্ৰত ভুক্তভোগীগৰাকীয়ে আইনৰ সহায় লৈ সংশ্লিষ্ট চিকিৎসক, চিকিৎসা কৰ্মী, কতৃৰ্পক্ষ বা চিকিৎসা প্ৰতিষ্ঠানৰ বিৰুদ্ধে গ...
আমেৰিকাৰ ডায়েৰী (১৫) – গীতাঞ্জলি বৰুৱা

আমেৰিকাৰ ডায়েৰী (১৫) – গীতাঞ্জলি বৰুৱা

CURRENT TOPIC, SERIES STORY
বিদেশত নিজৰ দেশৰ পৰিৱেশ এটাৰ লগতে আপোন মানুহক লগ পোৱাৰ আমেজেই সুকীয়া৷ Minnesota Hindu Temple ১ ভিতৰত সোমাই গৈ এনে লাগিল মই যেন ভাৰতৰে মন্দিৰ এটাতহে প্ৰৱেশ কৰিছোঁ৷ দক্ষিণ ভাৰতৰ মন্দিৰৰ আৰ্হিত নিৰ্মিত মন্দিৰটোৰ ভিতৰলৈ সোমাই গ’লে মনটো শাত পৰি যায়৷ পুৰোহিতসকলো দক্ষিণ ভাৰতীয় যেনে লাগিল তেওঁলোকৰ মাজত হোৱা কথা-বাৰ্তাৰ পৰা৷এটি সৎ উদ্দেশ্য আগত ৰাখি ২০০৬ চনত Hindu Society of Minnesota ১ সহযোগত আৰু বহুতো লোকৰ দান-বৰঙণিৰ সহায়ত প্ৰায় ৪৩০০০ sqft. এলেকা জুৰি থকা এই মন্দিৰটো স্থাপিত কৰিছে Maple Grove, Minnesota ত৷ North America ১ ভিতৰত অন্যতম বৃহৎ মন্দিৰটো চোৱাৰ হেঁপাহেৰে আমি দুয়ো ওলালো বতৰ বৰ সুবিধাজনক নহয় যদিও৷ ঠাণ্ডা যাবলৈকে মন নকৰে বহু দিনলৈ Monnesota ত৷ Snow বোৰ দেখি দেখি আমনি লাগিছিল গৈ৷ ক’ৰ পৰানো আহে জানো হিম চেঁচা বতাহ এজাক৷ তথাপি আমি দুয়ো ওলালো সন্ধিয়া প্ৰায় ৩টা মান বজাত, আধাঘণ্ট...
জৰ্দা পোলাও বা মিঠা পোলাও  (জেৰিন হাজৰিকা)

জৰ্দা পোলাও বা মিঠা পোলাও (জেৰিন হাজৰিকা)

CURRENT TOPIC, RECIPE
সামগ্ৰী ঃচাউল একাপচেনী আধা কাপশুকান নাৰিকল এফালঅলপ মান ড্ৰাই ম্ফ্ৰুটছঘি তিনি চাহ চামুচখোৱা ৰং অকণমানপ্ৰথমে চাউলখিনি সিজাই ল’ব৷ কেৰাহীত গৰম কৰি তাত ঘি, নাৰিকল সৰুকৈ কুটি লৈ, আৰু ড্ৰাই ম্ফ্ৰুটছখিনি দি অলপ ভাজিব৷ এইবাৰ সিজাই লোৱা চাউলখিনি দি তাত চেনী দিব৷ প্ৰায় ১০ মিনিট মান কম জুইত ৰাখিব৷ তাৰ পাছত পৰিৱেশন কৰিব৷সজাবৰ বাবে চেৰী আৰু টুটি ম্ফ্ৰুতি দিব পাৰে৷খুব কম সময়তে আৰু কম খৰচতে বনাব পৰা এবিধ মিঠা জলপান৷ মিনি মোগলাই পৰাঠাসামগ্ৰী ঃকুটি লোৱা কুকুৰা মাংস৷২ কাপ ময়দা৷ৰ টা কণী৷প্ত টা পিয়াজ৷২ টা কেঁচাজলকীয়া৷ৰিফাইন ৬ চাহ চামুচ৷আদা, নহৰু পেষ্ট এক চামুচ৷জীৰা, ধনীয়া, গৰম মচলাৰ গুৰা অলপমান৷নিমখ সোৱাদ অনুসৰি৷পদ্ধতি ঃপ্ৰথমে কুটি লোৱা মাংসখিনি সিজাই ল’লো৷ কেৰাহীত সামান্য তেল গৰম কৰি তাত উপৰোক্ত সকলো সামগ্ৰী দি অলপ সময় লৰাই থাকিলোঁ৷ দহ মিনিট মান ৰাখি জুইৰ পৰা নম...
ডায়েটিঙৰ প্ৰকৃত অৰ্থ  (নীৰৱ মন শৰ্মা)

ডায়েটিঙৰ প্ৰকৃত অৰ্থ (নীৰৱ মন শৰ্মা)

CURRENT TOPIC, HEALTH
প্ৰায়ে কিছুমান মানুহ লগ পাওঁ যিসকলে মোক কয় যে ‘‘ডায়েটিং কৰি কৰি মোৰ গেছট্ৰিক হৈছে’’, ‘‘ ডায়েটিং কৰি ক্সাৰচাইজ কৰিলে মোৰ বহুত ভাগৰ লাগে’’, ‘‘ডায়েটিং কৰিলে আজিকালি মুৰ ঘূৰায়’’, ‘‘ডায়েটিং কৰাৰ পিছৰ পৰাই মোৰ বাঢ়িছে, লিভাৰ ভানচনত খেলিমেলি আহিছে’’, ইত্যাদি ইত্যাদি৷সঁচা কথাটো হ’ল যদি ডায়েটিং কৰি আপোনালোকে এনেকুৱা অসুবিধাৰ সন্মুখীন হৈ আছে তেন্তে আপোনালোকে সঠিক ডায়েট ফ্ল’ কৰি থকাই নাই৷ আপোনালোকৰ ডায়েটত কিবা নহয় কিবা এটা ভুল হৈ আছে৷বহুতে ডায়েটিং মানে কেবল বইল আৰু সোৱাদ নোহোৱাৰ লগতে বহুত দামী দামী খাদ্য খোৱাটোকহে বুজে৷ বহুতে আকৌ ডায়েটিং মানে ভাত, মাছ, মাংস খোৱা বন্ধ কৰি দিয়াটো বুজে৷ কিছুমানে আকৌ ডায়েটিং মানে ‘‘মই আজিকালি একোৱেই নাখাওঁ’’ বুলি কয়৷ এনেকুৱা কিছুমান ভুল চিন্তাধাৰাৰ কাৰণেই বহুত মানুহৰ মাজত ওপৰত উল্লেখ কৰা অসুবিধাবোৰ দেখা যায়৷সকলো মানুহৰে দৈনিক শাৰীৰিক শক্তি অপচয় কৰিবলৈ ২৪...
গল্পকাৰ জ্যোতিপ্ৰসাদ  (দিপাংকৰ গগৈ)

গল্পকাৰ জ্যোতিপ্ৰসাদ (দিপাংকৰ গগৈ)

CURRENT TOPIC
অসমীয়া সমাজ, সংস্কৃতি আৰু সভ্যতাৰ উত্তৰণৰ বাবে যিসকল বিশিষ্ট ব্যক্তিয়ে নিৰলস আৰু নিৰবিচ্ছিন্নভাৱে সেৱা আগবঢ়ালে, সেইসকলৰ ভিতৰত অন্যতম জ্যোতিপ্ৰসাদ আগৰৱালা৷ যি সময়ত অসমীয়া জাতীয় জীৱনক এক ধূসৰিত আন্ধাৰে আৱৰি ধৰিছিল, সেই সময়তে এইগৰাকী বৰেণ্য ব্যক্তিৰ আবিৰ্ভাৱ হৈছিল৷ ‘‘জ্যোতিপ্ৰসাদৰ দৰে সৌন্দৰ্য আৰু কলাৰ সুকীয়া ধ্যান-ধাৰণাৰে পুষ্ট চিন্তাশীল ব্যক্তি অসমৰ শিল্পচিন্তাৰ নিস্তেজ পৰিমণ্ডলত সঁচাকৈয়ে অনান্য৷’’ (পুষ্ঠা ঃ ২০৬; শিল্পীৰ আলোক যাত্ৰা) জ্যোতিপ্ৰসাদৰ ব্যক্তিত্ব আছিল এক কথাত সুন্দৰৰ পূজাৰী৷ তেখেতৰ প্ৰতিটো সৃষ্টিৰাজিত, প্ৰতিটো চিন্তাত আৰু প্ৰতিটো কৰ্মত ফুটি উঠে পৃথিৱীৰ সকলো কলুষতাক সুন্দৰতালৈ পৰ্যবসিত কৰিব পৰা দৃষ্টি৷ তেখেতৰ চিন্তাৰ এই আদৰ্শই অসমৰ সমাজ-সংস্কৃতি আৰু সভ্যতাক বহুদুৰ আগুৱাই নিয়াৰ সমান্তৰালভাৱে তেখেতৰ দ্বাৰা সৃষ্ট সাহিত্যৰাজিয়ে অসমীয়া সাহিত্যক সমৃদ্ধ কৰি থৈ গৈছে৷ বহ...